6 OCT 2025
TV9 ASSAM
হিন্দু ধৰ্মত বাস্তু শাস্ত্ৰৰ মহত্ব অধিক। কোৱা হয়, বাস্তু শাস্ত্ৰত কিছুমান এনে উপায় আছে যিয়ে ধন আকৰ্ষিত কৰে। ইয়ে মানুহৰ জীৱনৰ পৰা আৰ্থিক সংকট দূৰ কৰি ধনবান কৰে।
বাস্তু শাস্ত্ৰ অনুসৰি, মানিবেগত হালধি লগা চাউল ৰাখিব পাৰে। এনে কৰিলে ধন লাভ হয়। চাউল সমৃদ্ধিৰ প্ৰতীক। বৃহস্পতিবাৰে ভগৱান বিষ্ণু আৰু লক্ষ্মীৰ আগত হালধি লগা চাউল মানিবেগত ৰাখিব লাগে।
ৰূপৰ মুদ্ৰা সমৃদ্ধিৰ প্ৰতীক। বাস্তু মতে, ৰূপৰ মুদ্ৰা মানেবগত ৰখাৰ ফলত ধন প্ৰাপ্তি হয়। মুদ্ৰাটো মানিবেগত ৰখাৰ পূৰ্বে প্ৰথমে কেঁচা গাখীৰত ধুই ল'ব। তাৰ পাছত মানিবেগত ৰাখিব।
ভগৱান কুবেৰক ধনৰ দেৱতা বুলি কোৱা হয়। গতিকে ধন প্ৰাপ্তিৰ বাবে কুবেৰ যন্ত্ৰ মানিবেগত ৰাখিব পাৰে। ইয়াৰ ফলত জীৱনলৈ ধন আৰু সমৃদ্ধি আহে। ইয়াৰ ফলত আৰ্থিকস্থিতি উন্নত হয়।
আপুনি মানিবেগত ৰুদ্ৰাক্ষ ৰাখিব পাৰে। ৰুদ্ৰাক্ষ শান্তি আৰু সমৃদ্ধিৰ প্ৰতীক। গতিকে ৰুদ্ৰাক্ষ মানিবেগত ৰাখিলে ধন আৰু শান্তিৰ সমৃদ্ধি হয়। এয়া শুভ।
ইয়াৰোপৰি আপুনি মানিবেগত ময়ুৰৰ পাখি ৰাখিব পাৰে। ময়ুৰৰ পাখিয়ে নকৰাত্মক শক্তি দূৰ কৰে। ইয়াৰ লগতে সকৰাত্মক শক্তিৰ আগমন হয়। গতিকে ধন প্ৰাপ্তিৰ বাবে মানিবেগত ময়ুৰৰ পাখি ৰাখিব পাৰে।
বাস্তু শাস্ত্ৰ অনুসৰি, ধন প্ৰাপ্তিৰ বাবে আপুনি মানিবেগত ৫টা ইলাচী থৈ দিব পাৰে। এনে কৰিলে ধন আকৰ্ষিত হয়। আপুনি শুদ্ধ মনেৰে ইলাচী মানিবেগত থৈ দিব পাৰে। এনে কৰিলে আৰ্থিক উন্নতি হয়।
পঢ়িবলৈ ক্লিক কৰক