Cauliflower: কিদৰে চিনি পাব পোক নথকা ফুলকবি? পৰিষ্কাৰ কৰাৰ সঠিক পদ্ধতি জানক…
আলুৰ লগত তৰকাৰী হওক বা মাছৰ আঞ্জাই হওক ফুলকবি প্ৰায়ভাগ লোকৰে প্ৰিয়। কিন্তু আপুনি জানেনে এই ফুলকবি কিনাৰ আগতে বহুত সাৱধান নহ'লে ডাঙৰ বিপদত পৰিব পাৰে। কেৱল ভাল ফুলকবি কিনিলেই নহ’ব, সাৱধানে চাফাও কৰিব লাগিব, নহ’লে সুস্বাদু ফুলকবি সোৱাদহীন হৈ পৰিব।
এতিয়াও সম্পূৰ্ণকৈ শীতকাল পৰা নাই। ইতিমধ্যে বজাৰত ভিৰ কৰিছে সুস্বাদু ফুলকবিয়ে। গোটেই বজাৰখনে সৰু-বৰ আকাৰৰ ফুলকবিৰে দৃষ্টি আকৰ্ষণ কৰিছে। আলুৰ লগত তৰকাৰী হওক বা মাছৰ আঞ্জাই হওক ফুলকবি প্ৰায়ভাগ লোকৰে প্ৰিয়। কিন্তু আপুনি জানেনে এই ফুলকবি কিনাৰ আগতে বহুত সাৱধান নহ’লে ডাঙৰ বিপদত পৰিব পাৰে। কেৱল ভাল ফুলকবি কিনিলেই নহ’ব, সাৱধানে চাফাও কৰিব লাগিব, নহ’লে সুস্বাদু ফুলকবি সোৱাদহীন হৈ পৰিব।
আচলতে ফুলকবিৰ ভিতৰত বিভিন্ন ধৰণৰ পোক-পৰুৱা লুকাই থাকে। যিবোৰ প্ৰায়ে খালী চকুৰে দেখা নাযায়। যিবোৰ খালে পেটৰ গুৰুতৰ ৰোগ হ’ব পাৰে। গতিকে কি কৰিব? ফুলকবি চাফা কৰাৰ কিছুমান সহজ নিয়ম আগবঢ়োৱা হ’ল।
প্ৰথমে মনত ৰাখিব কেনেধৰণৰ ফুলকবি কিনিব লাগে। ফুলকবি কিনিলে বেছি কঠিন বা বন্ধ ফুলকবি কিনিব নালাগে। হালধীয়া বা কোনো দাগ থকা ফুলকবি কিনিব নালাগে। বিশুদ্ধ বগা ফুলকবি কিনিবলৈ চেষ্টা কৰক। অলপ খোলা মুখৰ ফুলকবি কিনিব । এনে ফুলকবিত বায়ু প্ৰৱেশ কৰে আৰু পোক-পৰুৱাবোৰে বাহ সাজিব নোৱাৰিব।
ফুলকবি চাফা কৰাৰ শুদ্ধ নিয়ম –
প্ৰথমে ফুলকবিখিনি সৰু সৰুকৈ কাটি লওক। যাতে ফুলকবিৰ প্ৰতিটো অংশ সহজে পৰিষ্কাৰ কৰিব পৰা যায়। তাৰ পিছত এটা ডাঙৰ বাটিত গৰম পানী লওক। পানী বেছি গৰম হ’ব নালাগে। নহলে ফুলকবি কোমল হৈ যাব।
গৰম পানীত অলপ নিমখ আৰু হালধি গুড়ি মিহলাই লওক। হালধিয়ে বীজাণুনাশক হিচাপে কাম কৰে আৰু নিমখে পানীত থকা পোকবোৰ ওপৰলৈ আনে। এই মিশ্ৰণত ফুলকবি খিনি ১৫-২০ মিনিট তিয়াই থওক। কিছু সময়ৰ পাছত পানীৰ ওপৰত সৰু সৰু পোক-পৰুৱা ওপঙি থকা দেখা পাব।
এতিয়া চেকনী ব্যৱহাৰ কৰি ফুলকবিখিনি পানীৰ পৰা উলিয়াই আনিব। যদি আপুনি ইয়াক আৰু পৰিষ্কাৰ কৰিব বিচাৰে তেন্তে ফুলকবিখিনি ভিনেগাৰ বা নেমুৰ পানীত অলপ সময়ৰ বাবে তিয়াই ল’ব পাৰে।
লগতে পঢ়ক: প্ৰতিদিনে পুৱা খালী পেটত এগিলাচ নেমু পানী খালে কি হয়? ৫টা উপকাৰিতা জানক…