শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অতিৰিক্ত ভিটামিন D য়ে কৰিব পাৰে বৃক্ক বিকল, হাৰ্ট ফেইল! জানক ইয়াৰ লক্ষণসমূহ…

শৰীৰৰ বাবে ভিটামিন D প্ৰয়োজনী। কিন্তু ইয়াৰ মাত্ৰা যেতিয়া অধিক হৈ পৰে তেতিয়াও ডাঙৰ সমস্যা হ'ব পাৰে। শৰীৰে পৰিমাণতকৈ অধিক ভিটামিন ডি লাভ কৰিলে বৃক্ক বিকলো হ'ব পাৰে।

অতিৰিক্ত ভিটামিন D য়ে কৰিব পাৰে বৃক্ক বিকল, হাৰ্ট ফেইল! জানক ইয়াৰ লক্ষণসমূহ…
ভিটামিন ডিImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 19 Aug 2025 13:19 PM

বিশেষকৈ সূৰ্যৰ ৰশ্মিৰ পৰা আমাৰ শৰীৰে ভিটামিন ডি (Vitamin D) লাভ কৰে। ই আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। বহু সময়ত ইয়াৰ অভাৱ শৰীৰত হোৱা দেখা যায়। এনে অৱস্থাত বহুতো ভিটামিন ডিৰ ছপ্লিমেন্ট ল’বলৈ আৰম্ভ কৰে। ভিটামিন ডিয়ে হাড় মজবুত কৰা, ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে বিভিন্ন কামৰ বাবে প্ৰয়োজনীয়। কিন্তু আপুনি জানেনে, অতিৰিক্ত ভিটামিন ডিয়ে আমাৰ শৰীৰত বেয়া প্ৰভাৱ পেলাব পাৰে?

ভিটামিন ডিৰ পৰিমান বেছি হোৱা বাবে ২০২৪ চনত ব্ৰিটেইনত এজন ৮৯ বছৰীয়া বৃদ্ধৰ মৃত্যু হৈছিল। এই সন্দৰ্ভত চিকিৎসকে কৈছিল যে ব্যক্তিগৰাকীয়ে ভিটামিন ডিৰ অভাৰডোজ লৈছিল। যাৰ বাবে হাৰ্ট ফেইল আৰু বৃক্ক বিকল হৈছিল। গতিকে সাধাৰণ মানুহৰ বাবে কিমান ভিটামিন ডিৰ প্ৰয়োজন, এই বিষয়ে লেখাটোত উল্লেখ কৰা হ’ল।

সাধাৰণ মানুহৰ বাবে কিমান প্ৰয়োজন

স্বাস্থ্য বিশেষজ্ঞৰ মতে, ১৯ ৰ পৰা ৭০ বছৰীয়া ব্যক্তিৰ বাবে প্ৰতিদিনে ১৫ মাইক্ৰোগ্ৰম (MCG) ভিটামিন ডিৰ প্ৰয়োজন। ইয়াৰ বিপৰীতে ৭০ বছৰৰ ওপৰৰ লোকৰ বাবে ২০ মাইক্ৰোগ্ৰাম ভিটামিন ডিৰ প্ৰয়োজন। এজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে সবাতোকৈ বেছি ১০০ মাইক্ৰগ্ৰাম লব পাৰে। যদি ইয়াতকৈও বেছি হয় তেন্তে ই শৰীৰৰ বাবে বিহৰ দৰে হয়। বহু সময়ত ১০০ মাইক্ৰোগ্ৰামো বিপদজনক হ’ব পাৰে।

পৰিমাণ বেছি হ’লে কি হয়

শৰীৰত ভিটামিন ডিৰ মাত্ৰা বেছি হ’লে তেজত কেলছিয়ামৰ পৰিমাণ বৃদ্ধি হয়। ইয়াৰ লক্ষণসমূহ যেনে-

  • বমি,
  • বমি ভাব
  • কৌষ্ঠকাঠিন্য
  • পেটৰ বিষ
  • ভোক নলগা আদি।

যেতিয়া এই সমস্যা গুৰুতৰ হৈ পৰে তেতিয়া-

  • ব্যক্তিৰ মূৰ ঘূৰোৱা,
  • বৃক্কৰ লগত জড়িত সমস্যা,
  • হাড়ৰ বিষ,
  • মাংসপেশীৰ বিষ,
  • হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ সৃষ্টি হয়।

কি প্ৰভাৱিত হয়

ভিটামিন ডিৰ পৰিমাণ বেছি হ’লে সবাতোকৈ আগত বৃক্কত প্ৰভাৱ পৰে। নেশ্যেনেল ইনষ্টিটিউট অৱ হেল্থৰ মতে, ইয়াৰ ফলত বৃক্কত পাথৰ, কেলছিয়াম জমা হোৱা, বৃক্ক বিকল আদি হ’ব পাৰে। ইয়াৰ পাছত হৃদযন্ত্ৰত প্ৰভাৱ পৰে। যাৰ বাবে হাৰ্ট এটেক আহিব পাৰে।

গতিকে সদায় পৰ্যাপ্ত অনুসৰি সকলো বস্তু গ্ৰহণ কৰিব লাগে। ইয়াৰোপৰি কেতিয়াবা শৰীৰত ভিটামিন ডিৰ অভাৱ হোৱাও দেখা যায়। ইয়াৰ ফলতো সমস্যা হ’ব পাৰে। গতিকে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল। আপুনিও যদি শৰীৰত ওপৰোক্ত লক্ষণসমূহ দেখা পাইছে তেন্তে চিকিৎসকৰ ওচৰলৈ যাব পাৰে।

 

অন্য খবৰ পঢ়কঃ প্ৰস্ৰাৱৰ ৰং গাঢ়, মূৰৰ বিষ…ই কিহৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…