সহজভাৱে নল’ব! নিগনিয়ে কামোৰাৰ ফলত হ’ব পাৰে এই গুৰুতৰ ৰোগ…
কুকুৰে কামোৰৰ ফলত জলাতংক ৰোগ হব পাৰে। কিন্তু বহুতৰ মনত এটা প্ৰশ্ন উত্থাপন হৈ থাকে যে নিগনিয়ে কামোৰৰ ফলতো ডাঙৰ কিবা ৰোগ হ'ব পাৰে নেকি? ইয়াৰ বিষয়ে সবিশেষ জনাইছে বিশেষজ্ঞই।

বিশ্বৰ অধিকাংশ জলাতংক ৰোগৰ কাৰণ কুকুৰে কামোৰাৰ ফলত বুলি ক’ব পাৰি। এনে পৰিস্থিতিত জলাতংক ৰোগ সন্দৰ্ভত মানুহক সজাগ কৰিবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ লৈ আহিছে। কিন্তু বহুতে প্ৰশ্ন উত্থাপন কৰে যে, নিগনিয়ে কামোৰাৰ ফলতো জলাতংক ৰোগ হ’ব পাৰে নেকি? ৰেবিজ বা জলাতংকক সাধাৰণতে কুকুৰ, মেকুৰী বা বান্দৰে কামোৰাৰ লগত জড়িত কৰা হয়। নিগনিৰ ক্ষেত্ৰত পৰিস্থিতি কিছু বেলেগ হয়। গতিকে নিগনিয়ে কামোৰাৰ ফলত কি হ’ব পাৰে সেয়া এই লেখাটোত উল্লেখ কৰা হ’ল।
বিশ্ব স্বাস্থ্য সংস্থা (WHO) আৰু চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচন (CDC)ৰ তথ্য অনুসৰি সাধাৰণতে নিগনি বা এন্দুৰত জলাতংক ভাইৰাছ নাথাকে। অৰ্থাৎ নিগনি কামোৰাৰ ফলত জলাতংক ৰোগত আক্ৰান্ত হোৱাৰ আশংকা নগণ্য। অৱশ্যে কিছুমান নিগনি বা এন্দুৰে কামোৰাতো বিপদজনক হ’ব পাৰে।
নিগনি বা এন্দুৰে কামোৰাৰ ফলত ৰেটবাইট জ্বৰ হ’ব পাৰে। যদি এই এই জ্বৰ বেক্টেৰিয়াৰ সংক্ৰমণলৈ ৰূপান্তৰ হয় তেতিয়া ই মানুহৰ জীৱনৰ বাবে বিপদজনক হ’ব পাৰে। যদি আপোনাক নিগনিয়ে কামোৰে তেন্তে লগে লগে চিকিৎসা গ্ৰহণ কৰিব লাগে।
কি হ’ব পাৰে
এই সন্দৰ্ভত সবিশেষ জনাইছে গাজিয়াবাদৰ জিলা পশুপালন বিভাগৰ যুটীয়া সম্পাদক ডাঃ এছ পি পাণ্ডে। তেওঁ কয় যে, নিগনি বা এন্দুৰৰ দাঁত আৰু লেলাউটিত বহু ধৰণৰ বেক্টেৰিয়া আৰু সংক্ৰমণ থাকে। গতিকে যেতিয়া এইবোৰে কামোৰে তাৰ ফলত টিটেনাছ, ৰেটবাইট জ্বৰ, আৰু অন্যান্য বেক্টেৰিয়াৰ সংক্ৰমণ হ’ব পাৰে।
নিগনিয়ে কামোৰা ফলত হাভাৰহিল জ্বৰ হোৱাৰো সম্ভাৱনা থাকে। যদি আপুনি নিগনিৰ বেক্টেৰিয়া লগা খাদ্য বা তৰল পদাৰ্থ গ্ৰহণ কৰে তেন্তে এই ধৰণৰ সংক্ৰমণ হ’ব পাৰে। ইয়াৰ ফলত জ্বৰৰ লগতে ডিঙিৰ বিষ আৰু বমি হয়।
নিগনিয়ে কামোৰা জ্বৰৰ প্ৰকাৰ
নিগনিয়ে কামোৰাৰ ফলত হোৱা জ্বৰ সাধাৰণ নহয়। ইয়াৰোপৰি ইয়াৰ লক্ষণসমূহ চিনাক্ত কৰাও কঠিন। নিগনিয়ে যদি কামোৰে তেন্তে এই ক্ষেত্ৰত চিকিৎসকৰ দ্বাৰা চিকিৎসা গ্ৰহণ কৰিব লাগে। অন্যথা কেতিয়াবা ইয়াৰ ফলত সংক্ৰমিত হৈ ডাঙৰ বিপদৰ সৃষ্টি কৰিব পাৰে। আনকি ৰোগীৰ মৃত্যুও হ’ব পাৰে। আমেৰিকাত প্ৰতি বছৰে ২০ৰ পৰা ৪০ হাজাৰ নিগনি কামোৰাৰ ঘটনা সংঘটিত হয়। উল্লেখ কৰা প্ৰয়োজন যে, নিগনিয়ে কামোৰাৰ ফলত জ্বৰ হোৱাৰ সম্ভাৱনা ১০ শতাংশ।
চিনাক্ত
যেতিয়া নিগনিয়ে কামোৰে তেতিয়া দেহত সৰু ফুটা বা কামোৰাৰ দৰে চিহ্ন থাকে। নিগনিয়ে কামোৰাৰ ফলত যি জ্বৰ হয়, তাৰ লক্ষণ ৩ দিনৰ পৰা ১০ দিনৰ ভিতৰত দেখা দিয়ে। কিছুমান লক্ষণ-
- জ্বৰ
- ৰঙা পৰা
- শৰীৰ ফুলা
- গৰম
- পূজ ওলোৱা
- গাঁঠিৰ বিষ বা ফুলা
- হাত আৰু ভৰিত ফোহা ওলোৱা (সাধাৰণতে জ্বৰ আৰম্ভ হোৱাৰ দুই-চাৰি দিনৰ পিছত) ৷
গতিকে নিগনিয়ে কামোৰৰ পাছত চিকিৎসা গ্ৰহণ কৰা প্ৰয়োজন। এই ক্ষেত্ৰত অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।
অন্য খবৰ পঢ়কঃ প্ৰ’ষ্টেট কৰ্কট ৰোগৰ লক্ষণ কি? কোনসকল পুৰুষ বেছিকৈ আক্ৰান্ত হয়, জানক সকলো…