শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ঘৰুৱা উপায়! এই পানীয়ই নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ, জানক বিশেষজ্ঞৰ পৰা…

আজিকালি প্ৰায়ভাগ মানুহে ডায়েবেটিছৰ সমস্যাত ভোগা দেখা যায়। জীৱনশৈলী বা কিছুমান খাদ্যৰ দ্বাৰা ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিব পাৰি। আপুনিও যদি ডায়েবেটিছত আক্ৰান্ত তেন্তে ইয়াৰ বিষয়ে জনা দৰকাৰ।

ঘৰুৱা উপায়! এই পানীয়ই নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ, জানক বিশেষজ্ঞৰ পৰা…
মধুৰিআম পাতৰ ৰসImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 07 Sep 2025 19:51 PM

বৰ্তমান দেশত ডায়েবেটিছ ৰোগীৰ সংখ্যা তীব্ৰবেগীত বৃদ্ধি পাইছে। যুৱক-যুৱতীৰ পৰা বৃদ্ধলৈকে বিভিন্ন বয়সৰ মানুহে এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। ডায়েবেটিছ সাধাৰণতে দুই প্ৰকাৰৰ থাকে। টাইপ ১ ডায়েবেটিছ আৰু টাইপ ২ ডায়েবেটিছ। সাধাৰণতে জিনীয় কাৰণত টাইপ ১ ডায়েবেটিছ হয়, ইয়াৰ বিপৰীতে জীৱনশৈলী, খাদ্যভাস আদি কাৰণত টাইপ ২ ডায়েবেটিছ হোৱা দেখা যায়।

ডায়েবেটিছ হ’লে মানুহে বিশেষকৈ জীৱনশৈলী আৰু খাদ্যভাসৰ ওপৰত গুৰুত্ব দিব লাগে। খাদ্য আৰু বিভিন্ন পদ্ধতি অৱলম্বন কৰি এই ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব পাৰি। এই সন্দৰ্ভত নিউট্ৰেছিয়ান লীমা মহাজনে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। য’ত তেওঁ এবিধ পানীয়ৰ বিষয়ে কৈছে যাৰ দ্বাৰা ডায়েবেটিছ কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যায়।

কি এই পানীয়

ডায়েবেটিছৰ বাবে মধুৰিআমৰ পাত ফলপ্ৰসূ। মধুৰিআম এনে এক ফল য’ত ফাইবাৰৰ লগতে প্ৰ’টিন অধিক পৰিমাণে থাকে। মধুৰিআমৰ পৰা শৰীৰে ৪ গ্ৰাম পৰ্যন্ত প্ৰ’টিন লাভ কৰে।ইয়াৰোপৰি মধুৰিআম আৰু মধুৰিআমৰ পাতে ইনচুলিনৰ চিগনেল ভাল কৰাত সহায় কৰে। অৰ্থাৎ আপোনাৰ কোষে গ্লুক’জ ভালদৰে গ্ৰহণ কৰিব পাৰে। যাৰ বাবে মধুৰিআমৰ পাত ডায়েবেটিছৰ বাবে উপকাৰী। নিউট্ৰিছিয়ানগৰাকীয়ে কয় যে, যদি আপুনিও ডায়েবেটিছত ভুগি আছে তেন্তে মধুৰিআমৰ পাতৰ পৰা চাহ তৈয়াৰ কৰি সেয়া খাব পাৰে। ইয়াৰোপৰি প্ৰতিদিনে মধুৰিআম খাব পাৰে।

কেনেকৈ বনাব

  • মধুৰিআমৰ পাতৰ চাহ বনাবলৈ প্ৰথমে আপোনাক ৫-৬টা পাতৰ প্ৰয়োজন হ’ব।
  • পাছত পাতকেইটা ভালদৰে ধুই লওক।
  • পাছত এটা গিলাচত পানী বা ২ কাপ পানী উতলাই লওক।
  • পাছত সেই পানীত মধুৰিআমৰ পাত কেইটা দিয়ক আৰু ১০ মিনিটমান গৰম কৰক।
  • মধুৰিআমৰ পাতকেইটা ভালদৰে সিজিলে পানীখিনি গিলাচত উলিয়াই লওক।
  • পাছত চাহৰ দৰে খাব। প্ৰতিদিনে এই পানীয় খাব পাৰে।

অন্য উপকাৰিতা

  • মধুৰিআমৰ পাত ডায়েৰিয়াৰ বাবে উপকাৰী। পাতকেইটা ভালদৰে পিহি লৈ ৰস উলিয়াই ৰসখিনি খাব পাৰে। অলপ মৌ মিহলাই দিব পাৰে।
  • এই পাত সেৱন কৰিলে দৃষ্টিশক্তি ভাল হয়।
  • ই কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
  • ই ছালৰ বাবেও উপকাৰী। ই বয়সৰ প্ৰভাৱ নিয়ন্ত্ৰণত সহায় কৰে।
  • ই ছালৰ টেক্সচাৰ উন্নত কৰাৰ কাম কৰে। যাৰ বাবে ছালখন ধুনীয়া আৰু কোমল কৰাত সহায় কৰে।

( ইয়াত কেৱল সাধাৰণ জ্ঞান প্ৰদান কৰা হৈছে। অধিক জানিবৰ বাবে আপুনি বিশেষজ্ঞৰ পৰামৰ্শ ল’ব পাৰে।

 

অন্য খবৰ পঢ়কঃ পেটৰ ওপৰৰ অংশত বিষ, বমি…পেটৰ কৰ্কট ৰোগ হ’লে দেখা দিয়ে এই ৫টা লক্ষণ, জানক সকলো…