মহিলাসকলে শৰীৰৰ কোন অংশত চাবোন লগাব নালাগে? হ’ব পাৰে ডাঙৰ ক্ষতি, জানক সকলো…
প্ৰায় প্ৰতি মানুহে গা ধোৱাৰ সময়ত চাবোন বা বডি ৱাছ ব্যৱহাৰ কৰে। কিন্তু মহিলাসকল বিশেষকৈ সাৱধান হোৱা উচিত। কিয়নো এনে এক অংশ আছে য'ত মহিলাই চাবোন লগাব নালাগে।

ভাৰতৰ বহু মানুহে আজিকালি গা ধোৱাৰ সময়ত চাবোন বা বডি ৱাছ ব্যৱহাৰ কৰে। বজাৰত বিভিন্ন প্ৰকাৰৰ চাবোন বা বডি ৱাছ পোৱা যায়। যাৰ পৰা বিভিন্ন ধৰণৰ সুগোন্ধ ওলায়। মহিলাসকলে বিশেষকৈ বডি ৱাছ ব্য়ৱহাৰ কৰে। মানুহে সাধাৰণতে সমগ্ৰ শৰীৰটোত চাবোন বা বডি ৱাছ লগায়। কিন্তু মহিলাসকলে শৰীৰৰ সকলো অংশত চাবোন লগাব নালাগে। ই মহিলাসকলৰ বাবে বিপদজনক হ’ব পাৰে। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ।
কি অংশত চাবোন লগাব নালাগে
আমাৰ শৰীৰত বহু সংবেদনশীল অংশ আছে, যাৰ যত্ন লোৱা অতিকে প্ৰয়োজন। যদি যত্ন নলয় তেন্তে সংক্ৰমণৰ লগতে বিপদ হ’ব পাৰে। মহিলাসকলৰ যৌনাংগ এনে এটা অংশ যাক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখা প্ৰয়োজন। কিছুমান মহিলাই গা ধোৱাৰ সময়ত নিজৰ গোপন অংগতো চাবোন বা বডি ৱাছ লগায়। যাৰ ফলত ডাঙৰ ক্ষতি হ’ব পাৰে। এই অংশত চাবোন লগাব নালাগে।
কি হয়
যদি মহিলাই যৌনাংগত চাবোন লগাই তেতিয়া তাত থকা ভাল বেক্টেৰিয়াসমূহ মৰি যায়। এই ভাল বেক্টেৰিয়াসমূহে আমাক সংক্ৰমণৰ পৰা ৰক্ষা কৰে। এনে অৱস্থাত এই অংশ চাবোনেৰে ধুলে সংক্ৰমণৰ আশংকা বাঢ়ি যায়। চাবোনত এনে কিছুমান উপাদান আছে যিয়ে মহিলাৰ যৌনাংগত জলা-পোৰা আৰু খজুৱতিৰ সৃষ্টি কৰিব পাৰে। গতিতে এই অংশত কেতিয়াও চাবোন ব্যৱহাৰ কৰিব নালাগে।
কেনেকৈ পৰিষ্কাৰ কৰিব
আপুনি সাধাৰণ পানীৰে যৌনাংগ পৰিষ্কাৰ কৰিব পাৰে। ইয়াৰোপৰি এই অংশ পৰিষ্কাৰ কৰিবলৈ বজাৰত বিভিন্ন সামগ্ৰী পোৱা যায়। যিবোৰ ব্যৱহাৰ কৰিব পাৰে। অৱশ্যে ওপৰে ওপৰে ব্যৱহাৰ কৰিব পাৰে। ভিতৰৰ অংশ পানীৰে ধুব পাৰে। ইয়াৰোপৰি অন্য প্ৰডাক্ট ব্যৱহাৰ কৰাৰ সময়ত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা প্ৰয়োজন। সাৱধান নহ’লে বিভিন্ন সংক্ৰমণ, খজুৱতি আদি হোৱাৰ সম্ভাৱনা থাকে।
অন্য খবৰ পঢ়কঃ কিমান দিনলৈ কেঁচা মাংস ফ্ৰীজত ৰাখিব পাৰি? কেতিয়া বেয়া হ’বলৈ আৰম্ভ কৰে, জানক…