শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ডায়েবেটিছ নহয়! বাৰে বাৰে প্ৰস্ৰাৱ অহাৰ আঁৰত থাকিব পাৰে এই ডাঙৰ কাৰণ, জানক চিকিৎসকৰ পৰা…

বহু মানুহৰ বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যা আছে। কিছুমান সঘনাই প্ৰস্ৰাৱ আহি থাকে। কেতিয়াবা এনে হোৱা সাধাৰণ কথা। কিন্তু দীৰ্ঘদিন ধৰি এনে হৈ থাকিলে ইয়াৰ আঁৰত আন কাৰণ থাকিব পাৰে। এই সন্দৰ্ভত জনা উচিত।

ডায়েবেটিছ নহয়! বাৰে বাৰে প্ৰস্ৰাৱ অহাৰ আঁৰত থাকিব পাৰে এই ডাঙৰ কাৰণ, জানক চিকিৎসকৰ পৰা…
প্ৰস্ৰাৱImage Credit source: GettyImages
Barasha Sarma
Barasha Sarma | Published: 29 Jan 2026 16:55 PM

সঘনাই প্ৰস্ৰাৱ কৰা বিভিন্ন ৰোগৰ লক্ষণ হ’ব পাৰে। ডায়েবেটিছ, প্ৰস্ৰাৱৰ সংক্ৰমণ হ’লে বাৰে বাৰে প্ৰস্ৰাৱ অহা সাধাৰণ কথা। কিন্তু কেতিয়াবা ইয়াৰ আঁৰত অন্য কাৰণ থাকিব পাৰে। যেতিয়া মূত্ৰাশয় অতি সক্ৰিয় হৈ পৰে তেতিয়া বাৰে বাৰে প্ৰস্ৰাৱ আহিব পাৰে। এই অৱস্থাক মূত্ৰাশয় চিনড্ৰম বোলা হয়। পুৰুষ-মহিলা উভয়ৰে এই সমস্যা হ’ব পাৰে আৰু বয়সৰ লগে লগে ই বাঢ়ি যায়। ইয়াক সময়মতে ধৰা পেলোৱা প্ৰয়োজন, কিয়নো ই পাছলৈ সমস্যাত পেলাব পাৰে।

মূত্ৰাশয় চিণড্ৰমৰ কাৰণ

এই সন্দৰ্ভত সবিশেষ জনাইছে আৰ এম এল হাস্পতালৰ চিকিৎসা বিভাগৰ সঞ্চালক অধ্যাপক ডাঃ সুভাষ গিৰীয়ে। তেওঁ কয় যে, মূত্ৰাশয় চিণড্ৰম বা Overactive bladder syndrome ৰ বহু কাৰণ থাকিব পাৰে। মূত্ৰাশয়ৰ স্নায়ু অতি সক্ৰিয় হৈ পৰিলে এই সমস্যা হ’ব পাৰে। মানসিক চাপ, উদ্বেগ আদিয়েও সমস্যা বৃদ্ধি কৰিব পাৰে। ইয়াৰোপৰি । চাহ, কফি, বা শীতল পানীয়ৰ দৰে কেফেইনযুক্ত পানীয়ৰ অত্যধিক সেৱনে মূত্ৰাশয় সক্ৰিয় কৰিব পাৰে।

ৰজোনিবৃত্তিৰ পাছত মহিলাৰ ক্ষেত্ৰত হৰম’নৰ পৰিৱৰ্তন হয়, যাৰ বাবে কিছুমানৰ এই সমস্যা হয়। ইয়াৰোপৰি দীৰ্ঘসময় প্ৰস্ৰাৱ ধৰি ৰখাৰ অভ্যাস, মেদবহুলতা, শাৰীৰিক কাৰ্যকলাপৰ অভাৱ মেৰুদণ্ড বা স্নায়ুতন্ত্ৰৰ লগত জড়িত সমস্যা আদিৰ ফলতো এই ৰোগ হ’ব পাৰে।

লক্ষণ

এই ৰোগ হ’লে বাৰে বাৰে প্ৰস্ৰাৱ লগাৰ লগতে প্ৰস্ৰাৱ ধৰি ৰখা কঠিন হৈ পৰে। প্ৰস্ৰাৱ কৰিবলৈ নিশা বাৰে বাৰে সাৰ পাব পাৰে। এই সমস্যাৰ ফলত মানুহৰ দৈনন্দিন জীৱনৰ কাম-কাজ প্ৰভাৱিত হ’ব পাৰে।

প্ৰতিৰোধৰ উপায়

  • কেফেইন আৰু শীতল পানীয় হ্ৰাস কৰক।
  • পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে।
  • প্ৰস্ৰাৱ ধৰি নাৰাখিব।
  • মানসিক চাপ কম কৰক।
  • যোগাসন কৰক।
  • ওজন নিয়ন্ত্ৰণ কৰক।

 

অন্য খবৰ পঢ়কঃ প্ৰতিদিনে গজালি ওলোৱা মগু খোৱা ভাল নে বেয়া? জানক বিশেষজ্ঞৰ পৰা…