ঘৰত আৰু মাখিৰ উপদ্ৰৱত হ’ব নালাগে অতিষ্ঠ, এনে সহজ উপায়েৰে দূৰ কৰিব পাৰিব সমস্যা
মাখিৰ সমস্যাৰ পৰা সকাহ পাবলৈ কিছুমান ঘৰুৱা উপায়ৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে। এই উপায়সমূহ সম্পূৰ্ণ প্ৰাকৃতিক আৰু অত্যন্ত ফলপ্ৰসূ বিবেচিত হ’ব। জানো আহক এই বিষয়ে।

মাখিৰ সমস্যা কম–বেছি পৰিমাণে প্ৰায় সকলো লোকৰে ঘৰতে থাকে। শান্তিৰে বহি আড্ডা মাৰি থকাৰ সময়তে হওক, কিবা এটা খাই থকাৰ সময়তে হওক বা মোবাইল–টেলিভিচনত প্ৰিয় কোনো চিনেমা এখন চাই থকাৰ সময়ত মাখিয়ে অশান্তি কৰিলে অত্যন্ত বিৰক্তিকৰ হৈ পৰে। কেৱল বিৰক্তিয়েই নহয়, মাখি বিভিন্ন বীজাণুৰো বাহক। টাইফয়েড, ডায়েৰিয়া, কলেৰা আদি বহুতো ৰোগৰ প্ৰধান বাহক মাখি। মাখিৰ সমস্যাৰ সমাধানৰ বাবে প্ৰায়ে বজাৰত উপলব্ধ ৰাসায়নিক স্প্ৰে ব্যৱহাৰ কৰা হয়।
কিন্তু এনে ৰাসায়নিক স্প্ৰে দীৰ্ঘকালীনভাৱে ব্যৱহাৰ কৰা দেহৰ লগতে পৰিৱেশৰ বাবে ক্ষতি হয়। গতিকে মাখিৰ সমস্যাৰ পৰা সকাহ পাবলৈ কিছুমান ঘৰুৱা উপায়ৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে। এই উপায়সমূহ সম্পূৰ্ণ প্ৰাকৃতিক আৰু অত্যন্ত ফলপ্ৰসূ বিবেচিত হ’ব। পিছে তাৰ পূৰ্বে মাখিৰ সমস্যাৰ কাৰণো জানিব লাগিব।
ঘৰত জাৱৰ-জোঁথৰঃ ডাষ্টবিন বা মুকলি ঠাইত থকা জাৱৰ-জোঁথৰ মাখিৰ বাবে আটাইতকৈ প্ৰিয় ঠাই।
অপৰিষ্কাৰ পাকঘৰঃ অপৰিষ্কাৰ প্লেট, পেলনীয়া খাদ্য, গেলি যোৱা শাক-পাচলি, মাছ আৰু মাংসৰ টুকুৰাৰ গোন্ধত মাখি আকৰ্ষিত হয়।
পচি যোৱা ফল বা অত্যধিক আৰ্দ্ৰ পৰিৱেশঃ গেলি যোৱা ফল–মূল তথা শাক-পাচলি, ঘৰৰ ভিতৰৰ সেমেকা পৰিৱেশ মাখিয়ে কণী পৰাৰ বাবে উৎকৃষ্ঠ ঠাই হৈ পৰে।
এতিয়া জানো আহক মাখিৰ উপদ্ৰৱৰ পৰা সকাহ দিব পৰা কিছুমান ঘৰুৱা উপায়ঃ
১) নেমু আৰু লং
নেমু এটা আধা কাটি লওক। নেমুৰ ভিতৰত ৭-৮ টা লং লগাই পাকঘৰত বা খিৰিকীৰ ওচৰত ৰাখিব। নেমু আৰু লঙৰ মিশ্ৰিত গোন্ধই মাখিক আঁতৰাই ৰাখিব।
২) নহৰু বা পিঁয়াজ
কেইফুটামান নহৰু বা আধা পিয়াজ পানীত উতলাই লওক। ঠাণ্ডা হ’লে স্প্ৰে’ বটলত ভৰাই কোঠাৰ চুকবোৰত স্প্ৰে’ কৰিব। মাখিয়ে এই গোন্ধ সহ্য কৰিব নোৱাৰে।
৩) তুলসী বা পদিনা
মাখিয়ে তুলসী আৰু পদিনাৰ গোন্ধ একেবাৰেই ভাল নাপায়। পাকঘৰৰ ভিতৰতে সৰু টাব এটাত পদিনা গছ ৰাখিব পাৰে। নতুবা ইচ্ছা কৰিলে তুলসী আৰু পদিনা পাতৰ পানী ঘৰত ছটিয়াই দিব পাৰে।
৪) ধূনা দিন
মহ–মাখিৰ পৰা সকাহ লাভৰ এক সঠিক উপায় ধূনা। পুৱা–গধূলি ধূনা কৰ্পূৰ জ্বলাই ঘৰৰ চুকে–কোনে কেইমিনিটমান ধোঁৱা দিব। মাখি, মহ বা আন কোনো পোক-পৰুৱা তেতিয়া আঁতৰি যাব।
মাখিৰ সমস্যাৰ পৰা সকাহ পাবলৈ প্ৰতিদিনে ডাষ্টবিন খালী কৰি ঢাকি ৰাখিব লাগে। খিৰিকীত নেট লগালে বাহিৰৰ পৰা মাখি সোমাব নোৱাৰে। লগতে পাকঘৰ শুকান আৰু পৰিষ্কাৰ কৰি ৰাখিলে মাখি নাহে। মাখিয়ে বিয়পোৱা ৰোগৰ পৰা ৰক্ষা পাবলৈ খাদ্য টেবুলত ভালদৰে ঢাকি ৰাখিব লাগে।