হঠাতে ওজন বৃদ্ধি, মুড পৰিবৰ্তন…মহিলাসকলে সাধাৰণভাৱে ল’ব নালাগে এইকেইটা লক্ষণ…
মহিলাসকলৰ দেহত হৰম'নৰ ভাৰসাম্য নোহোৱা হোৱাৰ ফলত বিভিন্ন সমস্যাই দেখা দিয়ে। ইয়াক সাধাৰণভাৱে লোৱা ঠিক নহয়। ইয়াৰ লক্ষণ চিনাক্ত কৰি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

হৰম’নে আমাৰ শৰীৰৰ বহু গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে। ই শৰীৰত কেমিকেল মেছেঞ্জাৰৰ দৰে কাম কৰে। ই পাচন ক্ৰিয়াৰ পৰা আৰম্ভ কৰি মুড, টোপনি, প্ৰজনন ক্ষমতা আৰু মাহেকীয়াৰ প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে। যেতিয়া কোনো মহিলাৰ হৰম’নৰ ভাৰসাম্য নোহোৱা হয় তেতিয়া শৰীৰে ভালদৰে কাম নকৰে। যেতিয়া ইয়াৰ বেছি ভাৰসাম্য নোহোৱা হয় তেতিয়া বিভিন্ন সমস্যাই দেখা দিয়ে। এক কথাত, হৰম’নৰ সমস্যা হ’লে শৰীৰত বিভিন্ন লক্ষণে দেখা দিয়ে। ইয়াৰ ফলত বহু ৰোগো হ’ব পাৰে।
বিশেষজ্ঞৰ মতে, যেতিয়া হৰম’নৰ লেভেল বাঢ়ি যায় বা বহু কম হয় তেতিয়া শৰীৰত ইয়াৰ সংকেত স্পষ্টকৈ দেখা যায়। কিন্তু এই লক্ষণবোৰ সাধাৰণ বুলি মানুহে আওকান কৰি চলে। ইয়াৰ ফলত চিকিৎসাত পলম হয় আৰু ৰোগীৰ সমস্যা বাঢ়ি যায়। গতিকে লক্ষণ চিনাক্ত কৰি ইয়াক সময়মতে চিকিৎসা কৰিব লাগে।
হৰম’নৰ ভাৰসাম্য নোহোৱা হোৱাৰ ফলত কেৱল মাহেকীয়া বা মুডতেই প্ৰভাৱ নপৰে ইয়াৰ ফলত লাহে লাহে হৃদযন্ত্ৰ, হাড়, প্ৰজনন ক্ষমতা, পাচন প্ৰক্ৰিয়া আদিত প্ৰভাৱ পৰে । গতিকে সময়মতে ইয়াক চিনাক্ত কৰা প্ৰয়োজন। তলত সবিশেষ উল্লেখ কৰা হ’ল-
মাহেকীয়া সমস্যাঃ মাহেকীয়া নিয়মিত নোহোৱা হৰম’নৰ সমস্যাৰ লক্ষণ হ’ব পাৰে। ইয়াৰোপৰি কেতিয়াবা মাহেকীয়াৰ ৰক্তস্ৰাৱ কম বা বেছি হোৱা, হঠাতে বন্ধ হোৱা, সময়তকৈ পূৰ্বতে হোৱা, পি চি অ এছ, থাইৰয়ড আদিৰ লক্ষণ হ’ব পাৰে।
হঠাতে ওজন বৃদ্ধি বা কমঃ যদি ডায়েট,ব্যায়াম বা কোনো কাৰণ নোহোৱাকৈ ওজন হ্ৰাস বা বৃদ্ধি হ’বলৈ ধৰে তেন্তে ই ইনচুলিন, কাৰ্টিছোল বা থাইৰয়ড হৰম’নৰ সমস্যাৰ ইংগিত হ’ব পাৰে।
অনবৰত ভাগৰুৱাঃ ভাল টোপনি আৰু জিৰণি লোৱাৰ পাছতো যদি অনবৰত ভাগৰুৱা অনুভৱ হয় তেন্তে ই হৰম’নৰ সমস্যা হ’ব পাৰে। ইয়াৰোপৰি ই হাইপোথাইৰায়ডিদম, এড্ৰিনেল ফটিগ বা প্ৰজনন হৰম’নৰ লগত জড়িত হ’ব পাৰে।
মুড পৰিবৰ্তনঃ হঠাতে খং উঠা, মুডৰ পৰিবৰ্তন আদি এষ্ট্ৰোজন আৰু প্ৰোজেষ্টেৰোনৰ পৰিবৰ্তনৰ কাৰণ হ’ব পাৰে। এয়া সাধাৰণতে পিএমএছ, পেৰিমেনোপজ বা পোষ্টপাৰ্টমত দেখা দিয়ে।
ছালৰ সমস্যাঃ ছাল তেলেতীয়া শুকান হোৱা এন্ড্ৰোজন হৰমন বৃদ্ধি বা এষ্ট্ৰেজন হৰম’ন কম হোৱাৰ লক্ষণ হ’ব পাৰে।
চুলি সৰাৰ সমস্যাঃ চুলি সৰাৰ সমস্যা, চুলি দুৰ্বল হোৱা আদি পি চি অ এছ, থাইৰয়ড আদিৰ লক্ষণ হ’ব পাৰে।
ঘামঃ নিশা বেছিকৈ ঘাম ওলোৱা বা হঠাতে শৰীৰত গৰম অনুভৱ হোৱা এষ্ট্ৰোজন লেভেলৰ বাবে পেৰিমেনোপজ আৰু পেনোপজত সাধাৰণ।
টোপনিৰ সমস্যাঃ বাৰে বাৰে টোপনি ভাঙি যোৱা, টোপনি নহা আদি প্ৰোজেষ্টেৰোন আৰু এষ্ট্ৰোজনৰ কম হোৱাৰ সংকেত হ’ব পাে।
যৌন ইচ্ছাঃ যৌন ইচ্ছা কম হোৱা এষ্ট্ৰোজন, টেষ্টোষ্টেৰোন বা থাইৰয়ড হৰম’নৰ পৰিমাণ কম হোৱাৰ বাবে হ’ব পাৰে।
পাচন তন্ত্ৰত সমস্যা: হৰমনৰ ভাৰসাম্য নোহোৱা হোৱাৰ ফলত পাচনতন্ত্ৰতো সমস্যা আহিব পাৰে।
পৰিত্ৰাণ
- সুষম খাদ্য গ্ৰহণ কৰক।
- ব্যায়াম কৰক।
- মন শান্ত ৰখাৰ চেষ্টা কৰক।
- পৰ্যাপ্ত টোপনি লওক।
- দীৰ্ঘদিন সমস্যা হৈ থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।
অন্য খবৰ পঢ়কঃ কম বয়সীয়া যুৱতীৰ কিয় হয় ছাৰ্ভাইকেল কৰ্কট ৰোগ? জানক কাৰণ, লক্ষণ আদি সকলো…