Radish Benefits: শীতকালত মূলা খালে কি কি ৰোগৰ আশংকা কম হয়? জানক…
Radish Benefits: শীতকালত বজাৰত বিভিন্ন শাক-পাচলিৰ লগতে মূলা পোৱা যায়। কিন্তু আপুনি জানেনে যদি আপুনি শীতকালত মূলা খাই তেন্তে বহু ৰোগৰ আশংকা কম কৰিব পাৰে। মূলাত বহু উপকাৰী গুণ আছে।
শীতকালত বজাৰত পোৱা বিভিন্ন শাক-পাচলিৰ ভিতৰত মূলা অন্যতম। মূলা বহুতে সব্জী বনাই খোৱাৰ লগতে কিছুমানে চালাদ বনাই খাই ভাল পায়। পিছে আপুনি জানেনে, মূলা স্বাস্থ্যৰ বাবেও উপকাৰী। মূলাত ভিটামিন চি, ফলেট,ৰাইব’ফ্লেভিন, নিয়াচিন, ভিটামিন বি-৬, কেলচিয়াম, মেগনেছিয়াম, আইৰণ, ফছফৰাছ, পটাছিয়াম, জিংক আদি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান থাকে। ইয়াৰোপৰি মূলাত পানী বেছি আৰু কেলৰি কম থাকে। গতিকে মূলাই স্বাস্থ্যৰ বিভিন্ন উপকাৰ কৰে।
মূলাৰ বহু উপকাৰী গুণ আছে। যদি আপুনি শীতকালত মূলা খাই তেন্তে ইয়াৰ প্ৰভাৱ দেখিবলৈ পাব। মূলাই পেটৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ উপকাৰ সাধন কৰে।
মূলাৰ উপকাৰ
পেটৰ বাবেঃ মূলাত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে। যি পাচন প্ৰক্ৰিয়া ভাল কৰে। কৌষ্যকাঠিন্যৰ সমস্যা দূৰ কৰাৰ পৰা আৰম্ভ কৰি পেট পৰিষ্কাৰ কৰালৈকে মূলাই সহায় কৰে।
ৰোগ প্ৰতিৰোধ ক্ষমতাঃ মূলাত ভিটামিন চি থাকে। এই ভিটামিনে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। গতিকে শীতকালত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ মূলা খাব পাৰে।
হৃদযন্ত্ৰঃ মূলাত পটেছিয়াম থাকে, যিয়ে ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণত থকাত সহায় কৰে। পটেছিয়ামে শৰীৰত ছোডিয়ামৰ প্ৰভাৱ কমায়। ইয়াৰোপৰি মূলাত এন্থ’চাইনিন নামৰ ফ্লেভন’ইড থাকে যিয়ে হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে।
ডায়েবেটিছঃ ডায়েবেটিছৰ ৰোগীসকলৰ বাবে মূলা ভাল। ইয়াত গ্লাইচেমিক ইনডেক্স কম পৰিমাণে থাকে। যি ব্লাড চুগাৰ বৃদ্ধি নকৰে।
ওজন হ্ৰাসঃ মূলাই ওজন হ্ৰাস সহায় কৰে। মূলাত ফাইবাৰ থাকে যিয়ে পেট বহু সময়লৈকে পূৰ কৰি থাকে। এনে অৱস্থাত অত্যধিক খোৱাৰ পৰা নিজক ৰক্ষা কৰিব পাৰি।
(ওপৰৰ লেখাটোত কেৱল কিছুমান সাধাৰণ বিষয় উল্লেখ কৰা হৈছে। আপোনাৰ যদি কোনো ৰোগ আছে তেন্তে কোনো বস্তু খোৱাৰ আগত সদায় বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।)
অন্য খবৰ পঢ়কঃ পুৱাৰ সময়ত নকৰিব এই ৩টা ভুল! অন্যথা হ’ব ডাঙৰ সমস্যা…