প্ৰতিদিনে খাওক এই ভিটামিন, বৃদ্ধ বয়সতো জিলিকি থাকিব ছাল!
ছাল আৰু শৰীৰ সতেজ কৰি ৰাখিবলৈ উপযুক্ত পৰিমাণৰ ভিটামিন খাব লাগিব। আৰু ভিটামিন চিয়ে আপোনাৰ ছালখন সতেজ কৰি ৰাখিবলৈ সৰ্বোত্তম কাম কৰে।

বহু লোকৰ ক্ষেত্ৰত অতি কম বয়সতে বৃদ্ধ হোৱাৰ প্ৰভাৱ শৰীৰত দেখা যায়। এই ক্ষেত্ৰত কেৱল ক্ৰীম প্ৰয়োগ কৰিলেই যথেষ্ট নহ’ব। নিয়মীয়াকৈ সৌন্দৰ্য্য চিকিৎসা কৰিলেও সমস্যাৰ সমাধান নহয়। ছাল আৰু শৰীৰ সতেজ কৰি ৰাখিবলৈ উপযুক্ত পৰিমাণৰ ভিটামিন খাব লাগিব। আৰু ভিটামিন চিয়ে আপোনাৰ ছালখন সতেজ কৰি ৰাখিবলৈ ভাল কাম কৰে।
ভিটামিন চিত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। এন্টিঅক্সিডেন্ট ছালৰ বাবে অতি ফলপ্ৰসূ। ই ছালখন উজ্জ্বল কৰি তোলে। শুকান হোৱা সমস্যাও কমি যায়। ভিটামিন চিয়ে শৰীৰত কলাজেনৰ মাত্ৰা বৃদ্ধি কৰে। যিয়ে ছালখন কোমল কৰি নতুন কোষ উৎপাদনত সহায় কৰে।যাৰ ফলত শৰীৰত বাৰ্ধক্যৰ লক্ষণ দেখা নাযায়।
ভিটামিন চি খালে ৰ’দে ছাল পোৰা সমস্যা সমাধান হয়। যদি আপুনি নিয়মিতভাৱে ছানস্ক্ৰীণ ব্যৱহাৰ কৰে আৰু ভিটামিন চি খায় তেন্তে অতি উত্তাপতো আপোনাৰ ছাল উজ্জ্বল হৈ থাকিব।
নিয়মিতভাৱে ভিটামিন চি ছিৰাম প্ৰয়োগ কৰিব পাৰে। এনে ক্ষেত্ৰত বাহিৰৰ পৰা ঘৰলৈ উভতি অহাৰ পিছত মুখখন ভালদৰে পৰিষ্কাৰ কৰক। তাৰ পিছত মুখত ভিটামিন চি প্ৰয়োগ কৰি হাতেৰে লাহে লাহে মালিচ কৰক। কিছুসময়ৰ পাছত মুখত মইশ্ব’ৰাইজাৰ লগাই শুই যাওক। নিয়মিতভাৱে এই কামটো কৰক। আপুনি দেখিব যে আপোনাৰ ছালখন সম্পূৰ্ণ উজ্জ্বল হৈ উঠিব।
লগতে পঢ়ক: খাদ্য খোৱাৰ পিছতে উগাৰ আহি থাকে নেকি? কাৰণ, প্ৰতিকাৰৰ ঘৰুৱা উপায় জানক…