শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কিয় বাৰে বাৰে মুখত পিম্পলৰ সমস্যা হয় ? কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?

আপোনাৰ পিম্পলৰ সমস্যা আছে নেকি ? মুখত পিম্পল ওলোৱাৰ মূল কাৰণসমূহ জানেনে? এই সমস্যা কেনেকৈ ৰোধ কৰিব পাৰি বিশেষজ্ঞৰ পৰা জানক।

কিয় বাৰে বাৰে মুখত পিম্পলৰ সমস্যা হয় ? কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?
প্ৰতীকী ফটো
manas-borah
Manas Borah | Published: 06 Oct 2025 21:24 PM

প্ৰায়ে গালত আৰু নাকৰ ওচৰত পিম্পল বা শালমন ওলায়। ই কেৱল সৌন্দৰ্য্যত নহয়, আত্মবিশ্বাসতো প্ৰভাৱ পেলায়। এই সমস্যা সাধাৰণতে যুৱক-যুৱতীসকলৰ ক্ষেত্ৰত দেখা যায় যদিও কেতিয়াবা ই বয়সস্থ লোকৰ মাজতো দেখা যায়। যদিও ই কোনো গুৰুতৰ সমস্যা নহয়, তথাপিও পিম্পল যদি বেছি হয়, তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক। জানোঁ আহক এই সমস্যাৰ মূল কাৰণসমূহ আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি।

ছালৰ বিশেষজ্ঞ ডাঃ সৌম্য সচদেৱে কয় যে, মুখত পিম্পলৰ সমস্যা হোৱাৰ বহু কাৰণ আছে। ইয়াৰ ভিতৰত হৰম’নৰ সমস্যা, শৰীৰৰ উষ্ণতা, ভুলকৈ ছালৰ যত্ন লোৱা আদি। সঘনাই লেতেৰা হাতেৰে মুখখন স্পৰ্শ কৰাটো গালত পিম্পল ওলোৱাৰ এটা প্ৰধান কাৰণ হ’ব পাৰে। ইয়াৰ উপৰিও ফোন স্ক্ৰীণ আৰু বেক্টেৰিয়া বা ভাইৰাছৰ ফলত সঘনাই পিম্পল হ’ব পাৰে।

ডাঃ সৌম্যই কয় যে, কিছুমান ক্ষেত্ৰত পুৰুষ-মহিলাৰ মুখৰ পিম্পল ওলোৱাৰ কাৰণ বেলেগ বেলেগ হ’ব পাৰে। মহিলাৰ ক্ষেত্ৰত ঋতুস্ৰাৱৰ সময়ত বা আন কাৰণত হৰম’নৰ ভাৰসাম্যহীনতা বিঘ্নিত হ’লেও এই সমস্যা হ’ব পাৰে। ইয়াৰ ফলত ছালৰ তেলগ্ৰন্থিবোৰ অধিক সক্ৰিয় হৈ পৰে আৰু ছালৰ ছিদ্ৰবোৰ বন্ধ হৈ পৰে, যাৰ ফলত পিম্পল ওলাব পাৰে।

ভুল ছালৰ যত্ন

ডাঃ সৌম্যই কয় যে, পুৰুষে মহিলাতকৈ কমকৈ ছালৰ যত্নৰ ৰুটিন মানি চলে। কিছুমান পুৰুষৰ ছালত অধিক তেল উৎপন্ন হয়, আৰু তেওঁলোকৰ ছিদ্ৰবোৰ সোনকালে বন্ধ হৈ পৰে। ইয়াৰ ফলত পিম্পল হ’ব পাৰে। লেতেৰা হাতেৰে বাৰে বাৰে মুখখন স্পৰ্শ কৰিলে বা মইশ্ব’ৰাইজাৰ ব্যৱহাৰ নকৰিলেও পিম্পল হ’ব পাৰে।

জাংক ফুড আৰু জীৱনশৈলী

যদি কোনো ব্যক্তিৰ খাদ্যাভ্যাস আৰু জীৱনশৈলী ভাল নহয়, তেন্তে তেওঁৰ মুখত পিম্পল ওলাব পাৰে। অত্যধিক দুগ্ধজাত সামগ্ৰী, জাংক ফুড, অত্যধিক ভাজি বা মিঠা খাদ্য, ধূমপান, মদ্যপান আদি সেৱন কৰিলেও মুখত পিম্পল হ’ব পাৰে।

কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?

পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখক

ফোন স্ক্ৰীণ, পিল’কেছ, মেকআপ ব্ৰাছ আৰু টাৱেল নিয়মিতভাৱে পৰিষ্কাৰ কৰক।

দিনটোত দুবাৰকৈ মুখখন ফেচৱাচ দ্বাৰা ধুব লাগে; ইয়াৰ ফলত ছালৰ পৰা অতিৰিক্ত তেল আঁতৰি যাব।

লেতেৰা হাতেৰে বাৰে বাৰে মুখখন স্পৰ্শ নকৰিব।

জাংক ফুড, ভজা খাদ্য, অত্যধিক মিঠা খাদ্য, আৰু অত্যধিক দুগ্ধজাত সামগ্ৰী পৰিহাৰ কৰক।

প্ৰচুৰ পৰিমাণে পানী খাব লাগে আৰু সেউজীয়া শাক-পাচলি, ফল-মূল আৰু ভিটামিন এ সমৃদ্ধ খাদ্য খাব লাগে।