শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পশ্চিম কাৰ্বি আংলঙত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৩ জন…

পশ্চিম কাৰ্বি আংলং জিলাত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত ৩ জন লোক নিহত হোৱাৰ লগতে আন কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

পশ্চিম কাৰ্বি আংলঙত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৩ জন…
প্ৰতীকী ফটো
manas-borah
Manas Borah | Updated On: 06 Oct 2025 22:48 PM

লক্ষ্মী পূজাৰ দিনটোতে এক মৰ্মান্তিক খবৰ লাভ কৰা গৈছে। পশ্চিম কাৰ্বি আংলং জিলাত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত ৩ জন লোক নিহত হোৱাৰ লগতে আন কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে। নিয়ন্ত্ৰণ হেৰুৱাই এখন বাহন পথত বাগৰি পৰে। ফলত এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় সূত্ৰই জানিবলৈ দিছে।

খবৰ অনুসৰি, চিনামাটিৰ ফালৰ পৰা উলুকুঞ্চিলৈ গৈ আছিল বাহনখন৷ গৈ থকাৰ সময়তে হঠাতে নিয়ন্ত্ৰণ হেৰুৱা বাহনখনে। লগে লগে পথত বাগৰি পৰে বাহনখন। দুর্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ হৈছে ML-04D-7756। বাহনখন বলেৰ’ পিক আপ আছিল বুলি জানিব পৰা গৈছে।

সূত্ৰৰ খবৰ অনুসৰি, দুৰ্ঘটনা পতিত হৈ থিতাতে তিনি জন লোকৰ মৃত্যু হৈছে। তেওঁলোক ভৰত কুমাৰ বে,কাঠি কিলিংপী আৰু কাছাং টেৰণপী বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, দুঘটনা পতিত হৈ ৩০ জনৰো অধিক লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। দুৰ্ঘটনা আমডবা গাঁও নামৰ ঠাইত সংঘটিত হৈছে। আহতসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে। ইফালে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় স্থানীয় আৰক্ষী।