শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নখত বগা দাগ, বাৰে বাৰে ভাঙি যোৱা…হ’ব পাৰে এইসমূহ ডাঙৰ ৰোগৰ লক্ষণ, জানক সকলো…

মানুহৰ শৰীৰত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে। কিন্তু আপুনি জানেনে, নখে আমাক আমাৰ স্বাস্থ্যৰ বিষয়ে বুজায়। নখৰ কিছুমান ইংগিতে দিব পাৰে ডাঙৰ সংকেত।

নখত বগা দাগ, বাৰে বাৰে ভাঙি যোৱা…হ’ব পাৰে এইসমূহ ডাঙৰ ৰোগৰ লক্ষণ, জানক সকলো…
নখImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 05 Sep 2025 15:37 PM

সুস্থ নখৰ ৰং সাধাৰণতে পাতল গোলাপী আৰু ডাঠ হয়। কিন্তু যেতিয়া শৰীৰত কোনো সমস্যাৰ সৃষ্টি হয় এই ৰং , গঠন বা বিভিন্ন দিশ সলনি হ’বলৈ ধৰে। আপুনি জানি আচৰিত হ’ব যে নখে আমাক শৰীৰত হৈ থকা বেমাৰৰ ইংগিত দিয়ে। সৌন্দৰ্য বৃদ্ধিৰ লগতে নখে স্বাস্থ্যৰ কথাও কয়। নখে বিভিন্ন ৰোগৰ লক্ষণৰ বিষয়ে মানুহক অবগত কৰাব পাৰে। কিন্তু বহু মানুহে এই লক্ষণবোৰ গুৰুত্ব নিদিয়ে।

শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ হ’লে নখত প্ৰভাৱ পৰে। পাছত নখৰ ৰং পৰিবৰ্তন হ’বলৈ ধৰে। কিছুমানৰ নখত বগা দাগ, কিছুমানৰ নখ ভাঙিবলৈ আৰম্ভ কৰে।গতিকে নখে কি কি ৰোগৰ ইংগিত দিয়ে এই লেখাটোত সবিশেষ উল্লেখ কৰা হ’ল।

ভুল দিশত নখঃ যদি দিশ সলনি কৰি নখ গজে তেন্তে ই পুষ্টিকৰ উপাদানৰ অভাৱৰ লক্ষণ হ’ব পাৰে। নখবোৰ একাষৰীয়াকৈ বাহিৰলৈ বাঢ়ি আহিলে আইৰণৰ অভাৱৰ লক্ষণ হ’ব পাৰে। যদি নখবোৰ ভিতৰৰ পিনে সোমাই গৈছে ই হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ লক্ষণ হ’ব পাৰে। হৰম’নৰ ভাৰসাম্যহীনতাৰ বাবে নখ অস্বাভাৱিকভাৱে বৃদ্ধি পায়। ইয়াৰোপৰি যদি নখ পাতল হয় তেন্তে ভাঙি যায়। ভিটামিন বি১২ ৰ অভাৱত এনে হয়।

নখ হালধীয়াঃ নখ হালধীয়া হোৱা এক ডাঙৰ সমস্যাৰ লক্ষণ হ’ব পাৰে। ইয়াক কেতিয়াও আওকান কৰিব নালাগে। ই ডায়েবেটিছ, যকৃতৰ সমস্যাৰ লক্ষণ হ’ব পাৰে। ইয়াৰোপৰি শ্বাস-প্ৰশ্বাস বা আন শাৰীৰিক সমস্যাৰ কাৰণ হ’ব পাৰে।

নখ ভঙাঃ বহুতৰে নখ ভঙা দেখা যায়। এয়া সাধাৰণ কথা। কিন্তু কোনো কাৰণ নোহোৱাকৈ যদি বাৰে বাৰে নখ ভাঙে ই থাইৰয়ডৰ লক্ষণ হ’ব পাৰে। ইয়াৰোপৰি শৰীৰত কেলচিয়াম আৰু প্ৰটিনৰ অভাৱ হ’লেও নখ ভাঙে।

নখ বগাঃ যদি নখত বগা দাগ পৰে তেন্তে এয়া বৃক্ক, জ্বৰ আদিৰ দৰে সমস্যাৰ লক্ষণ হ’ব পাৰে। ইয়াৰ লগতে শৰীৰত আইৰণ, জিংক আদিৰ অভাৱ হ’লেও এই লক্ষণে দেখা দিয়ে।

নখৰ ৰংঃ নখৰ ৰং সাধাৰণতে পাতল গোলপীয়া হয়। যদি ৰং সলনি হয় তেন্তে ই ভিটামিন চি, ফলিক এচিড আৰু প্ৰটিনৰ অভাৱৰ লক্ষণ হ’ব পাৰে। ইয়াৰোপৰি শৰীৰৰ ৰক্তসঞ্চালন ভাল নহ’লে নখৰ ৰং সলনি হয়।

যদি আপোনাৰে নখত এনে সমস্য়াবোৰে দেখা দিছে আৰু দীৰ্ঘদিন ধৰি হৈ আছে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল। বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি আপুনি নখৰ লগতে শৰীৰৰ স্বাস্থ্য উন্নত কৰিব পাৰে।

 

অন্য খবৰ পঢ়কঃ ভুলতো নকৰিব আওকান! যকৃতৰ সমস্যা হ’লে প্ৰাৰম্ভিক অৱস্থাত দেখা দিয়ে এই ৫টা লক্ষণ, জানক…