November 24, 2025
TV9 ASSAM
ডায়েবেটিছ ৰোগীৰ এটা ডাঙৰ চিন্তা হৈছে চুগাৰ কেনেকৈ নিয়ন্ত্ৰণত ৰাখিব। দিনটোৰ কামৰ ব্যস্ততাৰ মাজত চুগাৰ নিয়ন্ত্ৰণ কৰাৰ উপায় জানক।
ডিহাইড্ৰেচন হ’লে তেজৰ চুগাৰ বৃদ্ধি পায়। দিনটোৰ কামৰ মাজে মাজে পানী খাই থাকিব। পানীৰ অভাৱ হ'বলৈ নিদিব।
সময়মতে ব্লাড চুগাৰ পৰীক্ষা কৰক আৰু ইয়াৰ হিচাব ৰাখক। প্ৰয়োজন হ'লে দিনে দুই-তিনিবাৰো পৰীক্ষা কৰিব লগীয়া হ'ব পাৰে।
কম কেলৰি থকা শাক-পাচলি আৰু ফল খাওক। কাৰ্বহাইড্রেটৰ সঠিক পৰিমাণ গ্ৰহণ কৰক। চেনিৰ প্ৰতি লোভ কম কৰিবলৈ চেষ্টা কৰক।
নিয়মিত ব্যায়াম কৰিলে শৰীৰৰ চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। গতিকে শাৰীৰিক ব্যায়ামেৰে দিনটো আৰম্ভ কৰিবলৈ চেষ্টা কৰক।
ওজন আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰাটোও চুগাৰ নিয়ন্ত্ৰণৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ওজন আৰু ৰক্তচাপৰ ওপৰত সদায় গুৰুত্ব দিব।
ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে আপোনাৰ ব্লাড চুগাৰ কিমানত ৰখা উচিত সেই বিষয়ে চিকিৎসকৰ সৈতে আলোচনা কৰক।
পঢ়িবলৈ ক্লিক কৰক