6 October 2025
TV9 ASSAM
মদ্যপান কৰাৰ পাছত কিছুমান বস্তু খোৱাটো শৰীৰৰ বাবে হানিকাৰক হ'ব পাৰে। এই অভ্যাস আছে এতিয়াই পৰিহাৰ কৰক।
মদ্যপান কৰাৰ সময়ত বা তাৰ পিছত কিছুমান বস্তু খালে শৰীৰত বিভিন্ন সমস্যা হ'ব পাৰে, যেনে ডিহাইড্রেচন, বদহজম, আৰু লিভাৰৰ ক্ষতি।
মদ্যপানে শৰীৰৰ পৰা পানী কম কৰে আৰু নিমখযুক্ত খাদ্যই ইয়াক আৰু বেছি বঢ়ায়, যাৰ ফলত ডিহাইড্রেচন হ'ব পাৰে।
তেলেতীয়া খাদ্য হজম কৰিবলৈ বেছি সময় লাগে আৰু মদ্যপানে শৰীৰৰ হজম প্ৰক্ৰিয়াক লেহেমীয়া কৰে। সেয়ে তেলেতীয়া বস্তু খালে বদহজম হ'ব পাৰে।
মচলাযুক্ত খাদ্য শৰীৰৰ বাবে ক্ষতিকাৰক হ'ব পাৰে, বিশেষকৈ মদ্যপান কৰাৰ পাছত। ই গেষ্ট্ৰিক সমস্যা বা বদহজমৰ সমস্যা সৃষ্টি কৰিব পাৰে।
মিঠাইয়ে শৰীৰত চুগাৰৰ পৰিমাণ বঢ়ায় আৰু মদ্যপানে এই সমস্যা বৃদ্ধি কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত সাৱধান হ'ব লাগে।
মদ্যপান স্বাস্থ্যৰ বাবে হানিকাৰক। এই প্ৰতিবেদন বিভিন্ন উৎসৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে, গতিকে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।
পঢ়িবলৈ ক্লিক কৰক