আন্ত্ৰিক স্বাস্থ্যৰ দৈনিক সমস্যা দূৰ কৰিব এই যোগে, বাবা ৰামদেৱে দিলে সমাধান
আমাৰ অন্ত্ৰ আৰু পাচনতন্ত্ৰৰ স্বাস্থ্যক আন্ত্ৰিক স্বাস্থ্য বুলি জনা যায়। ইয়াৰ অৱনতি ঘটিলে ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায় আৰু হৰম’নৰ ভাৰসাম্যহীনতাৰ উপৰিও ছালত প্ৰভাৱ পৰে। আন্ত্ৰিক স্বাস্থ্যৰ ক্ষেত্ৰত এক যোগাসনে যথেষ্ট সহায় কৰে। জানো আহক এই বিষয়ে।

সুস্বাস্থ্য এক সুখী জীৱনৰ প্ৰধান আধাৰ। দেহক সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত যোগাসনৰ গুৰুত্বৰ কথা পুনৰাই কোৱাৰ স্বাভাৱিকতেই কোনো প্ৰয়োজন নাই। ভাৰতীয় সমাজে পুৰণি কালৰ পৰা যোগাসনৰ সহায়ত এক সুস্থ জীৱন যাপন কৰি আহিছে। দেশৰ পুৰাণিক এই স্বাস্থ্য ৰক্ষাৰ উপায় যোগাসনৰ প্ৰচাৰ তথা প্ৰসাৰত পতঞ্জলিৰ প্ৰতিষ্ঠাপক বাবা ৰামদেৱে যথেষ্ট অৰিহণা যোগাইছে। আয়ুৰ্বেদিক পদ্ধতিৰে চিন্তনীয় ৰোগৰ সৈতে যুঁজ দিয়া তথা নিয়ন্ত্ৰণ কৰাত বিশ্বাস কৰে যোগগুৰু ৰামদেৱে। তেওঁৰ মতে আয়ুৰ্বেদ আৰু যোগৰ সহায়ত প্ৰায় প্ৰতিটো ৰোগৰ চিকিৎসা বা নিয়ন্ত্ৰণ কৰিব পৰা যায়।
বাবা ৰামদেৱে প্ৰায়ে ছ’চিয়েল মিডিয়াত ফিট হৈ থকাৰ বাবে কিছু সহজ টিপছ দিয়া দেখা যায়। যোগ আৰু আয়ুৰ্বেদিক পদ্ধতিৰে পাচনতন্ত্ৰ কিদৰে সুস্থ কৰি ৰাখিব পাৰি সেই বিষয়ে তেওঁ বহুবাৰ বাখ্যা দাঙি ধৰিছে। তেওঁৰ প্ৰচেষ্টাত যোগাসনে এতিয়া এক গণ আন্দোলন হিচাপে আত্মপ্ৰকাশ কৰিছে। এতিয়া কোটি কোটি লোকে যোগাসনক নিজৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে গঢ়ি তুলিছে।
তেওঁ যোগক কেৱল শাৰীৰিক স্বাস্থ্যৰ সৈতেই নহয়, মানসিক আৰু আধ্যাত্মিক ভাৰসাম্যৰ সৈতেও সংযোগ কৰিছে। শেহতীয়াকৈ এক ভিডিঅ’ত যোগ গুৰু ৰামদেৱে বজ্ৰাসনৰ উপকাৰিতাৰ বিষয়ে বাখ্যা কৰা দেখা গৈছে। নিয়মিতভাৱে বজ্ৰাসন কৰিলে পাচনতন্ত্ৰৰ উপকাৰিতাৰ লগতে ডায়েবেটিছো নিয়ন্ত্ৰণ কৰিব পাৰি বুলি তেওঁ কয়। ৰামদেৱৰ বাখ্যা মতে এই যোগাসন কিদৰে আমাৰ আন্ত্ৰিক স্বাস্থ্যৰ মহৌষধ হিচাপে প্ৰমাণিত হ’ব পাৰে জানো আহক।
আমাৰ অন্ত্ৰ আৰু পাচনতন্ত্ৰৰ স্বাস্থ্যক আন্ত্ৰিক স্বাস্থ্য বুলি জনা যায়। ইয়াৰ অৱনতি ঘটিলে ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায় আৰু হৰম’নৰ ভাৰসাম্যহীনতাৰ উপৰিও ছালত প্ৰভাৱ পৰে। NCBIৰ মতে অন্ত্ৰত বহুতো অণুজীৱ যেনে বেক্টেৰিয়া, ভাইৰাছ, প্ৰ’ট’জ’য়া আদি থাকে। গৱেষণাৰ মতে, অধিক এণ্টিবায়টিক গ্ৰহণ কৰাৰ বাবে ভাল বেক্টেৰিয়া ধ্বংস হ’বলৈ আৰম্ভ কৰে, ইয়াৰ ফলত আন্ত্ৰিক স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে।
জাংক ফুড, প্ৰচেছড ফুড আৰু অত্যধিক চেনি খোৱাৰ বাবেও আন্ত্ৰিক স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত মানসিক চাপ আৰু টোপনিৰ অভাৱ হয়। পাচনতন্ত্ৰ শক্তিশালী কৰিবলৈ ফাইবাৰযুক্ত খাদ্যবস্তু খাব লাগে। লগতে দৈ, কাঞ্জি আদি প্ৰ’বায়টিকো অতি ফলপ্ৰসূ প্ৰমাণিত হয়। যোগ বা শাৰীৰিক কাৰ্যকলাপ এইক্ষেত্ৰত অধিক সহায়ক হয়। আন্ত্ৰিক স্বাস্থ্যৰ দুৰ্বলতাৰ বাবে গেছ, বদহজম আৰু এচিডিটি স্থায়ী হৈ থাকে। ইয়াৰ লগতে কোষ্ঠকাঠিন্য, ছালৰ সমস্যা আৰু শক্তি হ্ৰাস পাবলৈও আৰম্ভ কৰে।
বজ্ৰাসন কিদৰে কৰিব
বাবা ৰামদেৱে দেখুৱাই দিয়া মতে, এই আসন কৰিবলৈ আঁঠু দুটা বেঁকা কৰি ভৰিৰ আঙুলিবোৰ একেলগে সংযোগ কৰি গোৰোহাৰ ওপৰত বহিব লাগে। মনত ৰাখিব, আসনৰ সময়ত সদায় মেৰুদণ্ড পোন কৰি ৰাখিব লাগে। এতিয়া দুয়োখন হাত মুঠি মাৰি নাভিৰ ওপৰত ৰাখি আগলৈ কুঁজা হওক। এই ভংগীমাত ১ মিনিট থাকক আৰু কমেও ৫ বাৰ এইদৰে কৰক।
ৰামদেৱে কয় যে যদি আপুনি নিয়মিতভাৱে এই আসন কৰে, তেতিয়া আন্ত্ৰিক স্বাস্থ্যৰ উন্নতি হয় আৰু ডায়েবেটিছৰ দৰে গুৰুতৰ ৰোগৰ পৰাও মুক্তি পাব পাৰি। খাদ্য খোৱাৰ পিছত এই আসন কৰিলে খাদ্য সহজে আমাৰ অন্ত্ৰত উপনীত হ’ব পাৰে। এনে কৰিলে বিপাকীয় ক্ৰিয়া উন্নত হয় আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰা উপশম পায়। এই আসনে আমাৰ ৰক্ত সঞ্চালন উন্নত কৰে, ফলত পাচন অংগ আৰু মগজুৰ কাম-কাজ উন্নত হয়।