Cockroach: ঘৰত নাথাকে এটাও পইতাচোৰা! কৰক মাত্ৰ এই সহজ উপায়…
বহু মানুহৰ ঘৰত পইতাচোৰা থকা দেখা যায়। বাৰে বাৰে চেষ্টা কৰাৰ পাছতো পইতাচোৰা ঘৰৰ পৰা আঁতৰি নাযায়। কিন্তু কিছুমান সহজ উপায়ে আপুনি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।

বহু সময়ত পইতাচোৰাই মানুহক বহু অশান্তি দিয়ে। ঘৰ পৰিষ্কাৰ কৰাৰ পাছতো ঘৰ বা পাকঘৰৰ কোনত পইতাচোৰা থাকি যায়। ইয়াৰ বাবে মানুহে বিভিন্ন কেমিকেল বা প্ৰডাক্ট ব্যৱহাৰ কৰে। কিন্তু এনে কেমিকেলৰ পৰা সমস্যাও আহিব পাৰে। কিন্তু এনে কিছুমান ঘৰুৱা উপায় আছে, যাৰ দ্বাৰা আপুনি এই সমস্যাৰ পৰা সকাহ পাব পাৰে।
উপায়
এই উপায়ৰ বাবে আপোনাক মাত্ৰ ২টা বস্তুৰ প্ৰয়োজন। ২ টকীয়া এক পেকেট কফি পাউদাৰ আৰু অলপ চেনিৰ প্ৰয়োজন হব। উল্লেখ কৰা প্ৰয়োজন যে, কফিত থকা কেফেইনৰ গোন্ধ পইতাচোৰাই সহ্য কৰিব নোৱাৰে। ইফালে চেনিয়ে পইতাচোৰাক আকৰ্ষণ কৰাৰ কাম কৰে। যাতে সেই ঠাইলৈ আহে আৰু গোন্ধ পাই ঘৰৰ পৰা আঁতৰি যায়।
এনে অৱস্থাত এটা সৰু বাচনত কফি পাউদাৰ উলিয়াই লওক আৰু তাত আধা চামুচ চেনি দিয়ক। সেইখিনি ভালকৈ মিহলাই ল’ব। পাছত সেইবোৰ পইতাচোৰা থকা স্থানত ৰাখিব।
ক’ত ৰাখিব
- য’ত বেছিকৈ পইতাচোৰা আহে তাত সেইখিনি ৰাখিব।
- ঘৰৰ কোনত বা আলমাৰী আদিৰ কাষত।
- গেছ চিলিণ্ডাৰৰ পাছত,
- ষ্টোৰ ৰুম
- আন্ধাৰ ঠাই
গুৰুত্ব দিব যাতে ঘৰৰ পোহনীয়া জন্তু তালৈকে নাযায়। এয়া বিষাক্ত নহয় কিন্তু সাৱধান হোৱা ভাল।
কেনেকৈ কাম কৰে
যেতিয়া চেনিৰ গোন্ধ পাই পইতাচোৰাই মিশ্ৰণৰ কাষত আহে তেতিয়া কফি পাউদাৰৰ গোন্ধে পইতাচোৰাৰ স্নায়ুতন্ত্ৰত প্ৰভাৱ পেলায়। এই অস্বস্তিত পইতাচোৰাই সেই ঠাই এৰি যায়। এনেকৈ লাহে লাহে পইতাচোৰাই ঘৰৰ পৰা বাহিৰ হয়। এনে ক্ষেত্ৰত আপুনি সহজে পইতাচোৰাৰ সন্ত্ৰাসৰ পৰা ৰক্ষা পাব পাৰে।
অন্য খবৰ পঢ়কঃ Guava Benefits: বগা নে ৰঙা? কোনবিধ মধুৰিআম সবাতোকৈ বেছি উপকাৰী, জানক সকলো…