শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰস্ৰাৱৰ সময়ত বেছি ফেন উঠে নেকি? তেন্তে হ’ব পাৰে বৃক্কৰ সমস্যা!

প্ৰস্ৰাৱৰ সময়ত ফেন উঠাটো সাধাৰণ যেন লাগিলেও কেতিয়াবা গুৰুতৰ সমস্যা হ'ব পাৰে। এয়া নেফ্ৰটিক চিনড্ৰমৰো লক্ষণ হ'ব পাৰে। নেফ্ৰটিক চিনড্ৰম হৈছে বৃক্কৰ সমস্যা। এই চিনড্ৰম যিকোনো বয়সৰ লোকৰে হ'ব পাৰে, কিন্তু শিশুৰ ক্ষেত্ৰত এই সমস্যা বেছি। যেতিয়া বৃক্কই প্ৰস্ৰাৱৰ দ্বাৰা শৰীৰৰ পৰা অতিৰিক্ত প্ৰটিন আঁতৰাবলৈ আৰম্ভ কৰে, তেতিয়া নেফ্ৰটিক চিনড্ৰম হয়। নেফ্ৰটিক চিনড্ৰম কি? ইয়াৰ কাৰণ আৰু লক্ষণসমূহ জানি লওক

প্ৰস্ৰাৱৰ সময়ত বেছি ফেন উঠে নেকি? তেন্তে হ’ব পাৰে বৃক্কৰ সমস্যা!
প্ৰস্ৰাৱত বেছি ফেন উঠে নেকি? Image Credit source: GettyImages
barasha-misra
Barasha Misra | Updated On: 06 Sep 2025 15:37 PM

Cause Of Nephrotic Syndrome: নেফ্ৰটিক চিনড্ৰম হৈছে বৃক্ক সম্পৰ্কীয় সমস্যা। ই কোনো ৰোগ নহয় বৰঞ্চ বহুতো লক্ষণৰ গোট যিটো বৃক্ক সঠিকভাৱে কাম নকৰাৰ বাবে দেখা দিয়ে। এই চিনড্ৰম যিকোনো বয়সতে হ’ব পাৰে। যদিও শিশুৰ ক্ষেত্ৰত এই সমস্যা বেছি। যেতিয়া বৃক্কই শৰীৰৰ পৰা প্ৰস্ৰাৱৰ সৈতে অধিক প্ৰটিন আঁতৰাবলৈ আৰম্ভ কৰে, তেতিয়া নেফ্ৰটিক চিনড্ৰমৰ সম্ভাৱনা বৃদ্ধি পায়। বৃক্কই শৰীৰত থকা বিষাক্ত পদাৰ্থ আঁতৰাই শৰীৰক বিষমুক্ত কৰাৰ কাম কৰে। যেতিয়া কিছুমান কাৰণত বৃক্কই সঠিকভাৱে কাম কৰিব নোৱাৰে, তেতিয়া শৰীৰত ফুলাৰ সমস্যা হ’ব পাৰে। ডায়েবেটিছ ৰোগেও এই চিনড্ৰমৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। নেফ্ৰটিক চিণ্ড্ৰম কি আৰু ইয়াৰ কাৰণ জানো আহক।

নেফ্ৰটিক চিনড্ৰম কি?

ৱেব এমডিৰ মতে, নেফ্ৰটিক চিনড্ৰম এটা বৃক্কজনীত সমস্যা, যিটো ২ৰ পৰা ৬ বছৰৰ ভিতৰৰ শিশুৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়। বৃক্কে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই শৰীৰক বিষমুক্ত কৰাৰ কাম কৰে, কিন্তু যেতিয়া বৃক্কত থকা ফিল্টাৰৰ ফুটাবোৰ ডাঙৰ হৈ পৰে তেতিয়া বৃক্কই প্ৰস্ৰাৱৰ লগতে প্ৰ’টিন নিৰ্গত কৰিবলৈ আৰম্ভ কৰে। প্ৰ’টিনৰ অভাৱৰ বাবে নেফ্ৰটিক চিনড্ৰম বৃদ্ধি পায়। প্ৰ’টিনৰ অভাৱৰ বাবে পেটত ফুলা আৰু বিষ, চকুৰ সমস্যা আৰু কলেষ্টেৰল বৃদ্ধি হ’ব পাৰে। নেফ্ৰটিক চিণ্ড্ৰমে বৃক্কৰ লগতে চকু আৰু ছালত প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে।

নেফ্ৰটিক চিণ্ড্ৰমৰ কাৰণ

  • ডায়েবেটিছ বৃদ্ধিৰ বাবে
  • বৃক্ক সঠিকভাৱে কাম নকৰা
  • পানীৰ অভাৱ
  • ঔষধৰ পাৰ্শ্বক্ৰিয়া
  • জিনীয় সমস্যা
  • হেপাটাইটিছ বি আৰু চি
  •  বৃক্ক ফুলা

নেফ্ৰটিক চিণ্ড্ৰমৰ লক্ষণ

  • দুৰ্বলতা
  • ক্লান্তি
  • ভোক কমি যোৱা
  •  হঠাতে ওজন বৃদ্ধি
  • ছালৰ ঘা আৰু ফোঁহা
  • প্ৰস্ৰাৱত ফেন উঠা
  • প্ৰস্ৰাৱ ৰঙা বা গাঢ় হালধীয়া
  • ছাল শুকান হোৱা
  • কলেষ্টেৰল বৃদ্ধি

নেফ্ৰটিক চিণ্ড্ৰমৰ ফলত জটিলতা

  • ৰক্ত জমা হোৱা
  • উচ্চ ৰক্তচাপ
  • উচ্চ কলেষ্টেৰল
  • বৃক্ক বিকল হোৱা
  •  বৃক্কৰ ক্ষতি
  • নিউমোনিয়া
  • মেনিনজাইটিছ

লগতে পঢ়ক- গুপ্তাংগত সৰু সৰু ফোঁহা ওলাইছে নেকি?