শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Republic Day 2026 Wishes: এনেদৰে সকলোকে জনাওক গণৰাজ্য দিৱসৰ শুভেচ্ছা…

Republic Day 2026 Wishes: প্ৰতিবছৰে দেশত ২৬ জানুৱাৰীয় পালন কৰা হয় গণৰাজ্য দিৱস। এই দিনটোত দেশে লাভ কৰিছিল ভাৰতীয় সংবিধান। এই সংবিধান বিশ্বৰ সবাতোকৈ দীঘল আৰু লিখিত সংবিধান। এই দিনটোত সকলোকে প্ৰেৰণ কৰিব পাৰে গণৰাজ্য দিৱসৰ শুভেচ্ছা।

Republic Day 2026 Wishes: এনেদৰে সকলোকে জনাওক গণৰাজ্য দিৱসৰ শুভেচ্ছা…
গণৰাজ্য দিৱসৰ শুভেচ্ছাImage Credit source: Unsplash
Barasha Sarma
Barasha Sarma | Published: 22 Jan 2026 11:26 AM

মাজত মাত্ৰ কেইটামান দিন বাকী। অহা ২৬ জানুৱাৰীত সমগ্ৰ দেশে পালন কৰিব গণৰাজ্য দিৱস (Republic day)। এই দিনটো প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে অতি বিশেষ। কিয়নো এই দিনটোতেই দেশত গৃহীত হৈছিল ভাৰতৰ সংবিধান। ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰিছিল যদিও সেই সময়ত সংবিধান নাছিল। পাছত সংবিধান প্ৰস্তুত কৰা হৈছিল। এই প্ৰক্ৰিয়া আছিল অতি দীঘলীয়া। ইয়াৰ আঁৰত আছে বহু ব্যক্তিৰ অৱদান। পাছত ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় সংবিধান গৃহীত হৈছিল।

এই দিনটোত প্ৰতিগৰাকী ভাৰতীয়ই ইজনে আনজনক শুভেচ্ছা প্ৰেৰণ কৰে। গতিকে আপুনিও তলত দিয়া ধৰণে গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিব পাৰে।

  1. আমাৰ সংবিধান, আমাৰ স্বাভিমান! সকলোলৈ গণৰাজ্য দিৱসৰ শুভেচ্ছা।
  2. ২৬ জানুৱাৰীয়ে আমাক সোঁৱৰাই দিয়ে স্বাধীনতা আৰু অধিকাৰৰ কথা। সকলোলৈ গণৰাজ্য দিৱসৰ বহুত বহুত শুভেচ্ছা।
  3. ভাৰতৰ বাসী হৈ গৌৰৱান্বিত আমি। আপোনালৈ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা।
  4. সকলোকে ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনালো। এই গৌৰৱ ক্ষণত দেশৰ হকে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি।
  5. এই দিনটোতে দেশে লাভ কৰিছিল দীঘল সংবিধান। এই দেশৰ নাগৰিক হৈ আমি গৌৰৱান্বিত। সকলোলৈ গণৰাজ্য দিৱসৰ বহুত শুভেচ্ছা।
  6. এই পবিত্ৰ ক্ষণত আহক আমি সকলোৱে আমাৰ মাতৃভূমিৰ সুৰক্ষা আৰু বিকাশৰ সংকল্প লও। আগুৱাই নিও আমাৰ দেশ। সকলোলৈ গণৰাজ্য দিৱসৰ শুভেচ্ছা।
  7. ত্ৰিৰংগাৰ তলৰ পৰা জনাইছো প্ৰতিগৰাকী শ্বহীদত শ্ৰদ্ধাঞ্জলি। প্ৰতি ভাৰতীয়লৈ গণৰাজ্য দিৱসৰ বহুত বহুত শুভেচ্ছা।
  8. গণৰাজ্য দিৱসে আমাক মনত পেলাই দিয়ে সংগ্ৰামৰ পৰা সাৰ্বভৌমত্বলৈ যাত্ৰা। আহক আমি এখন উজ্বল ভাৰত গঢ়ো। জয় হিন্দ।
  9. আমি ভাৰতীয়, এই মহান দেশৰ নাগৰিক। সকলোলৈ গণৰাজ্য দিৱসৰ শুভেচ্ছা।
  10. আপোনাৰ আৰু আপোনাৰ পৰিয়াললৈ গণৰাজ্য দিৱসৰ শুভেচ্ছা। সমগ্ৰ বিশ্বত উজ্বলি উঠক আমাৰ দেশ। তাৰেই কামনা।

উক্তি

  1.  পৃথিৱীত তুমি যি পৰিবৰ্তন চাব বিচৰা সেয়া তুমি নিজেই হোৱা- মহাত্মা গান্ধী।
  2.  তুমি মোক তেজ দিয়া, তোমাক মই স্বাধীনতা দিম- সুভাষ চন্দ্ৰ বসু।
  3. নিজক বিচাৰি পোৱাৰ উত্তম উপায় এয়াই যে, নিজকে আনৰ সেৱাত নিমগ্ন কৰা- জৱহাৰলাল নেহৰু।
  4. মাতৃভূমিৰ প্ৰেমত আমি সকলো ত্যাগ কৰিবলৈ সাজু – ভগত সিং
  5. দেশ মুক্ত নোহোৱালৈকে মই জিৰণি নলও- লালা ৰাজপট ৰয়
  6. পানীৰ কাষত থিয় হৈ তুমি সাগৰ পাৰ হ’ব নোৱাৰা- ৰবীন্দ্ৰনাথ ঠাকুৰ।
  7. সকলোৰে শেষত আমি কেৱল ভাৰতীয়- বি আৰ আম্বেদকাৰ।
  8. যিকোনো দেশৰ সংস্কৃতি সেই দেশৰ জনতাৰ হৃদয় আৰু আত্মাত থাকে- মহাত্মা গান্ধী।

 

অন্য খবৰ পঢ়কঃ সকলোৰে বাবে গণৰাজ্য দিৱসৰ চমু আৰু সহজ ভাষণ…