২০০৮-২০১৭ চনৰ ভিতৰত জন্ম হোৱা ১.৫ কোটি লোকৰ হ’ব পাৰে কৰ্কট ৰোগ! কোনে কৰিলে এই চাঞ্চল্যকৰ মন্তব্য
এই গৱেষণা মতে গেষ্ট্ৰিক কেঞ্চাৰ ৰোগীৰ দুই তৃতীয়াংশতকৈ অধিক হ’ব এছিয়াৰ লোক, তাৰ পিছতে আমেৰিকা আৰু আফ্ৰিকাত থাকিব সৰ্বাধিকসংখ্যক গেষ্ট্ৰিক কেঞ্চাৰ ৰোগী।

সাম্প্ৰতিক সময়ত অত্যন্ত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ্কট ৰোগ। এই দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা যথেষ্ট ৰূপত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। তাৰ মাজতে পোহৰলৈ আছে ইয়াতকৈও ভয়াৱহ এক খবৰ। শেহতীয়াকৈ প্ৰকাশিত এক অধ্যয়ন অনুসৰি ২০০৮ চনৰ পৰা ২০১৭ চনৰ ভিতৰত জন্মগ্ৰহণ কৰা বিশ্বৰ কমেও ১৫.৬ নিযুত লোকৰ জীৱনকালত গেষ্ট্ৰিক কেঞ্চাৰ বা পেটৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা আছে। এই তালিকাৰ প্ৰথম স্থানত আছে চীন। আনহাতে উদ্বেগজনকভাৱে তালিকাৰ দ্বিতীয় স্থানত আছে ভাৰত।
এই গৱেষণা প্ৰকাশ পাইছে নেচাৰ মেডিচিন (Nature Medicine) নামৰ এখন আলোচনীত। এই গৱেষণা মতে গেষ্ট্ৰিক কেঞ্চাৰ ৰোগীৰ দুই তৃতীয়াংশতকৈ অধিক হ’ব এছিয়াৰ লোক, তাৰ পিছতে আমেৰিকা আৰু আফ্ৰিকাত থাকিব সৰ্বাধিকসংখ্যক গেষ্ট্ৰিক কেঞ্চাৰ ৰোগী।
বিশ্ব স্বাস্থ্য সংস্থাৰ কৰ্কট সংস্থা ইণ্টাৰনেশ্যনেল এজেন্সি ফৰ ৰিচাৰ্চ অন কেন্সাৰৰ গৱেষকসকলে ‘GLOBOCAN 2022’ ডাটাবেছৰ জৰিয়তে ১৮৫খন দেশৰ গেষ্ট্ৰিক কেঞ্চাৰৰ তথ্য বিশ্লেষণ কৰিছিল। ইয়াৰ উপৰিও ৰাষ্ট্ৰসংঘৰ জনগাঁথনিগত তথ্যৰ ভিত্তিত মৃত্যুৰ হাৰ আৰু জনসংখ্যা বৃদ্ধিৰ হাৰ ভৱিষ্যদ্বাণী কৰা হয়।
গৱেষকসকলে কয় যে এই জন্মৰ গোটসমূহৰ ভিতৰত বিশ্বজুৰি মুঠ ১৫.৬ মিলিয়ন গেষ্ট্ৰিক কেঞ্চাৰ ৰোগী হোৱাৰ সম্ভাৱনা আছে, ইয়াৰে ৭৬ শতাংশ হেলিক’বেক্টেৰ পাইল’ৰি বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবে কেঞ্চাৰত আক্ৰান্ত হ’ব। হেলিক’বেক্টেৰ পাইল’ৰি হৈছে এবিধ সাধাৰণ বেক্টেৰিয়া, যি পেটত দীৰ্ঘদিন ধৰি সংক্ৰমণ ঘটায় আৰু গেষ্ট্ৰিক কেঞ্চাৰৰ সম্ভাৱনা বৃদ্ধি কৰে।
এই কৰ্কট ৰোগ বৰ্তমান বিশ্বৰ ভিতৰতে কৰ্কট ৰোগজনিত মৃত্যুৰ পঞ্চম প্ৰধান কাৰণ হিচাপে পৰিগণিত হৈছে। গৱেষকসকলে উল্লেখ কৰা মতে গেষ্ট্ৰিক কেঞ্চাৰ প্ৰতিৰোধৰ বাবে বিশেষকৈ জনস্বাস্থ্য পৰীক্ষা আৰু এই বেক্টেৰিয়াৰ চিকিৎসাত অধিক বিনিয়োগৰ প্ৰয়োজন হ’ব। চিকিৎসাৰ জৰিয়তে এই ৰোগ ফলপ্ৰসূভাৱে প্ৰতিৰোধ কৰিব পাৰি বুলিও কোৱা হৈছে।
গৱেষকসকলৰ মতে, ভৱিষ্যতে এছিয়াত ১.০৬ কোটি নতুন গেষ্ট্ৰিক কেঞ্চাৰ ৰোগী দেখা যাব পাৰে। ইয়াৰে কেৱল ভাৰত আৰু চীনত ৬৫ লাখতকৈ অধিক ৰোগী ধৰা পৰাৰ সম্ভাৱনা আছে। বৰ্তমানৰ গেষ্ট্ৰিক কেঞ্চাৰ প্ৰতিৰোধ নীতিত কোনো পৰিৱৰ্তন নকৰিলে ভাৰতত এই সংখ্যা ১৬,৫৭,৬৭০জন পৰ্যন্ত হ’ব পাৰে।
গৱেষকসকলৰ মতে যদি সময়মতে চিকিৎসা পৰীক্ষা কৰা হয় আৰু বেক্টেৰিয়াৰ চিকিৎসাৰ দৰে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা হয়, তেতিয়া ভৱিষ্যতে গেষ্ট্ৰিক কেঞ্চাৰৰ প্ৰাদুৰ্ভাৱ ৭৫ শতাংশ পৰ্যন্ত হ্ৰাস কৰা সম্ভৱ হ’ব।