শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Stomach Ulcer Symptoms: পেটৰ ভিতৰত ঘাঁ হ’লে প্ৰাৰম্ভিক অৱস্থাত কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা…

Stomach Ulcer Symptoms: আজিকালি বহু মানুহে বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ভোগে। কিছুমানৰ পেটৰ ভিতৰত ঘাঁ হোৱা দেখা যায়। যেতিয়া এই ৰোগ হয় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ।

Stomach Ulcer Symptoms: পেটৰ ভিতৰত ঘাঁ হ’লে প্ৰাৰম্ভিক অৱস্থাত কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা…
পেটৰ ঘাঁImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 09 Dec 2025 14:21 PM

যেতিয়া পেট বা অন্ত্ৰৰ ভিতৰৰ আৱৰণত ঘাঁ বা আঘাতৰ সৃষ্টি হয় তেতিয়া তাক পেটৰ ঘাঁ বা Stomach Ulcer বুলি কোৱা হয়। প্ৰায়ে পেটত (গেষ্ট্ৰিক আলচাৰ) বা ক্ষুদ্ৰান্ত্ৰত (ডুঅ’ডেনাল আলচাৰ) দেখা দিয়ে। যদি এই ঘাঁৰ সময়মতে চিকিৎসা কৰা নহয় তেতিয়া তেজ ওলোৱা, বিভিন্ন সংক্ৰমণ হ’ব পাৰে। যিসকলে মদ্যপান, টেঙা খাদ্য বেছি খায়, মানসিক চাপ আছে তেনে লোকৰ বাবে এই সমস্যা গুৰুতৰ হৈ পৰিব পাৰে।

কাৰণ

যেতিয়া পেট বা অন্ত্ৰত থকা এচিড বাঢ়ি যায় বা ইয়াৰ ভিতৰৰ আৱৰণ দুৰ্বল হয় তেতিয়া আলচাৰ হয়। হেলিক’বেক্টেৰ পাইল’ৰি বেক্টেৰিয়াৰ সংক্ৰমণ আলচাৰৰ সাধাৰণ কাৰণ। ইয়াৰোপৰি দীৰ্ঘদিন ধৰি বিষৰ ঔষধ, মানসিক চাপ, ধূমপান, সুৰাপান, বেয়া খাদ্য, বেয়া জীৱনশৈলী আদিৰ ফলতো পেটৰ ঘাঁ হয়। জিনীয় কাৰণেও আলচাৰৰ সম্ভাৱনা বৃদ্ধি কৰে। এচিড আৰু পেটৰ আৱৰণৰ মাজৰ ভাৰসাম্য বিঘ্নিত হ’লে ই ডাঙৰ সমস্যালৈ ৰূপান্তৰিত হ’ব পাৰে।

লক্ষণ

পেটৰ ঘাঁ সন্দৰ্ভত সবিশেষ জনাইছে দিল্লীৰ জ্যেষ্ঠ চিকিৎসক ডাঃ কমলজীত সিঙে। তেওঁ কৈছে যে, পেটৰ ভিতৰত ঘাঁ হ’লে প্ৰাৰম্ভিক অৱস্থাত লক্ষণবোৰ সাধাৰণ হয়। কিন্তু বহুতে এইবোৰ আওকাণ কৰি চলে। কিছুমান সাধাৰণ লক্ষণ হ’ল-

  • পেটৰ জলা পোৰা।
  • খাদ্য গ্ৰহণ কৰাৰ পাছত পেটত বিষ বা গধুৰতা।
  • ভোক কমি যোৱা।
  • বমি হোৱা বা বমি বমি ভাব।
  • খাদ্য খোৱাৰ পিছত গেছ বা এচিড ৰিফ্লাক্স অনুভৱ।

গুৰুতৰ লক্ষণ

  • পেটৰ বিষ
  • ক’লা শৌচ বা তেল ওলোৱা।
  • সঘনাই বমি হোৱা।
  • ওজন কমি যোৱা।
  • দুৰ্বলতা আদি।

যদি এই লক্ষণসমূহ দীৰ্ঘদিন ধৰি দেখা দি থাকে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। এনে লক্ষণ আওকাণ কৰিলে ডাঙৰ সমস্যা হ’ব পাৰে। ইয়াৰ ফলত পেট বা অন্ত্ৰত ছিদ্ৰ হোৱা, আভ্যন্তৰীণ ৰক্তক্ষৰণ আৰু গুৰুতৰ সংক্ৰমণ হ’ব পাৰে।

প্ৰতিৰোধৰ উপায়

  • টেঙা আৰু তেলযুক্ত খাদ্য কমকৈ খাব।
  • সুষম খাদ্য গ্ৰহণ কৰক।
  • ভাল জীৱনশৈলী।
  • মদ্যপান, ধূমপান ত্যাগ কৰক।
  • চিকিৎসকৰ পৰামৰ্শ অবিহনে বিষৰ ঔষধ নাখাব।
  • ব্যায়াম কৰক।
  • অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।

 

অন্য খবৰ পঢ়কঃ আপোনাতকৈ আগতে বুঢ়া হৈছে নেকি মগজু? জানক এই ৫টা লক্ষণ…