গৌৰৱ গগৈৰ কথিত পাকিস্তান লিংক, SIT ৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য !
গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালৰ কথিত পাকিস্তান লিংকৰ তদন্ত কৰা এছ আই টিৰ প্ৰতিবেদন ৰাজহুৱা কৰিব ৰাজ্য চৰকাৰে। সোমবাৰে এই কথা সংবাদমেলত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কেৱল অসমৰ সাংবাদিক নহয়, দিল্লীৰ পৰা সাংবাদিক মাতি গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালৰ কথিত পাকিস্তান লিংকৰ তদন্ত কৰা এছ আই টিৰ প্ৰতিবেদন ৰাজহুৱা কৰিব ৰাজ্য চৰকাৰে। সোমবাৰে এই কথা সংবাদমেলত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে প্ৰতিবেদনত ভয়ংকৰ নিন্দাসূচক তথ্য আছে যিবোৰ দেশৰ সকলো ৰাইজে জানিব লাগিব।
তেওঁ এক প্ৰকাৰে কয়, এছ আই টিৰ প্ৰতিবেদন অতি “Damaging and Damning”। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, সোমবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত এই প্ৰতিবেদন সন্দৰ্ভত প্ৰাৰম্ভিকভাৱে আলোচনা কৰা হয়। আচলতে এই আলোচনা আছিল অনানুষ্ঠানিক। তেওঁ কয় যে,”আমি পিছত দিল্লীৰ সাংবাদিককে ধৰি অসমৰ সাংবাদিকসকলক সম্বোধন কৰি এই প্ৰতিবেদনৰ সকলো কথা ৰাজহুৱা কৰিম।”
তেওঁ কয় যে, ই এক “অতি বেয়া” প্ৰতিবেদন। “যিহেতু গৌৰৱ গগৈ লোকসভাত বিৰোধীৰ উপ-নেতা, আমি বিচাৰো যে সমগ্ৰ দেশৰ মানুহে এই প্ৰতিবেদনৰ বিষয়ে জানক আৰু সেয়েহে আমি দিল্লীৰ পৰা সংবাদ মাধ্যমক নিমন্ত্ৰণ কৰিম যাতে তেওঁলোকে তেওঁৰ প্ৰকৃত চৰিত্ৰ জানিব পাৰে।” সংবাদ মাধ্যমৰ আগত এইদৰে কয় মুখ্যমন্ত্ৰী শৰ্মাই। শীঘ্ৰে এই প্ৰতিবেদন আনুষ্ঠানিকভাৱে কেবিনেটত আলোচনাৰ বাবে তালিকাভুক্ত কৰা হ’ব বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰী শৰ্মাই।
জুবিন গাৰ্গৰ বিয়োগকলৈ সৃষ্টি হোৱা পৰিস্থিতিৰ কথা উল্লেখ কৰি শৰ্মাই কয়, “আজি আমি আলোচনা কৰিব পাৰিলোহেঁতেন, কিন্তু ৰাজ্যখনৰ বৰ্তমানৰ পৰিস্থিতিৰ বাবে আলোচনা কৰা নহ’ল। তেওঁ স্পষ্ট কৰি দিয়ে যে, চৰকাৰে সমগ্ৰ প্ৰতিবেদন নহয়, প্ৰতিবেদনৰ মূল কথা ৰাজহুৱা কৰিব।
“প্ৰতিবেদনত লিপিবদ্ধ কৰা হৈছে বহু চৰকাৰী গোপনীয়তা আৰু কেইবাজনো লোকৰ ভাষ্য। আমি সেয়েহে, ৰিপ’ৰ্টৰ মূল কথা আৰু সংলগ্ন নথি-পত্ৰ প্ৰকাশ কৰিম, যাতে মানুহে বুজিব পাৰে।” এইদৰে কয় শৰ্মাই।