গুপ্তাংগত সৰু সৰু ফোঁহা ওলাইছে নেকি? ই কোনো ৰোগৰ ইংগিত নেকি জানক
Pimples Around Female Private Part: গৰমত শৰীৰৰ ব্যক্তিগত অংশত ফোঁহা হয় নেকি? কিদৰে আপুনি Vaginal Bumps নিৰাময় কৰিব পাৰিব আৰু ই কোনো ৰোগৰ লক্ষণ নেকি জানক...

গৰমৰ দিনত ঘাম, টান কাপোৰ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱৰ বাবে ব্যক্তিগত অংশত ফোঁহা ওলোৱাটো সাধাৰণ কথা। এইবোৰে অস্বস্তি বৃদ্ধি কৰাই নহয় সংক্ৰমণৰ আশংকাও সৃষ্টি কৰিব পাৰে। যদি আপুনি এই সমস্যাৰ দ্বাৰা বাৰে বাৰে অশান্তি পাইছে, তেন্তে কিছুমান ফলপ্ৰসূ ঘৰুৱা প্ৰতিকাৰে আপোনাক সহায় কৰিব পাৰে।
ব্যক্তিগত অংশত ফোহা হোৱাৰ কাৰণ –
Medical News Today ৰ মতে ব্যক্তিগত অংশৰ ছাল অতি সংবেদনশীল। ইয়াত ঘাম, টাইট আণ্ডাৰৱেৰ, নোমৰ গুৰিত বেক্টেৰিয়া জমা হোৱাৰ বাবে ফোঁহা ওলায়। ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু উপযুক্ত যত্ন লোৱাৰ প্ৰয়োজন।
এই ঘৰুৱা উপায়বোৰ ( Home Remedies For Vaginal Bumps )
পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লওকঃ হাত ভালদৰে ধুই কুহুমীয়া পানীৰে বাহ্যিক অংশ পৰিষ্কাৰ কৰক। তাৰ পিছত পৰিষ্কাৰ টাৱেলেৰে শুকুৱাই লওক। লেতেৰা কাপোৰ বা পুনৰ ব্যৱহাৰ কৰা কপাহী পেড ব্যৱহাৰ নকৰিব।
ঢিলা আৰু কপাহী আণ্ডাৰৱেৰ পিন্ধিবঃ টান আণ্ডাৰৱেৰ পিন্ধিলে ছালত ঘাম জমা হয় আৰু ঘৰ্ষণৰ ফলত সমস্যা বাঢ়ি যায়। এনে পৰিস্থিতিত কোমল আৰু ঢিলা কপাহী আণ্ডাৰগাৰ্মেণ্ট পিন্ধিলে ভাল হ’ব।
সমাধানৰ উপায়
- এটা টাবত কুহুমীয়া পানী আৰু অলপ নিমখ মিহলাই তাত ১০ মিনিট বহিব। এই পদ্ধতিৰে বিষ আৰু ফুলা দুয়োটাৰে পৰা সকাহ পাব।
- টি ট্ৰি অইলত এন্টিবেক্টেৰিয়েল আৰু এন্টি-ইনফ্লেমেটৰী গুণ থাকে, যাৰ ফলত ফোহাৰ আকাৰ হ্ৰাস পাব পাৰে। নাৰিকল তেলৰ লগত মিহলাই কপাহেৰ লগাব পাৰে।
- এলোভেৰা জেলে ফুলা কমায় আৰু ছালখন ঠিক কৰে। এলোভেৰা জেল ২০ মিনিট লগাই কুহুমীয়া পানীৰে ধুব।
- আপেল চাইডাৰ ভিনেগাৰে ছালৰ পি এইচ ভাৰসাম্য ৰক্ষা কৰে আৰু বেক্টেৰিয়াৰ পৰা ৰক্ষা কৰে। পানীত মিহলাই কপাহৰ লগত লগালে কিছু সময়ৰ পিছত ধুই পেলাওক।
কি নকৰিব?
- ফোঁহা ভাঙিব নালাগে।
- কঠিন চাবোন বা ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ নকৰিব।
- বেছি জোৰেৰে স্ক্রাব নকৰিব আৰু নুধুব।
কেতিয়া চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে?
যদি ফোঁহা বাঢ়িছে, বহুত বিষ হৈছে বা তাত পূজ জমা হৈ আছে, তেন্তে পলম নকৰাকৈ চিকিৎসকৰ পৰামৰ্শ লওক। যদি এই সমস্যা বাৰে বাৰে হৈ আছে, তেন্তে পৰীক্ষা কৰাটো প্ৰয়োজনীয়।