শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস আছে নেকি? সাৱধান, হ’ব পাৰে এই ডাঙৰ সমস্যা…

আজিকালি প্ৰায়ভাগ মানুহৰ বাবে মোবাইল অতি জৰুৰী হৈ পৰিছে। পুৱা সাৰপাই উঠাৰ পৰা নিশা শুৱালৈকে মোবাইল ফোন ব্যৱহাৰ কৰে। বহুতে বাথৰুমত মোবাইল ফোন লৈ যায়। ইয়ে ডাঙৰ সমস্যা সৃষ্টি কৰিব পাৰে।

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস আছে নেকি? সাৱধান, হ’ব পাৰে এই ডাঙৰ সমস্যা…
বাথৰুমত মোবাইল ব্যৱহাৰImage Credit source: GettyImages
Barasha Sarma
Barasha Sarma | Published: 19 Aug 2025 13:43 PM

আজিকালি পুৱা শুই উঠাৰ পৰা নিশালৈকে মোবাইলৰ প্ৰয়োজন। একাংশৰ বাবে মোবাইলৰ ব্যৱহাৰ আসক্তিৰ দৰে হৈ পৰিছে। সকলো সময়তে মোবাইল লাগে। শিশুৰ পৰা বৃদ্ধলৈকে, আজিকালি বহুতে বেছিভাগ সময় মোবাইলত ব্যস্ত হৈ থকা দেখা যায়। মেছেজ, ফোনৰ পৰা আৰম্ভ কৰি গান শুনা, ভিডিঅ চোৱালৈকে। মুঠতে মোবাইল নহলে একাংশৰ বাবে দিনটো নাযায় নুপুয়ায়।

কিছুমানে আনকি বাথৰুমলৈও ফোন লৈ যোৱা দেখা যায়। দেখা যায় যায়, শৌচ কৰি থকাৰ সময়ত বহুতে মোবাইলত ভিডিঅ’ চাই থাকে বা কিছুমানে মেছেজ কৰি থাকে। বহুতে এনেকৈ গমে নাপাই যে বাথৰুমত কিমান সময় কটায়। কিন্তু আপুনি জানেনে, এই অভ্যাসে আপোনাৰ বিপদ মাতি আনিব পাৰে? এই সন্দৰ্ভত বেংগালুৰুৰ চি এম আই হাস্পতালৰ চিকিৎসক হেমা কৃষ্ণ পিয়ে এক সাক্ষাৎকাৰত সবিশেষ জনায়।

হ’ব পৰা সমস্যাসমূহ

১) চিকিৎসকে কয় যে আপুনি যদি প্ৰায়ে ফোনটো লৈ বাথৰুমত বহি থাকে তেন্তে ই অভ্যাসত পৰিণত হ’ব পাৰে। ইয়াৰ ফলত শৌচৰ সময় দীঘলীয়া হ’ব। যি শৰীৰৰ বাবে ভাল নহয়।

২) যিসকলে বেছিকৈ বাথৰুমত মোবাইল ফোনৰ ব্যৱহাৰ কৰে সেই সকলে মানসিক সমস্যাত ভুগিব পাৰে। বহুতৰ ক্ষেত্ৰত এনে হৈ পৰে যে মোবাইল ফোন আসক্তিৰ দৰে হৈ পৰে আৰু মল-মূত্ৰ মোবাইলৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে।

৩) চিকিৎসকে কয় যে বাথৰুম বেক্টেৰিয়াৰ প্ৰজনন ক্ষেত্ৰ। গতিকে বাথৰুমত বহি মোবাইল ফোন ব্যৱহাৰ কৰিলে মোবাইলৰ স্ক্ৰীণত বেক্টেৰিয়া জমা হ’ব পাৰে। তেনে অৱস্থাত সেই বেক্টেৰিয়াটো আপুনি গোটেই দিনটো লগত লৈ ফুৰে। সেই ফোনটো হাতত লৈ আপুনি ঘূৰি ফুৰে। ফলত এই বেক্টেৰিয়া আপোনাৰ শৰীৰৰ বিভিন্ন অংশলৈ বিয়পিব পাৰে।

৪) বহুতে বাথৰুমত বহি ৰীল চাই থকা দেখা যায়। দীৰ্ঘসময় ধৰি ৰীল চাই থাকিলে ই অভ্যাসত পৰিণত হ’ব পাৰে। এনেকৈ থকাৰ বাবে ডিঙিৰ বিষ বা কঁকালৰ বিষ হ’ব পাৰে।

৫) মোবাইল চাই থকাৰ ফলত ডিঙিটো তললৈ কৰি থাকিবলগীয়া হয়। ইয়াৰ প্ৰভাৱ কঁকালত পৰিব পাৰে। যাৰ বাবে ই স্পণ্ডাইলাইটিছৰ সম্ভাৱনাৰ বৃদ্ধি কৰে।

 

অন্য খবৰ পঢ়কঃ অতিৰিক্ত ভিটামিন D য়ে কৰিব পাৰে বৃক্ক বিকল, হাৰ্ট ফেইল! জানক ইয়াৰ লক্ষণসমূহ…