হাছিনাৰ প্ৰত্যাৰ্পণৰ দাবীৰে ভাৰতলৈ পত্ৰ বাংলাদেশৰ, কি বাৰ্তা ইউনুছ চৰকাৰৰ!
নতুন দিল্লীত থকা বাংলাদেশ উচ্চায়ুক্তৰ জৰিয়তে ভাৰতলৈ এই পত্ৰ প্ৰেৰণ কৰা বুলি বাংলাদেশৰ চৰকাৰী সংবাদ সংস্থা বি এছ এছে প্ৰকাশ কৰিছে। বাংলাদেশৰ এই পদক্ষেপক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে।
যোৱা ১৭ নৱেম্বৰত বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ কঠোৰ শাস্তিৰে দণ্ডিত কৰিছিল। হাছিনাৰ লগতে তদানীন্তন গৃহমন্ত্ৰী আছাদুজ্জামান খান কমলকো মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। অমানৱীয় অপৰাধৰ অভিযোগত দুয়োগৰাকীক দোষী সাব্যস্ত কৰি আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। ইয়াৰ পিছতে এতিয়া ভাৰতত আশ্ৰয় গ্ৰহণ কৰি থকা শ্বেখ হাছিনাক প্ৰত্যাৰ্পণৰ দাবীৰে বাংলাদেশে ভাৰতলৈ পত্ৰ প্ৰেৰণ কৰিছে।
দেশখনৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহিদ হোছেইনে দুদিন পূৰ্বে ভাৰতলৈ এই পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিছে। নতুন দিল্লীত থকা বাংলাদেশ উচ্চায়ুক্তৰ জৰিয়তে ভাৰতলৈ এই পত্ৰ প্ৰেৰণ কৰা বুলি বাংলাদেশৰ চৰকাৰী সংবাদ সংস্থা বি এছ এছে প্ৰকাশ কৰিছে। বাংলাদেশৰ এই পদক্ষেপক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে।
