শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভৰিৰ আঙুলি, তলুৱা আদিৰ বিষ হৈ থাকে নেকি? আওকান নকৰিব, হ’ব পাৰে এই সমস্যাৰ লক্ষণ…

আজিকালি বিভিন্নজনৰ ইউৰিক এচিড বৃদ্ধি হোৱাৰ সমস্যাই দেখা দিছে। এই ক্ষেত্ৰত কিছুমান লক্ষণে দেখা দিয়ে। গতিকে ইয়াৰ লক্ষণৰ বিষয়ে জনা উচিত।

ভৰিৰ আঙুলি, তলুৱা আদিৰ বিষ হৈ থাকে নেকি? আওকান নকৰিব, হ’ব পাৰে এই সমস্যাৰ লক্ষণ…
ইউৰিক এচিডৰ লক্ষণImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 14 Sep 2025 22:57 PM

ইউৰিক এচিডৰ স্তৰ বৃদ্ধি (হাইপৰয়ুৰিছিমিয়া) আজিকালি এক সাধাৰণ সমস্যাৰ দৰে হৈ পৰিছে। বিশেষকৈ জীৱনশৈলী, খাদ্য আদিৰ বাবে মানুহৰ এনে সমস্যা হ’বলৈ ধৰে। আমাৰ খাদ্যত থকা পুৰিন নামৰ উপাদান এই সমস্যাৰ লগত জড়িত। যেতিয়া শৰীৰত পুৰিনবোৰ ভাঙে তেতিয়া তাৰ বায়-প্ৰডাক্ট ইউৰিক এচিড গঠন হয়। সাধাৰণতে বৃক্কই প্ৰস্ৰাৱৰ জৰিয়তে ইউৰিক এচিডক বাহিৰত উলিয়াই দিয়ে কিন্তু যেতিয়া ইউৰিক এচিড বৃদ্ধি হয় তেতিয়া সমস্যাৰ সৃষ্টি হয়।

ইয়াৰোপৰি কিডনীয়ে সঠিকভাৱে কাম কৰিব নোৱাৰিলে শৰীৰৰ পৰা ইউৰিক এচিড বাহিৰলৈ ওলাব নোৱাৰে আৰু তেজত জমা হ’বলৈ ধৰে। পাছত লাহে লাগে ই গাঁঠি আৰু কলাত গঠন হ’বলৈ ধৰে। যাৰ ফলত বিষ, ফুলা, ৰঙা পৰা, গাউটৰ দৰে সমস্যা হ’বলৈ ধৰে।

হেলথ লাইনৰ মতে, দেহত ইউৰিক এচিডৰ পৰিমাণ জানিবলৈ হ’লে স্বাস্থ্য পৰীক্ষা কৰা দৰকাৰ। কিন্তু আমাৰ দেহতো বিভিন্ন লক্ষণে দেখা দিয়ে যাৰ দ্বাৰা শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি হোৱা বুলি জানিব পাৰি। এই লক্ষণবোৰ সাধাৰণ বাবে মানুহে আওকান কৰে। কিন্তু দীৰ্ঘদিন আওকান কৰিলে সমস্যা হ’ব পাৰে। ইউৰিক এচিড বৃদ্ধি হ’লে দেখা দিয়া কেইটামান লক্ষণ-

নিশা হঠাতে ভৰিৰ বুঢ়া আঙুলিত বিষঃ ইউৰিক এচিড বৃদ্ধিৰ সাধাৰণ লক্ষণ হ’ল ভৰিৰ বুঢ়া আঙুলিটোত হঠাতে বিষ হোৱা। এই বিষ বিশেষকৈ ৰাতি হয়। এই বিষ হঠাতে ইমানেই বেছি হ’ব পাৰে যে টোপনি ভাঙি যাব পাৰে।

ভৰিৰ গোৰোহা আৰু আঠুত ফুলা বা বিষঃ ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি হ’লে গোৰোহা বা আঠুত বহুত বিষ হয়। যিসকল মানুহৰ ওজন বেছি তেওঁলোকৰ গাঠিত ফুলা, গৰম উঠা বা কেতিয়াবা ৰঙা পৰা আদি সমস্যা হ’ব পাৰে।

ভৰিৰ তলুৱাত বিষঃ কেতিয়াবা কেতিয়াবা ভৰিৰ তলুৱাতো ভয়ংকৰ বিষ হোৱা দেখা যায়। যাৰ ফলত থিয় হোৱা, খোজ কঢ়া আদিত সমস্যা হয়। ভাগৰৰ ফলত হোৱা বিষতকৈ এই বিষ সাধাৰণ হয়। কেতিয়াবা বিন্ধি থকাৰ যেন লাগে।

বাৰে বাৰে বৃক্কত পাথৰঃ যিসকলৰ ইউৰিক এচিড বৃদ্ধি হয় সেই সকলৰ বাৰে বাৰে বৃক্কত পাথৰ গঠন হয়। এনে সময়ত ককালত বিষ, হাতৰ তলৰ অংশত বিষ আদি সমস্যাৰ সৃষ্টি হয়।

গাঁঠিবোৰ ৰঙা হোৱাঃ ইউৰিক এচিড বৃদ্ধি হোৱাৰ ফলত ছাল ৰঙা হোৱা বা চিকচিকীয়া হ’ব পাৰে। ইয়াৰোপৰি ছাল টানি ধৰা, গৰম হোৱা আদি হ’ব পাৰে।

 

গতিকে এনে লক্ষণসমূহ দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ।

 

অন্য খবৰ পঢ়কঃ হঠাতে ওজন বৃদ্ধি, মুড পৰিবৰ্তন…মহিলাসকলে সাধাৰণভাৱে ল’ব নালাগে এইকেইটা লক্ষণ…