প্ৰ’ষ্টেট কৰ্কট ৰোগৰ লক্ষণ কি? কোনসকল পুৰুষ বেছিকৈ আক্ৰান্ত হয়, জানক সকলো…
পুৰুষসকলৰ মাজত হোৱা এক গুৰুতৰ ৰোগ হ'ল প্ৰষ্টেট কৰ্কট ৰোগ। যেতিয়া এই ৰোগ হয় তেতিয়া খুব কম লক্ষণে দেখা দিয়ে। ইয়াৰ বিষয়ে জনা দৰকাৰ।

আজিকালি মানুহৰ মাজত বিভিন্ন স্বাস্থ্য সম্পৰ্কীয় সমস্যাই দেখা দিয়ে। গতিকে মানুহ সজাগ হৈ থকা ভাল। বৰ্তমান দেশত তীব্ৰগতিত বৃদ্ধি পাইছে কৰ্কট ৰোগৰী সংখ্যা। কৰ্কট ৰোগৰ বিভিন্ন প্ৰকাৰ আছে। তাৰ ভিতৰত এনে এক প্ৰকাৰৰ কৰ্কট ৰোগ আছে যি বিশেষকৈ পুৰুষসকলৰ মাজত বেছিকৈ দেখা পোৱা যায়। এই কৰ্কট ৰোগ বিধৰ নাম প্ৰ’ষ্টেট কৰ্কট ৰোগ। এই কৰ্কট ৰোগৰ লক্ষণ প্ৰথম অৱস্থাত বিশেষকৈ দেখা নিদিয়ে। কিন্তু লাহে লাহে ইয়াৰ সমস্যা বাঢ়ি গৈ থাকে।
প্ৰ’ষ্টেট কৰ্কট ৰোগৰ বিষয়ে পুৰুষসকল সজাগ হোৱা ভাল। গতিকে এই ৰোগ কি, ইয়াৰ কাৰণ বা কি লক্ষণে দেখা দিয়ে সকলো বিষয়ে পুৰুষসকলে জনা ভাল।
প্ৰষ্টেট কৰ্কট ৰোগ কি?
পুৰুষৰ প্ৰজনন তন্ত্ৰৰ অংশ প্ৰ’ষ্টেট গ্ৰন্থিত হোৱা কৰ্কট ৰোগক প্ৰ’ষ্টেট কৰ্কট ৰোগ বুলি কোৱা হয়। যেতিয়া এই গ্ৰন্থিৰ কোষবোৰ অস্বাভাৱিকভাৱে বাঢ়ি গৈ থাকে তেতিয়া টিউমাৰৰ ৰূপ লয়। পাছত ই কৰ্কট ৰোগ হয়। প্ৰ’ষ্টেট কেন্সাৰ পুৰুষৰ মূত্ৰাশয়ৰ তলত আৰু মলদ্বাৰৰ সন্মুখত অৱস্থিত প্ৰ’ষ্টেটত হোৱা কৰ্কট ৰোগ। ই এক ভয়াবহ ৰোগ।
লক্ষণ
এই কৰ্কট ৰোগ বিভিন্ন প্ৰকাৰৰ থাকে। ইয়াৰোপৰি সকলোৰে গাত কেতিয়াবা বেলেগ বেলেগ লক্ষণে দেখা দিব পাৰে। তথাপিও এই কৰ্কট ৰোগৰ কিছুমান সাধাৰণ লক্ষণ হ’ল-
- সঘনাই প্ৰস্ৰাৱ আহি থাকে। বিশেষকৈ নিশা প্ৰস্ৰাৱ বেছিকৈ আহে।
- প্ৰস্ৰাৱৰ প্ৰবাহ দুৰ্বল হৈ পৰে।
- প্ৰস্ৰাৱৰ সময়ত জলা-পোৰা।
- মূত্ৰাশয়ত নিয়ন্ত্ৰণ নোহোৱা।
- অন্ত্ৰত নিয়ন্ত্ৰণ হেৰুওৱা (শৌচৰ ক্ষেত্ৰত সমস্যা)।
- বিষাক্ত বীর্যপাত আৰু ইৰেক্টিল ডিছফংচন।
- বীৰ্য বা প্ৰস্ৰাৱত তেজ।
- ককালৰ তলৰ অংশ, বুকুত বিষ আদি।
কাৰণ
- ধূমপান।
- প্ৰষ্টেটাইটিছ।
- মেদবহুলতা।
- যৌন সংক্ৰমণ।
- ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ আদি।
কোনসকলৰ সম্ভাৱনা বেছি
- বয়স বৃদ্ধিৰ লগে লগে এই ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। বিশেষকৈ ৫০ বছৰৰ ওপৰৰ লোকসকলৰ এই ৰোগ হয়।
- পাৰিবাৰিক ইতিহাস ইয়াৰ কাৰণ হ’ব পাৰে। যদি আপোনাৰ পৰিয়ালৰ পূৰ্বতে কোনোবা এই ৰোগত আক্ৰান্ত হয় তেতিয়া আনৰো সম্ভাৱনা বৃদ্ধি পায়।
- জিনেটিক।
- জীৱনশৈলীৰ পৰিবৰ্তনৰ ফলতো এই ৰোগ হ’ব পাৰে।
- হৰমনৰ পৰিবৰ্তনৰ ফলতো এই ৰোগ হ’ব পাৰে।
চিকিৎসা
এই ৰোগৰ চিকিৎসা আছে। গতিকে আপোনাৰো যদি এনে কিবা লক্ষণ দীৰ্ঘদিন ধৰি হৈ থাকে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে। চিকিৎসকে বিভিন্ন পৰ্যায়ত এই কৰ্কট ৰোগৰ চিকিৎসা কৰে। এই ক্ষেত্ৰত অধিক জানিবলৈ আপুনি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।
অন্য খবৰ পঢ়কঃ মূত্ৰাশয়ত কৰ্কট ৰোগ হ’লে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা…