Lemon Water: প্ৰতিদিনে পুৱা খালী পেটত এগিলাচ নেমু পানী খালে কি হয়? ৫টা উপকাৰিতা জানক…
নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে আৰু ই স্বাস্থ্যৰ বাবে অতি উপকাৰী। প্ৰতিদিনে পুৱা এগিলাচ নেমুৰ পানী খালে স্বাস্থ্যৰ বাবে অসংখ্য উপকাৰ পোৱা যায়। প্ৰতিদিনে পুৱা খালী পেটত নেমুৰ পানী খোৱাৰ উপকাৰিতাৰ বিষয়ে জানো আহক।
এগিলাচ নেমুৰ পানীয়ে গৰমৰ পৰা সকাহ দিয়ে। এই কথা হয়তো আমি সকলোৱে জানো। ইয়াৰ উপৰিও নিয়মিতভাৱে ৰাতিপুৱা নেমুৰ কুহুমীয়া পানী খালেও ওজন কমোৱাত সহায় কৰিব পাৰে। নেমুয়ে যিকোনো খাদ্যৰ সোৱাদ বৃদ্ধি কৰে। কেৱল খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয় স্বাস্থ্যৰ বাবেও নেমুৰ বহু উপকাৰ আছে। ইয়াত প্ৰচুৰ পৰিমাণে বিভিন্ন ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে।যিকোনো ঋতুতে এই ফল পোৱা যায়। স্বাস্থ্যৰ বাবে ই কিমান উপকাৰী জানো আহক।
ওজন কমোৱাত সহায় কৰে
প্ৰতিদিনে পুৱা খালী পেটত এগিলাচ কুহুমীয়া নেমুৰ পানী খোৱাটো প্ৰায়ে বাঞ্ছনীয়। ই কোষ্ঠকাঠিন্য আৰু পেট ফুলাৰ দৰে পাচনতন্ত্ৰৰ সমস্যাৰ পৰা উপশম দিয়ে। ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰি দিয়ে আৰু পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে। খালী পেটত নেমু পানী সেৱন কৰিলে বিপাকীয় ক্ৰিয়া বৃদ্ধি পায়। ই পেটৰ চৰ্বি হ্ৰাস কৰে আৰু ওজন হ্ৰাস কৰাত সহায় কৰে।
গ্ল’য়িং স্কিনৰ বাবে
নেমু পানীয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰলৈ ওলোৱাতো সহায় কৰে। ইয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট গুণ থাকে। প্ৰতিদিনে পুৱা খালী পেটত নেমু পানী খালে ছালৰ উজ্জ্বলতা বৃদ্ধি পায় আৰু ছালখন জিলিকি থকাত সহায় কৰে। গ্ল’য়িং ছালৰ বাবে প্ৰতিদিনে নেমু পানী সেৱন কৰিব পাৰে।
প্ৰদাহ ৰোধ কৰে
নেমুৰ পানীত এন্টিঅক্সিডেন্ট গুণ আছে। ইয়াত পটাছিয়াম, ফ’লেট, ফ্লেভন’ইড, ভিটামিন বি আদি প্ৰচুৰ পৰিমাণে থাকে। এই গুণে প্ৰদাহ প্ৰতিৰোধ কৰাত সহায় কৰে।
ইমিউনিটি বৃদ্ধি কৰাৰ বাবে
নেমু এস্কৰবিক এচিডৰ এক উৎকৃষ্ট উৎস, যিয়ে স্বাভাৱিকতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ভিটামিন চিয়ে ফ্লু আৰু চৰ্দিৰ পৰা ৰক্ষা কৰাত সহায় কৰে। ইয়াৰ উপৰিও বিভিন্ন ভাইৰাছ আৰু স্বাস্থ্যজনিত সমস্যাৰ পৰাও সুৰক্ষা প্ৰদান কৰে।
শক্তি প্ৰদান
দিনটোৰ ভিতৰত শক্তিৰ মাত্ৰা বজাই ৰাখিবলৈ নেমু পানী খাব পাৰে। চেনিযুক্ত পানীয় পৰা নেমু পানীলৈ অভ্যাস সলনি কৰিব পাৰে। ই সুস্বাদু আৰু অতি স্বাস্থ্যকৰ দুয়োটা। আন চেনিযুক্ত পানীয় সেৱন কৰিলে স্বাস্থ্যজনিত বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে।
(এই প্ৰতিবেদন সাধাৰণ বিশ্বাসৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। টিভি9 অসমে ইয়াক নিশ্চিত নকৰে। বিশেষজ্ঞৰ পৰামৰ্শ লৈহে কাম কৰক।)