16 0CT 2025
Image- Getty/Unsplash/AI
TV9 ASSAM
নিম ঔষধি গুণৰ বাবে বিখ্যাত। দৈনিক নিমৰ পাত চোবাই খালে বহু ৰোগ প্ৰতিৰোধৰ লগতে স্বাস্থ্যৰ উন্নতি সাধন হয়। সদায় ২-৩ টা নিম পাত চোবাই খালে সুস্বাস্থ্য বজাই ৰখাৰ বাবে উপকাৰী।
নিম পাতত প্ৰচুৰ পৰিমাণে এন্টিভাইৰেল আৰু এন্টিবেক্টেৰিয়েল গুণ থাকে। নিয়মিত সেৱনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু সংক্ৰমণ প্ৰতিৰোধ কৰে।
নিম পাতত প্ৰচুৰ পৰিমাণে এন্টিবেক্টেৰিয়েল গুণ থাকে। ইহঁতে দাঁতৰ ক্ষয় ৰোধ কৰে, দাঁতৰ আলুৰৰ প্ৰদাহ কমায়, মুখৰ দুৰ্গন্ধ নাইকিয়া কৰে।
নিম পাত চোবাই খালে শৰীৰত চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। বিশেষকৈ ডায়েবেটিছ ৰোগীৰ বাবে ই উপকাৰী।
নিমত থকা যৌগবোৰে ৰক্ত সঞ্চালন উন্নত কৰাৰ লগতে উচ্চ ৰক্তচাপৰ সম্ভাৱনা হ্ৰাস কৰে।
নিমৰ পাত খালে পেটৰ বিষ, কোষ্ঠকাঠিন্য, পেট ফুলা আদি পাচনতন্ত্ৰৰ সমস্যা দূৰ হয়। ই হজম শক্তিও উন্নত কৰে।
নিম পাতে ছালৰ সমস্যা যেনে প্ৰদাহ, পিম্পল, একজিমা, ফোহা আদি কমায়। ছাল পৰিষ্কাৰ আৰু সুস্থ হৈ থাকে।
নিমত এন্টিঅক্সিডেন্ট থাকে যিয়ে মানসিক চাপ কমায় আৰু স্মৃতিশক্তি আৰু মনোযোগ উন্নত কৰাত সহায় কৰে।
চাবলৈ ক্লিক কৰক