এইবিধ পানীয়ই বৃদ্ধি কৰিছে হাৰ্ট এটেকৰ সম্ভাৱনা! চিকিৎসকৰ পৰা জানক…
ইনষ্টাগ্ৰাম পোষ্টত চিকিৎসক দিমিত্ৰী ইয়াৰানোভে প্ৰশ্ন কৰে, "আপুনি ভাবিছেনে এনাৰ্জি ড্ৰিংকছ ক্ষতিকাৰক হয় নে নহয়? অথবা ইয়াক খোৱাৰ পিছত আপোনাৰ হৃদস্পন্দন বৃদ্ধি পায় নেকি?" ছ’চিয়েল মিডিয়াত ‘হাৰ্ট ট্ৰান্সপ্লাণ্ট ডাক’ নামেৰে পৰিচিত কাৰ্ডিঅ’লজিষ্টগৰাকীয়ে তেওঁৰ পোষ্টটোৰ শিৰোনাম দিছিল – ‘এটা দৈনিক অভ্যাস যিয়ে যুৱ প্ৰজন্মৰ হৃদযন্ত্ৰক হাৰ্ট ফেইলাৰ দিশে লৈ গৈ আছে।’

এনাৰ্জি ড্ৰিংকছৰ বিষয়ে বহুতো কথা চৰ্চিত হৈ থাকে। সকলোৱে একমত যে ই শৰীৰক সাময়িকভাৱে শক্তি প্ৰদান কৰে। কিন্তু ইয়াক বেছিকৈ খালেও ক্ষতি নহয় নেকি? একাংশ বিশেষজ্ঞৰ মতে নিয়মিতভাৱে এনাৰ্জি ড্ৰিংকছ খোৱাটো একেবাৰেই ভাল নহয়। এই অভ্যাসে আপোনাৰ হৃদযন্ত্ৰৰ যথেষ্ট ক্ষতি কৰিব পাৰে। শেহতীয়াকৈ চিকিৎসক দিমিত্ৰী ইয়াৰানোভে এই সন্দৰ্ভত নিজৰ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ প্ৰকাশ কৰিছে। তেওঁ কি কয়?
ইনষ্টাগ্ৰাম পোষ্টত চিকিৎসক দিমিত্ৰী ইয়াৰানোভে প্ৰশ্ন কৰে, “আপুনি ভাবিছেনে এনাৰ্জি ড্ৰিংকছ ক্ষতিকাৰক হয় নে নহয়? অথবা ইয়াক খোৱাৰ পিছত আপোনাৰ হৃদস্পন্দন বৃদ্ধি পায় নেকি?” ছ’চিয়েল মিডিয়াত ‘হাৰ্ট ট্ৰান্সপ্লাণ্ট ডাক’ নামেৰে পৰিচিত কাৰ্ডিঅ’লজিষ্টগৰাকীয়ে তেওঁৰ পোষ্টটোৰ শিৰোনাম দিছিল – ‘এটা দৈনিক অভ্যাস যিয়ে যুৱ প্ৰজন্মৰ হৃদযন্ত্ৰক হাৰ্ট ফেইলাৰ দিশে লৈ গৈ আছে।’
তেওঁৰ মতে, যুৱক-যুৱতী আৰু সুস্থ লোকে এনাৰ্জি ড্ৰিংক খোৱাৰ লগত হৃদৰোগৰ সম্পৰ্ক আছে। ডাঃ ইয়াৰানভে তেওঁৰ চেম্বাৰত লক্ষ্য কৰিছে যে অত্যধিক এনাৰ্জি ড্ৰিংক সেৱনে মানুহৰ বাবে গুৰুতৰ বিপদৰ সৃষ্টি কৰে।
তেওঁ কয়, “মোৰ চেম্বাৰত এনাৰ্জি ড্ৰিংক সেৱনৰ ফলত হৃদৰোগ হোৱা ৰোগীক ক্ৰমান্বয়ে দেখা পাইছো।২০-৩০ বছৰ বয়সৰ যুৱক-যুৱতী, সুস্থ লোকসকল হঠাতে হৃদযন্ত্ৰৰ বিকলতাত ভুগিছে। যিসকলৰ ধূমপান, পাৰিবাৰিক ৰোগৰ কোনো ইতিহাস নাই।কিন্তু এটা কথা মিল আছে – আগতে প্ৰতিদিনে ৩-৪ কেন এনাৰ্জি ড্ৰিংকছ সেৱন কৰিছিল।”
চিকিৎসকগৰাকীয়ে কয় যে এনাৰ্জি ড্ৰিংকছৰ দ্বাৰা ৰক্তচাপ বৃদ্ধি পায়, হৃদস্পন্দন অস্বাভাৱিক হ’ব পাৰে আৰু সময়ৰ লগে লগে হৃদপেশী দুৰ্বল কৰিব পাৰে। অতিৰিক্ত কেফেইন আৰু উদ্দীপক পদাৰ্থই হৃদযন্ত্ৰক অভাৰড্ৰাইভত পেলায়, যিটো জীৱনলৈ ভাবুকি কঢ়িয়াই আনিব পাৰে।
View this post on Instagram
তেওঁ কয়, “অতিৰিক্ত কেফেইন আৰু উদ্দীপক পদাৰ্থই হৃদযন্ত্ৰক অভাৰড্ৰাইভত পেলায়।ইয়াৰ ফলত হৃদস্পন্দন অনিয়মিত হ’ব পাৰে, ৰক্তচাপ বৃদ্ধি পাব পাৰে, সময়ৰ লগে লগে হৃদযন্ত্ৰৰ পেশী দুৰ্বল হ’ব পাৰে। আপোনাৰ হৃদয়খন গোটেই দিনটো, প্ৰতিদিনে ‘মেক্স মোড’ত কাম কৰিব পৰাকৈ ডিজাইন কৰা হোৱা নাই।” তেওঁ লগতে কয় যে অত্যধিক এনাৰ্জি ড্ৰিংকছ সেৱনৰ বিপদৰ বিষয়ে মানুহে সচেতন হোৱাটো গুৰুত্বপূৰ্ণ। সকলোৱে হয়তো বেমাৰত নপৰালৈকে ভালেই আছে বুলি ভাবিব পাৰে৷“
বিশেষজ্ঞসকলৰ মতে, কেফেইন আৰু চেনিৰ পৰিমাণ বেছি থকা এনাৰ্জি ড্ৰিংকছৰ ফলত হৃদস্পন্দন বৃদ্ধি, ৰক্তচাপ বৃদ্ধি, উদ্বেগ বা টোপনিৰ সমস্যাৰ সৃষ্টি হয়। নিয়মীয়াকৈ দীৰ্ঘদিন ধৰি সেৱন কৰিলে হৃদযন্ত্ৰত হেঁচা পৰে আৰু সুস্থ লোকৰ ক্ষেত্ৰতো এৰিথমিয়া বা অন্যান্য হৃদযন্ত্ৰৰ সমস্যাৰ সম্ভাৱনা বৃদ্ধি পায়।
লগতে পঢ়ক: শৰীৰত ভেঁকুৰৰ সংক্ৰমণ হ’লে ছালত দেখা দিয়ে এইসমূহ লক্ষণ, প্ৰতিকাৰৰ উপায় জানক…