শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Fungal infection: বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা নিজক কেনেদৰে ৰক্ষা কৰিব? জানক সহজ উপায়…

বাৰিষাৰ দিনত বহুতৰে ছালৰ সংক্ৰমণ হয়। এই ক্ষেত্ৰত সাৱধানে থকা দৰকাৰ। ইয়াৰোপৰি কিছুমান উপায় অৱলম্বন কৰিলে এই সমস্যাৰ পৰা আঁতৰত থাকিব পাৰি।

Fungal infection: বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা নিজক কেনেদৰে ৰক্ষা কৰিব? জানক সহজ উপায়…
সংক্ৰমণImage Credit source: pexels
barasha-sarma
Barasha Sarma | Published: 02 Jun 2025 10:59 AM

বহুতে বৰষুণ ভাল পায়। বৰষুণে গৰমৰ পৰা সকাহ প্ৰদান কৰে। বৰ্তমান সময়ত জলবায়ুৰ ভাৰসাম্য বজাই ৰখাৰ লগতে কৃষি, জীৱ-জন্তু আদিৰ বাবেও ই অতি গুৰুত্বপূৰ্ণ। বাৰিষাকালৰ সুবিধাৰ লগতে কিছুমান অসুবিধাও আছে। বৰষুণত হোৱা আৰ্দ্ৰতাৰ বাবে এই বতৰত বহু ৰোগৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ ফলত ছালৰ লগত জড়িত কিছুমান সমস্যাৰো সৃষ্টি হয়। গতিকে বাৰিষাকালত ফাংগল ইনফেকশ্যন বা ভেঁকুৰৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ কিছুমান সৰু সৰু কথা মন দিয়া প্ৰয়োজন।

বাৰিষাৰ সময়ত ফাংগল ইনফেকশ্যন বা ভেঁকুৰৰ সংক্ৰমণ বাঢ়ি যায়। এই দিনকেইটাত আপুনি যদি কিছুমান বিশেষ দিশৰ ওপৰত গুৰুত্ব দিয়ে তেন্তে চিকিৎসকৰ ওচৰলৈ নোযোৱাকৈ ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰে। এনে সংক্ৰমণৰ পৰা আঁতৰত থাকিবলৈ কি কি কথাৰ ওপৰত মন দিব লাগে এই লেখাটোত উল্লেখ কৰা হ’ল।

শুকান ছাল

ফাংগল ইনফেকশ্যনৰ পৰা হাত সাৰিবলৈ ছাল পৰিষ্কাৰ কৰাৰ লগতে শুকান কৰি ৰখাটো অতি প্ৰয়োজনীয়। গা ধোৱাৰ পিছত ভালদৰে টাৱেলেৰে মচি ডিঙি, ভৰিৰ মাজৰ অংশ আৰু হাতৰ তলৰ অংশ পৰিষ্কাৰ কৰি শুকাই ল’ব লাগে। ইয়াৰোপৰি ঘাম ওলালে কপাহী কাপোৰেৰে ছালখন মচিব লাগে। ইয়াৰ বাবে আপুনি পাউদাৰো ব্যৱহাৰ কৰিব পাৰে।

গা ধোৱাৰ পাছত

যদি আপুনি বৰষুণত গা ধোৱে বা তিতে তেন্তে তাৰ পাছত সাধাৰণ পানীৰে গা ধুৱা প্ৰয়োজন। ইয়াৰ পাছত ছালখন পৰিষ্কাৰ কৰি ভাল কাপোৰ পৰিধান কৰিব লাগে। বৰষুণত তিতাৰ পাছত মূৰটোও ভালদৰে ধুই চাফা কৰিব লাগে। তিতা কাপোৰ পিন্ধি বেছি সময় নাথাকিব। ইয়াৰ ফলত ফোহা, পিম্পল আদি সমস্যাৰ সৃষ্টি হয়।

বাহিৰলৈ গ’লে

যদি বৰষুণৰ সময়ত আপুনি বাহিৰত যাব লগা হয় তেন্তে বোকা-লেতেৰাৰ পৰা দূৰত থকাৰ চেষ্টা কৰিব। ইয়াৰোপৰি ঘৰলৈ আহি প্ৰথমে ভৰি-হাত ধুব। যদি আপোনাৰ জোতা তিতি গৈছে তেন্তে সেয়া চাফা কৰা দৰকাৰ। ইয়াৰোপৰি মাজে মাজে আপুনি কুহুমীয়া পানীত নিমখ অলপ দি সেই পানীৰে ভৰি চাফা কৰিব পাৰে।

ৰদত কাপোৰ শুকাব

বহু সময়ত বৰষুণৰ সময়ত কাপোৰ আৰ্দ্ৰ হৈ থাকে। এনে কাপোৰ পৰিধান কৰিব নালাগে। কাপোৰ, টাৱেল আদি সূৰ্যৰ পোহৰত শুকাব লাগে। বিশেষকৈ ৰ’দত আণ্ডাৰগাৰ্মেণ্ট শুকুৱাব লাগে। যদি আপুনি যিকোনো ধৰণৰ ছালৰ সমস্যাৰ সন্মুখীন হৈছে, তেন্তে নিজৰ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ।

যদি আপুনি বাৰিষাৰ দিনত খজুৱতি, ফাংগল ইনফেকশ্যন আদিৰ সমস্যাত ভুগিছে তেন্তে এই ক্ষেত্ৰত আপুনি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ।

 

 

অন্য খবৰ পঢ়কঃ Covid 19: বুষ্টাৰ ড’জ লোৱাৰ পাছতো আক্ৰান্ত হ’ব নেকি কোৰোনাত? জানক চিকিৎসকে কি কয়…