6 OCT 2025
TV9 ASSAM
হিন্দু ধৰ্মত শিৱৰ বিশেষ মহত্ব আছে। কোৱা হয়, শুদ্ধ মনেৰে পূজা কৰিলে শিৱ সন্তুষ্ট হয় আৰু আশীৰ্বাদ দিয়ে। শিৱৰ পূজাৰ বাবে বহুতে সোমবাৰৰ দিনটোত ব্ৰত ৰাখে।
বহুতে শিৱ মন্দিৰ দৰ্শন কৰি ভগৱানৰ আশীৰ্বাদ বিচাৰে। কিন্তু মান্যতা অনুসৰি শিৱ মন্দিৰৰ পৰা উভতি অহাৰ সময়ত কিছুমান কাম কৰিব নালাগে। ইয়াৰ ফলত সমস্যা আহিব পাৰে।
মান্যতা অনুসৰি শিৱ মন্দিৰৰ পৰা কেতিয়াও খালী লোটা লৈ উভতিব নালাগে। ইয়াৰ ফলত ঘৰত নকৰাত্মক শক্তিৰ আগমন হয় আৰু দৰিদ্ৰতা আহে। গতিকে লোটাত পানী, বেলপাত, ফুল আদি ভৰাই আনিব পাৰে।
জ্যেতিষশাস্ত্ৰ অনুসৰি, মন্দিৰৰ পৰা উভতাৰ সময়ত কাকো খং কৰিব নালাগে। আনৰ প্ৰতি বিনম্ৰ হৈ থাকিব লাগে। যিমানে আপুনি আনৰ প্ৰতি দয়া, বিনম্ৰতা প্ৰকাশ কৰিব সিমানেই মহাদেৱ সন্তুষ্ট হ'ব।
মন্দিৰৰ পৰা উভতি অহাৰ সময়ত আপুনি যদি দৰিদ্ৰজনক দেখা পাই তেন্তে আওকান কৰিব নালাগে। সাধ্য অনুসৰি আপুনি দান কৰিব পাৰে। বা যদি খাদ্য আদি খুৱাব পাৰে। ইয়াৰ ফলত শিৱৰ কৃপা পোৱা যায়।
মান্যতা অনুসৰি মন্দিৰৰ পৰা অহাৰ সময়ত টিলিঙা বা ঘন্টা বজাব নালাগে। এনে কৰিলে সকৰাত্মক শক্তি বিনষ্ট হয় আৰু নকৰাত্মক শক্তিৰ সৃষ্টি হয়। অৱশ্যে মন্দিৰত প্ৰৱেশ কৰাৰ সময়ত বজাব পাৰে।
মান্যতা অনুসৰি মন্দিৰৰ পৰা উভতি অহাৰ সময়ত বাৰে বাৰে পিছলৈ ঘূৰি চাব নালাগে। এনে কৰা অশুভ বুলি গণ্য কৰা হয়। ইয়াৰোপৰি মন্দিৰৰ মুখ্য দুৱাৰত বহিব নালাগে।
পঢ়িবলৈ ক্লিক কৰক