পেটৰ ভিতৰত ঘাঁ হ’লে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা…
আজিকালি মানুহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। তাৰ ভিতৰত পেটৰ ভিতৰত ঘাঁ হোৱা অন্যতম। এই সমস্যাৰ সৃষ্টি হ'লে কিছুমান বিশেষ লক্ষণে দেখা দিয়ে।

ব্যস্ততাপূৰ্ণ জীৱন আৰু খাদ্যভাস সলনি হোৱাৰ ফলত আজিকালি মানুহৰ শৰীৰৰত বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। ইয়াৰ ভিতৰত এটা অন্যতম হ’ল পেটৰ ভিতৰত ঘাঁ। সময়মতে যদি এই ঘাঁৰ চিকিৎসা কৰা নাযায় তেন্তে ই গুৰুতৰ ৰূপ লোৱাৰ সম্ভাৱনাই দেখা দিয়ে। পেটত ঘাঁ হ’লে কি কি লক্ষণে দেখা দিয়ে,ইয়াৰ কাৰণ আৰু প্ৰতিৰোধৰ ব্যৱস্থা কি কি হ’ব এই লেখাটোত উল্লেখ কৰা হ’ল-
পেটত ঘাঁ কিয় হয়
মেক্স হাস্পতালৰ ডাঃ ৰোহিত কাপুৰে পেটত ঘাঁ বা গেষ্ট্ৰিক আলচাৰ হোৱাৰ কাৰণ আৰু ইয়াৰ লক্ষণৰ বিষয়ে জনাইছে। এই ঘাঁবোৰ এচিড আৰু এনজাইমৰ দ্বাৰা হয়, যিয়ে খাদ্য হজম কৰাত সহায় কৰে। এই ঘাঁবোৰে বিষ, পাচনতন্ত্ৰৰ বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে।
মূল কাৰণ
মেক্স হাস্পতালৰ ডাঃ ৰোহিত কাপুৰে কয় যে,হেলিক’বেক্টেৰ পাইল’ৰি হৈছে এনে এবিধ বেক্টেৰিয়া যিয়ে পেটৰ শ্লেষ্মা স্তৰৰ ক্ষতিসাধন কৰে, যাৰ ফলত এচিড পেটৰ বেৰত গৈ আলচাৰ গঠন হ’ব পাৰে।
- বিষৰ ঔষধঃ দীৰ্ঘদিন ধৰি যদি কোনোৱে এছপিৰিন, আইবুপ্ৰফেন আদি বিষৰ ঔষধ সেৱন কৰে তেন্তে পেটৰ সুৰক্ষা স্তৰ দুৰ্বল হৈ পৰে, যাৰ ফলত আলচাৰ হ’ব পাৰে। গতিকে চিকিৎসকৰ পৰামৰ্শ অবিহনে বিষৰ দৰৱ সেৱন কৰিব নালাগে।
- অধিক মচলাযুক্ত খাদ্যঃ অধিক মচলাযুক্ত খাদ্যইও পেটত ঘাঁ কৰিব পাৰে। জ্বলা, মচলা,জাংক ফুডে পেটৰ আৱৰণ ক্ষতিগ্ৰস্ত কৰে আৰু আলচাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে।
- মানসিক চাপ আৰু উদ্বেগঃ যদি আপুনি দীৰ্ঘদিন ধৰি মানসিক চাপত ভুগি থাকে তেন্তে ইয়াৰ ফলত পেটত ঘাঁ হ’ব পাৰে। অহৰহ মানসিক চাপে শৰীৰত এচিডৰ উৎপাদন বৃদ্ধি কৰে। তেনেস্থলত পেটত ঘাঁ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
- মদ আৰু ধূমপানঃ অত্যাধিক ধূমপান আৰু সুৰা সেৱন কৰাৰ ফলত পেটত ঘাঁ হ’ব পাৰে। ই পেটৰ আৱৰণত প্ৰভাৱিত কৰে যাৰ ফলত আলচাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
লক্ষণ
- পেটত জ্বলন বা বিষঃ সাধাৰণতে খাদ্য গ্ৰহণ কৰাৰ পাছত বা খাদ্য খোৱাৰ পূৰ্বে বিষ অনুভৱ কৰা। জ্বলা-পোৰাৰ দৰে এই বিষ হ’ব পাৰে।
- টেঙা উগাৰঃ যদি আপোনাৰ বাৰে বাৰে উগাৰ আহে তেন্তে ই পেটত ঘাঁ হোৱাৰ লক্ষণ হ’ব পাৰে। উগাৰৰ লগতে ডিঙি, বুকু আদিত জ্বলা-পোৰা অনুভৱ কৰিব পাৰে।
- বমিঃ যদি আপোনাৰ বমি হয় বা বাৰে বাৰে বমি অনুভৱ কৰে তেন্তে ই পেটত ঘাঁ হোৱাৰ লক্ষণ হ’ব পাৰে।
- ভোক কমাঃ ভোক কমি যোৱা, খাবলৈ মন নোযোৱা , দ্ৰুতগতিত ওজন হ্ৰাস পোৱা এই বেমাৰৰ লক্ষণ হ’ব পাৰে।
- ক’লা শৌচ বা তেজঃ যদি আপোনাৰ শৌচ ক’লা হয় আৰু তাত তেজ দেখা পায়, তেন্তে বিপদজনক লক্ষণ। এনে হ’লে লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
কেনেকৈ হাত সাৰিব
মেক্স হাস্পতালৰ ডাঃ ৰোহিত কাপুৰে কয় যে কিছুমান বিশেষ কথাৰ ওপৰত মন দি পেটৰ আলচাৰ হোৱাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। উদাহৰণস্বৰূপে খাদ্যাভ্যাস উন্নত কৰাৰ দৰকাৰ। ইয়াৰ লগতে সহজে হজম হোৱা খাদ্য খাব লাগে। বেছি টেঙাযুক্ত খাদ্য পৰিহাৰ কৰা উচিত। মানসিক চাপ কম কৰাৰ বাবে যোগাসন, ধ্যান বা অন্য ভালপোৱা কাম কৰক। ধূমপান আৰু সুৰাৰ পৰা আঁতৰি থকা দৰকাৰ। ইয়াৰোপৰি চিকিৎসকৰ পৰামৰ্শ অবিহনে ঔষধ সেৱন কৰিব নালাগে।
গতিকে ওপৰোক্ত লক্ষণসমূহ দেখা দিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা আৱশ্যক।
অন্য খবৰ পঢ়কঃ Fungal infection: বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা নিজক কেনেদৰে ৰক্ষা কৰিব? জানক সহজ উপায়…