শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পুৰুষসকলৰ কিয় প্ৰ’ষ্টেট কেন্সাৰ হয়? ইয়াৰ লক্ষণ কি, জানক চিকিৎসকৰ পৰা…

Prostate Cancer Symptoms: পুৰুষসকলৰ মাজত হোৱা এক ৰোগ হ'ল প্ৰষ্টেট কৰ্কট ৰোগ। যেতিয়া এই ৰোগ হয় তেতিয়া প্ৰাৰম্ভিক অৱস্থাত বিশেষ কোনো লক্ষণে দেখা নিদিয়ে। কিন্তু ইয়াক গুৰুত্ব দিয়া প্ৰয়োজন।

পুৰুষসকলৰ কিয় প্ৰ’ষ্টেট কেন্সাৰ হয়? ইয়াৰ লক্ষণ কি, জানক চিকিৎসকৰ পৰা…
প্ৰ'ষ্টেট কৰ্কট ৰোগImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 24 Oct 2025 06:40 AM

পুৰুষসকলৰ মাজত হোৱা সবাতোকৈ সাধাৰণ কৰ্কট ৰোগ হ’ল প্ৰ’ষ্টেট কেন্সাৰ। প্ৰ’ষ্টেট গ্ৰন্থি মূত্ৰাশয় আৰু লিংগৰ মাজত অৱস্থিত। যেতিয়া এই অংশত কৰ্কট ৰোগ হয় তেতিয়া তাক প্ৰ’ষ্টেট কৰ্কট ৰোগ বুলি কোৱা হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰিপ্ৰতি বছৰে বিশ্বৰ লাখ লাখ পুৰুষৰ এই ৰোগ হয়। বিশেষকৈ ৫০ বছৰৰ ওপৰৰ পুৰুষসকলৰ মাজত এই ৰোগ বেছিকৈ হয়। ইউৰোপ আৰু আমেৰিকাৰ দৰে ঠাইত এই ৰোগীৰ সংখ্যা বেছি যদিও এছিয়াত কিছু কম। যেতিয়া এই ৰোগ আৰম্ভ হয় তেতিয়া বিশেষ কোনো লক্ষণে দেখা নিদিয়ে।

কাৰণ

প্ৰষ্টেট কেন্সাৰ মূলতঃ এডিন’কাৰ্চিনোমা প্ৰকাৰ, যিটো গ্ৰন্থিৰ কোষত বিকশিত হয়। বিৰল প্ৰকাৰ যেনে স্ক্ৱামাছ চেল কাৰ্চিনোমা আৰু ট্ৰেঞ্জিচনেল চেল কাৰ্চিনোমাতো দেখা যায়। বাৰ্ধক্য, জিনীয় , হৰম’নৰ ভাৰসাম্যহীনতা, জীৱনশৈলী, মেদবহুলতা, ৰেড মীট, প্ৰচেছজ খাদ্য বেছি সেৱন আদি বিভিন্ন কাৰণত এই ৰোগ হয়। ধূমপান, শাৰীৰিক কাৰ্যকলাপৰ অভাৱ আদিয়েও ইয়াৰ সম্ভাৱনা বৃদ্ধি কৰে।

লক্ষণ

মেক্স হাস্পতালৰ ডাঃ ৰোহিত কাপুৰে কয় যে, এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ অতি মৃদু। প্ৰস্ৰাৱ সংক্ৰমণৰ সমস্যাৰ লগত ইয়াৰ মিল আছে। যাৰ বাবে ইয়াৰ লক্ষণ মানুহে আওকান কৰে। এই ৰোগৰ কিছুমান লক্ষণ হ’ল-

  • প্ৰস্ৰাৱত অসুবিধা,
  • সঘনাই প্ৰস্ৰাৱ,
  • নিশা সঘনাই প্ৰস্ৰাৱ অহা,
  • প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা
  • প্ৰস্ৰাৱৰ সোঁত লেহেমীয়া আদি।

গুৰুতৰ লক্ষণসমূহ –

  • প্ৰস্ৰাৱত তেজ,
  • পিঠি বা নিতম্বৰ বিষ,
  • ভৰি ফুলা,
  • দুৰ্বলতা,
  • ওজন কমি যোৱা আদি।

কেতিয়াবা এই কৰ্কট ৰোগ হাড় আৰু অন্যান্য অংগলৈ বিয়পিব পাৰে। এনে ক্ষেত্ৰত ই গুৰুত্বৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে ইয়াক সময়ত ধৰা পেলোৱা দৰকাৰ।

পৰিত্ৰাণৰ উপায়

  • নিয়মীয়াকৈ পি এছ এ পৰীক্ষা আৰু ডিজিটেল ৰেক্টাল পৰীক্ষা লওক।
  • ওজন নিয়ন্ত্ৰণ ৰাখক।
  • ধূমপান ত্যাগ কৰক।
  • ব্যায়াম কৰক।
  • জীৱনশৈলী উন্নত কৰক।

উল্লেখ্য যে, কিবা লক্ষণ যদি দীৰ্ঘদিন ধৰি দেখা দি থাকে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। কেতিয়াবা ইয়াৰ কাৰণ বেলেগ হবও পাৰে।

 

অন্য খবৰ পঢ়কঃঘৰত নাথাকে এটাও পইতাচোৰা! কৰক মাত্ৰ এই সহজ উপায়…