শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Happy Raksha Bandhan: এনেদৰে ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক ৰাখীবন্ধনৰ শুভেচ্ছা…

এইবাৰ ৰাখীবন্ধন ৯ আগষ্ট তাৰিখে পালন কৰা হ'ব।এই দিনটো ভাই-ভনী দুয়োৰে বাবে অতি বিশেষ। এই দিনটোতে ভগ্নীসকলে ভাতৃৰ হাতত ৰাখী বান্ধে, য'ত ভাতৃয়ে ভনীক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। এই বিশেষ অনুষ্ঠানত আপোনালোকে আপোনজনক শুভেচ্ছা প্ৰেৰণ কৰিব পাৰে।

Happy Raksha Bandhan: এনেদৰে ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক ৰাখীবন্ধনৰ শুভেচ্ছা…
ৰাখীবন্ধনৰ শুভেচ্ছা
trishna-kalita
Trishna Kalita | Published: 06 Aug 2025 20:26 PM

ৰাখী উৎসৱক ভাই-ভনীৰ অবিচ্ছেদ্য প্ৰেমৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। প্ৰতি বছৰে  শাওন মাহৰ পূৰ্ণিমা তিথিত এই ৰাখীবন্ধন উৎসৱ পালন কৰা হয়। এই দিনটোত ভগ্নীসকলে ভাতৃৰ হাতত ৰাখী বান্ধে আৰু ভাতৃয়ে ভগ্নীক আজীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ৰাখীৰ এই উৎসৱটো বৰ পুৰণি।

পৌৰাণিক কাহিনী অনুসৰি এই উৎসৱৰ ইতিহাস মহাভাৰত যুগৰ সৈতে জড়িত। মহাভাৰত কালত সুদৰ্শন চক্ৰৰ দ্বাৰা শ্ৰীকৃষ্ণৰ আঙুলি কাটিছিল। তেতিয়া দ্ৰৌপদীয়ে তেওঁৰ শাৰীখন ফালি ভগৱান শ্ৰীকৃষ্ণৰ আঙুলিত বান্ধি দিলে। সেইদিনা ঈশ্বৰে দ্ৰৌপদীক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছিল। তেতিয়াৰ পৰা ৰাখী উৎসৱ পালন কৰা হয় বুলি বিশ্বাস আছে। উল্লেখ্য যে ৰাখীবন্ধন উৎসৱৰ শাস্ত্ৰত এক অতি বিশেষ তাৎপৰ্য আছে।

একেলগে বাস কৰা ভগ্নী-ভাইসকলে ভাৰ্চুৱেল জগতৰ আশ্ৰয় ল’ব নালাগে। কিন্তু দূৰৈত বাস কৰা ভাই-ভনীসকলে ইজনে সিজনক শুভেচ্ছা পঠাব পাৰে। ইয়াত আমি আপোনালোকৰ বাবে কিছুমান বিশেষ শুভেচ্ছা বাৰ্তা লৈ আহিছো, যিবোৰ আপুনি এই বিশেষ দিনটো আপোনাৰ পৰিয়াল বা আত্মীয়লৈ প্ৰেৰণ কৰিব পাৰে।

 ৰাখীবন্ধনৰ শুভেচ্ছা বাৰ্তা

  1. ৰাখীবন্ধনে ভাতৃ-ভগ্নীৰ মৰম-স্নেহ, সুৰক্ষাৰ দায়বদ্ধতা আৰু একতাৰ পৰিভাষাক প্ৰতিফলিত কৰে। ৰাখীবন্ধনৰ শুভেচ্ছা
  2. ভাল বেয়া সময়ত সদায় ইজনে সিজনৰ কাষত থিয় দিয়ে, আপুনি মোৰ শক্তি আৰু সাহস । ৰাখীবন্ধনৰ শুভেচ্ছা।
  3. মই সচাঁকৈ ভাগ্যৱান যে মোৰ জীৱনত আপোনাৰ নিচিনা এজন/এজনী ভাতৃ/ভগ্নী পাইছো। ৰাখীবন্ধনৰ শুভকামনা..
  4. আমাৰ মাজৰ মৰম সদায় এনেকৈয়ে থাকক, ৰাখীবন্ধনৰ শুভেচ্ছা।
  5. মোৰ মৰমৰ ভনী , আমি গোটেই জীৱন একেলগে থাকিম। মোৰ সকলো সুখ তোমাৰ লগতে আছে। ৰাখীবন্ধনৰ শুভেচ্ছা জনালো।
  6. ভাতৃ হ’ল সেইজন ব্যক্তি যিয়ে পিতৃৰ দৰে ভনীৰ যত্ন লয় আৰু বন্ধুৰ দৰে সুখ-দুখৰ সমভাগী হয়…ৰাখীবন্ধনৰ শুভেচ্ছা!
  7. প্ৰতিগৰাকী ভগ্নী সদায় ভালে থাকক…ৰাখীবন্ধনৰ শুভেচ্ছা..
  8. কাজিয়া, জোকোৱা আৰু অভিমান ভঙা, এয়া ভাই-ভনীৰ মৰম, এই প্ৰেমৰ প্ৰতীক ৰাখীবন্ধন উৎসৱ।
  9. প্ৰতিগৰাকী ভগ্নীক সুৰক্ষা দিয়াৰ দায়িত্ব ভাতৃৰ…ৰাখীবন্ধনৰ শুভেচ্ছা..
  10. তোমাৰ আয়ুস আকাশৰ সমান হওক, তোমাৰ ওপৰত কাৰো বেয়া চকু নপৰক, পৃথিৱীৰ সকলো সুখ তোমাৰ হওক, ৰাখীবন্ধনৰ দিনটোত এয়াই মোৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা…
  11. তোমাৰ সকলো সপোন পূৰ হওক, তৰাৰ দৰে জিলিকি থাকক তোমাৰ জীৱন। ৰাখীবন্ধনৰ শুভেচ্ছা জনালো।
  12. প্ৰতিটো সুখ-দুখত মোক কাষত পাব, সকলো কথা নিচিন্তে মোৰ আগত ক’ব পাৰা, জীৱন থকালৈকে তোমাৰ সদায় সুৰক্ষিত ৰাখিম, এয়াই ৰাখীবন্ধনৰ দিনটোত মোৰ প্ৰতিশ্ৰুতি…