শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মহিলাৰ দেহত HIV ৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? জানক…

HIV এক গুৰুতৰ ৰোগ। যদি সময়মতে চিকিৎসা গ্ৰহণ কৰা নহয় ই গুৰুতৰ হৈ পৰিব পাৰে। গতিকে সময়মতে ইয়াৰ চিনাক্ত কৰা দৰকাৰ। এই ৰোগ হ'লে শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে।

মহিলাৰ দেহত HIV ৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? জানক…
এইচ আই ভিৰ লক্ষণImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Updated On: 12 Aug 2025 16:50 PM

মানুহৰ শৰীৰত বিভিন্ন ধৰণৰ ৰোগ হোৱা দেখা যায়। আজিকালি বিভিন্ন কাৰণত এইচ আই ভিত আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাইছে। HIV (Human Immunodeficiency Virus) এনে এক ভাইৰাছ যিয়ে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি তোলে। এই ভাইৰাছে শৰীৰত ৰোগৰ বিৰুদ্ধে যুঁজ দিয়া কোষবোৰত আক্ৰমণ কৰে। এইচ আই ভিৰ সময়মতে চিকিৎসা নকৰিলে ই এইডছ (Acquired Immunodeficiency Syndrome)লৈ পৰিণত হ’ব পাৰে। যি অতি গুৰুতৰ অৱস্থা।

মহিলাৰ এইচ আই ভি মূলতঃ অসুৰক্ষিত যৌন সম্পৰ্ক, সংক্ৰমিত তেজ বা বেজীৰ সংস্পৰ্শ, আৰু গৰ্ভাৱস্থা বা স্তনপানৰ সময়ত এইচ আই ভি আক্ৰান্ত মাতৃৰ পৰা শিশুলৈ বিয়পিব পাৰে। ইয়াৰোপৰি যেতিয়া মহিলাৰ STI হয় তেতিয়াও এই ৰোগৰ আশংকা বৃদ্ধি পায়। সময়মতে পৰীক্ষা কৰি স্বাস্থ্যসন্মত ব্যৱস্থা গ্ৰহণ কৰিলে ইয়াৰ পৰা হাত সাৰিব পাৰি।

এই ৰোগত আক্ৰান্ত মহিলাসকলে শাৰীৰিক মানসিকৰ লগতে সামাজিক ক্ষতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। যেতিয়া এই ভাইৰাছ শৰীৰত প্ৰৱেশ কৰে তেতিয়া ই ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি তোলে। এনে অৱস্থাত সাধাৰণ কিবা ৰোগ হ’লেই গুৰুতৰ ৰূপ লয়। যদি গৰ্ভাৱস্থাত মহিলা এই ৰোগত আক্ৰান্ত হয় তেতিয়া গৰ্ভৰ সন্তানলৈও ই বিয়পিব পাৰে।

অনিয়মিত মাহেকীয়া, সঘনাই সংক্ৰমণ আৰু ভাগৰুৱা অনুভৱ হোৱাটো সাধাৰণ লক্ষণ। মহিলাসকলে বহু সময়ত মানসিক চাপ, ভয়, লাজ আৰু সামাজিক বিচ্ছিন্নতা অনুভৱ কৰে। বহু সময়ত তেওঁলোকে পৰিয়াল বা সমাজৰ পৰা সহায় নাপায়, যাৰ ফলত তেওঁলোকৰ অৱস্থা বেয়া হৈ পৰে। ইয়াৰ চিকিৎসা আজীৱন হয। গতিকে মানসিক শক্তি আৰু নিয়মিক ঔষধ গ্ৰহণ প্ৰয়োজনীয়।

মহিলাৰ দেহত লক্ষণ

এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণ সাধাৰণ সংক্ৰমণ দৰে হয়। যাক চিনাক্ত কৰা কঠিন হৈ পৰে। মহিলাসকলৰ দেহত কিছুমান বিশেষ লক্ষণে দেখা দিয়ে, যাক আওকান কৰা উচিত নহয়। প্ৰাৰম্ভিক অৱস্থাত দেখা দিয়া লক্ষণসমূহ-

  • জ্বৰ,
  • ভাগৰ,
  • ডিঙিত চৰচৰণি,
  • ফুলা
    যেতিয়া ভাইৰাছৰ সংক্ৰমণ বাঢ়ি যায়-
  • বাৰে বাৰে যোনিৰ সংক্ৰমণ,
  • পেলভিক ইনফ্লেমেটৰী ডিজিজ (PID),
  • অনিয়মিত মাহেকীয়া,
  • সঘনাই ডায়েৰিয়া বা ছালৰ ফোহা,
  • কাৰণ নোহোৱাকৈ ওজন কম হোৱা,
  • অত্যধিক ঘাম ওলোৱা,
  • শৰীৰত অনবৰত বিষ,
  • কেতিয়াবা সন্তান নহয়।

সাৱধানতা

  • সুৰক্ষিত যৌন সম্পৰ্ক।
  • সংক্ৰমিত তেজ বা বেজীৰ পৰা আঁতৰি থাকক।
  • আনে ব্যৱহাৰ কৰা বেজী বা ব্লেড ব্যৱহাৰ নকৰিব।
  • গৰ্ভাৱস্থাত এইচ আই ভি পৰীক্ষা কৰাটো নিশ্চিত কৰক।
  • যদি আপুনি HIV পজিটিভ তেতিয়া স্তনপান কৰোৱাৰ আগত চিকিৎসকৰ পৰামৰ্শ লওক।
  • লক্ষণ দেখিলে স্বাস্থ্য পৰীক্ষা
  • অত্যধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰ।

 

অন্য খবৰ পঢ়কঃ ৰক্তচাপ বৃদ্ধি হ’লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা…