শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পেটৰ ভিতৰত ঘাঁ হ’লে শৰীৰে দিয়ে এইসমূহ ইংগিত, কাৰণ, প্ৰতিৰোধৰ উপায় জানক

মেক্স হাস্পতালৰ ডাঃ ৰোহিত কাপুৰে কৈছে যে পেটৰ আলচাৰ বা ঘাঁ যাক গেষ্ট্ৰিক আলচাৰ বুলিও কোৱা হয়, পেটৰ ভিতৰৰ আৱৰণত ঘাঁ সৃষ্টি হোৱা অৱস্থা। খাদ্য হজম কৰাত সহায়ক হোৱা এচিড আৰু এনজাইমৰ ফলত এই ঘাঁ হয়।

পেটৰ ভিতৰত ঘাঁ হ’লে শৰীৰে দিয়ে এইসমূহ ইংগিত, কাৰণ, প্ৰতিৰোধৰ উপায় জানক
পেটৰ ভিতৰত ঘাঁImage Credit source: Getty Image
trishna-kalita
Trishna Kalita | Published: 16 Oct 2025 15:13 PM

বৰ্তমান সময়ত ব্যস্ততাপূৰ্ণ জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবে পেটৰ লগত জড়িত সমস্যাবোৰ অধিক সাধাৰণ হৈ পৰিছে। পেটৰ ঘাঁ ইয়াৰে অন্যতম। আগতীয়াকৈ চিনাক্ত নকৰিলে এই ৰোগ গুৰুতৰ হৈ পৰিব পাৰে। পেটৰ ঘাঁৰ লক্ষণ, কাৰণ, প্ৰতিৰোধৰ বিষয়ে চিকিৎসকৰ পৰা জানো আহক।

পেটৰ ঘাঁ কি?

মেক্স হাস্পতালৰ ডাঃ ৰোহিত কাপুৰে কৈছে যে পেটৰ আলচাৰ বা ঘাঁ যাক গেষ্ট্ৰিক আলচাৰ বুলিও কোৱা হয়, পেটৰ ভিতৰৰ আৱৰণত ঘাঁ সৃষ্টি হোৱা অৱস্থা। খাদ্য হজম কৰাত সহায়ক হোৱা এচিড আৰু এনজাইমৰ ফলত এই ঘাঁ হয়। এই ঘাঁৰ বাবে জ্বলা-পোৰা, বিষ, আৰু পাচনতন্ত্ৰৰ বিভিন্ন সমস্যাৰ হ’ব পাৰে।

পেটৰ ঘাঁ হোৱাৰ প্ৰধান কাৰণ

মেক্স হাস্পতালৰ ডাঃ ৰোহিত কাপুৰৰ মতে, হেলিক’বেক্টেৰ পাইল’ৰি হৈছে এনে এবিধ বেক্টেৰিয়া যিয়ে পেটৰ শ্লেষ্মা স্তৰৰ ক্ষতিসাধন কৰে, যাৰ ফলত এচিড পেটৰ বেৰত গৈ ঘাঁৰ সৃষ্টি কৰে।

অত্যধিক বিষনাশক ব্যৱহাৰ – এছপিৰিন আৰু ইবুপ্ৰফেনৰ দৰে বিষনাশক ঔষধ দীৰ্ঘদিন ব্যৱহাৰ কৰিলে পেটৰ সুৰক্ষামূলক আৱৰণ দুৰ্বল হৈ পৰে, যাৰ ফলত আলচাৰ হ’ব পাৰে।

অত্যধিক মছলাযুক্ত খাদ্য –  জলকীয়া, মছলা, আৰু জাংক ফুডে পেটৰ আৱৰণ ক্ষতি কৰে আৰু আলচাৰৰ সম্ভাৱনা বৃদ্ধি কৰে।

মানসিক চাপ আৰু উদ্বেগ – দীৰ্ঘদিনীয়া মানসিক চাপে শৰীৰত এচিড উৎপাদন বৃদ্ধি কৰে, যাৰ ফলত আলচাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

মদ আৰু ধূমপান – অত্যধিক মদ্যপান আৰু ধূমপানে পেটৰ আৱৰণ ক্ষতিগ্ৰস্ত কৰে, যাৰ ফলত আলচাৰ হ’ব পাৰে।

পেটৰ ঘাঁৰ লক্ষণ

পেটত জ্বলা বা বিষ – সাধাৰণতে খাদ্য খোৱাৰ পিছত বা ভোকত থাকিলে এই বিষ বেছি হয়। বিষটো জ্বলা-পোৰাৰ দৰে।

টেঙা উগাৰ আৰু এচিডিটি – সঘনাই টেঙা উগাৰ আৰু ডিঙি আৰু বুকুত জ্বলা-পোৰা হোৱাটো আলচাৰৰ লক্ষণ হ’ব পাৰে।

বমি – সঘনাই বমি হোৱাটো আলচাৰৰ লক্ষণ হ’ব পাৰে।

ভোক আৰু ওজন কমি যোৱা – ভোক কমি যোৱা বা খাদ্য খোৱাৰ ভয়ৰ লগতে দ্ৰুত ওজন কমি যোৱাটো আলচাৰৰ লক্ষণ হ’ব পাৰে।

ক’লা শৌচ বা তেজ – শৌচ ক’লা হোৱা বা তেজ ওলোৱা হ’লে এয়া বিপজ্জনক লক্ষণ আৰু লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

পেটৰ ঘাঁৰ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?

মেক্স হাস্পতালৰ ডাঃ ৰোহিত কাপুৰে কৈছে যে কিছুমান সাৱধানতা অৱলম্বন কৰিলে পেটৰ আলচাৰ প্ৰতিৰোধ কৰিব পাৰি। লঘু, সহজে হজম হোৱা, আৰু কম টেঙা খাদ্য খাওক। মানসিক চাপ কমাই যোগাসন, ধ্যান বা প্ৰিয় কামত লিপ্ত হওক। লগতে ধূমপান আৰু মদ্যপান পৰিহাৰ কৰিব। লগতে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ ঔষধ বিশেষকৈ বিষনাশক ঔষধ সেৱন নকৰিব।

কেতিয়া চিকিৎসকৰ ওচৰলৈ যাব লাগে?

যদি ওপৰত উল্লেখ কৰা লক্ষণসমূহ স্থায়ী হৈ থাকে, বা পেটৰ তীব্ৰ বিষ, তেজ বমি বা শৌচত তেজ  ওলোৱা অনুভৱ হয়, তেন্তে পলম নকৰিব। এইটো গুৰুতৰ আলচাৰৰ লক্ষণ হ’ব পাৰে আৰু তৎকালীনভাৱে চিকিৎসা নকৰিলে মাৰাত্মকও হ’ব পাৰে।

লগতে পঢ়ক: এলাহ আঁতৰাবলৈ গঢ়ি তোলক এই ৬টা অভ্যাস, সময়মতে হ’ব সকলো কাম…