খাদ্য খোৱাৰ পিছতে উগাৰ আহি থাকে নেকি? কাৰণ, প্ৰতিকাৰৰ ঘৰুৱা উপায় জানক…
অলপ খোৱাৰ পিছতে আপোনাৰো উগাৰ আহে নেকি? উগাৰ অহাৰ বাবে লাজ লাগেনে? এই সমস্যাৰ পৰা মুক্তি পাবলৈ কিছুমান টিপছ আগবঢ়োৱা হ’ল।

ঘৰৰ বয়োজ্যেষ্ঠসকলে কয় যে খাদ্য খোৱাৰ পিছত যেতিয়া পেট ভৰি পৰে তেতিয়া আপোনাৰ উগাৰ আহে। কেতিয়াবা, কিছুমান মানুহে সকলো সময়তে উগাৰ আহি থাকে। অকণমান খোৱাৰ পাছতো উগাৰ মাৰে। সাধাৰণতে গেছ, এচিডিটি বা পাচনতন্ত্ৰৰ সমস্যাৰ বাবে এনে হয়। কেতিয়াবা খৰখেদাকৈ খাদ্য খোৱা, অত্যধিক তেল বা নিমখ খোৱা, বা খাদ্য গ্ৰহণ কৰাৰ সময়ত অত্যধিক বায়ু প্ৰৱেশ কৰাৰ বাবেও উগাৰ আহে। কিছু ঘৰুৱা উপায় ব্যৱহাৰ কৰি কম কৰিব পাৰে।
সহজ উপায়েৰে উগাৰ কমোৱাৰ বাবে ঘৰতে কৰিব পৰা কামবোৰ—
১) গৰম পানীৰ চুমুক – খোৱাৰ পিছত কুহুমীয়া পানী খাব লাগে। ইয়াৰ ফলত গেছ জমা হোৱা কম হ’ব আৰু হজম শক্তিত সহায়ক হ’ব।
২) আদা-মৌৰ মিশ্ৰণ – কেঁচা আদাৰ ৰস এচামুচ অলপ মৌৰ লগত মিহলাই খালে হজম শক্তি ভাল হয় আৰু উগাৰ কমি যায়।
৩) জিৰা-ধনীয়া পানী – আধা চামুচ পোৰা জিৰাৰ গুৰি আৰু আধা চামুচ ধনীয়া গুৰি গৰম পানীত মিহলাই খালে গেছ উপশম হয়।
৪) পদিনা পাত – কেঁচা পদিনা পাত চোবাই খালে বা পদিনা-নেমুৰ পানী খালে পেট ঠাণ্ডা হয় আৰু উগাৰৰ প্ৰৱণতা কমি যায়।
৫) চফ – খাদ্য খোৱাৰ পিছত ১ চামুচ চফ চোবাই খালে পাচনতন্ত্ৰৰ ৰস নিৰ্গত হয় আৰু গেছ কমি যায়।
৬) নেমু-কলা নিমখ – আধা নেমুৰ ৰসৰ লগত এচিকুট কলা নিমখ মিহলাই গৰম পানী খালে এচিডিটি আৰু উগাৰ কমি যায়।
৭) খাদ্যাভ্যাস সলনি কৰক – খাদ্য লাহে লাহে চোবাই খাব লাগে। অতিৰিক্ত তেল, নিমখ আৰু কাৰ্বনেটেড পানীয় কম কৰক। খাদ্য খোৱাৰ সময়ত কথা কোৱা বা খৰখেদা কৰা কমাব লাগে।
যদি এই সমস্যা নিয়মিতভাৱে ঘটে আৰু বুকু, পেটৰ বিষৰ লগতে বমি হয় তেন্তে চিকিৎসকৰ ওচৰলৈ যাব লাগে। কিয়নো ই গেষ্ট্ৰিক ৰিফ্লাক্স বা হেলিক’বেক্টেৰ পাইল’ৰি সংক্ৰমণৰ লক্ষণো হ’ব পাৰে।
লগতে পঢ়ক: টোপনিৰ মাজতে শৰীৰটো জোকাৰি উঠে নেকি? ভাগৰ বুলি আওকাণ নকৰিব, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ…