শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

শীতকালত বেছিকৈ কুহুমীয়া পানী খালে কি শৰীৰৰ কি ক্ষতি হয়? জানক চিকিৎসকৰ পৰা…

Drinking Warm Water: শীতকালত বহুতে গৰম বা কুহুমীয়া পানী খায়। এই পানীয়ে শৰীৰৰ বিভিন্ন উপকাৰ সাধন কৰে। কিন্তু বাৰে বাৰে যদি কুহুমীয়া পানী খাই ই আপোনাৰ ক্ষতি কৰিব পাৰে। এই সন্দৰ্ভত সবিশেষ জনাইছে এইমছৰ চিকিৎসকে।

শীতকালত বেছিকৈ কুহুমীয়া পানী খালে কি শৰীৰৰ কি ক্ষতি হয়? জানক চিকিৎসকৰ পৰা…
কুহুমীয়া পানীImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 25 Nov 2025 09:52 AM

শীতকালৰ লগে লগে মানুহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। উষ্ণতা হ্ৰাস পোৱাৰ লগে লগে মানুহ স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হৈ পৰে। দিনটো শৰীৰ হাইড্ৰেটেড কৰি ৰখা প্ৰয়োজন, গতিকে ঠাণ্ডাৰ দিনটো পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে। এই সময়চোৱাত বহুতে কুহুমীয়া পানী খায়। গতিকে প্ৰশ্ন হয়, ঠাণ্ডাৰ দিনত কুহুমীয়া পানী খালে কি হয়? বাৰে বাৰে কুহুমীয়া পানী খোৱা ভাল নে বেয়া?

কি হয়

ঠাণ্ডাৰ দিনত কুহুমীয়া পানীয়ে হজম শক্তি ভাল কৰে আৰু পেটত খাদ্য সোনকালে ভঙাত সহায় কৰে। ইয়াৰ লগতে ই গেছ, কৌষ্ঠকাঠিন্য, পেট ফুলা আদি সমস্যাৰ পৰা সকাহ দিয়ে। শীতকালত শৰীৰৰ বিপাকীয় ক্ৰিয়া লেহেমীয়া হয়, গতিকে কুহুমীয়া পানীয়ে শৰীৰক সক্ৰিয় কৰি ৰখাত সহায় কৰে। লগতে ডিঙি, নাক, বুুকুৰ শ্লেষ্মা ঢিলা কৰাত ই সহায় কৰে।

কুহুমীয়া পানীয়ে ক্ষতি কৰে নেকি?

এই সন্দৰ্ভত সবিশেষ জনাইছে এইমছ দিল্লীৰ গেষ্ট্ৰ’এণ্টেৰ’লজী বিভাগৰ প্ৰাক্তন ডাঃ অনন্যা গুপ্তাই। তেওঁ কয় যে, স্বাভাৱিক পৰিমানত কুহুমীয়া পানী খোৱাতো ভাল, ই শৰীৰৰ বাবে উপকাৰী। কিন্তু দিনত বাৰে বাৰে বেছি গৰম বা বেছি কুহুমীয়া পানী খালে ই পেটৰ আৱৰণক প্ৰভাৱিত কৰিব পাৰে। অহৰহ গৰম উষ্ণতাই পেটত এচিডৰ ভাৰসাম্য সলনি কৰি এচিডিটি, হাৰ্টবাৰ্ণ বা বদহজমৰ সৃষ্টি কৰিব পাৰে।

ইয়াৰোপৰি গৰম পানীয়ে খাদ্য সোনকালে খাদ্য হজম কৰাৰ চেষ্টাত পেটৰ প্ৰাকৃতিক প্ৰক্ৰিয়াক সমস্যা কৰিব পাৰে। যিসকলৰ পেট অতি সংবেদশীল সেইসকলৰ বাবে ই সমস্যাৰ কাৰণ হ’ব পাৰে। কিছুমানৰ চৰ্দি হব পাৰে, কিয়নো শৰীৰে গৰম পানী সোনকালে বাহিৰ কৰে। গতিকে কুহুমীয়া পানী খোৱা ভাল কিন্তু বেছিকৈ খোৱা বেয়া।

গুৰুত্বপূৰ্ণ

  • বেছি গৰম পানী খাব নালাগে।
  • পৰ্যাপ্ত পৰিমাণৰ পানী খাব।
  • হাৰ্টবাৰ্ণ বা এচিডিটি অনুভৱ কৰিলে কুহুমীয়া পানী কমকৈ খাব।
  • শুৱাৰ আগতে গৰম পানী নাখাব।
  • খাদ্য খোৱাৰ সময়ত গৰম পানী নাখাব।

 

অন্য খবৰ পঢ়কঃ পুৱা শুই উঠাৰ পাছত চকুৰ পৰা পানী কিয় ওলায়? ই কি ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…