কাঢ়ি আনিব লাগিব পাক অধিকৃত কাশ্মীৰ, হুংকাৰ মোহন ভাগৱতৰ
পাকিস্তান অধিকৃত কাশ্মীৰক দখলীকৃত ঘৰৰ সৈতে তুলনা কৰি মোহন ভাগৱতে এই ঘৰ কোনোৱে দখল কৰিছে যদিও ভৱিষ্যতে আমি সেই ঘৰ পুনৰ দখল কৰিব লাগিব বুলি মন্তব্য কৰে।
বিগত কিছুদিনৰ পৰা পাকিস্তান অধিকৃত কাশ্মীৰৰ ৰাজপথত ‘আজাদী’ৰ শ্ল’গান ব্যাপক ৰূপত মুখৰিত হৈছে। পাকিস্তানৰ শ্বেহবাজ চৰকাৰৰ বিৰুদ্ধে পাকিস্তান অধিকৃত কাশ্মীৰৰ জনসাধাৰণে তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিছে। ৰাজপথত নামি পৰা সাধাৰণ লোকসকলে আজাদীৰ শ্ল’গান আওৰাই পাকিস্তান চৰকাৰৰ সমুখত কঠিন পৰিস্থিতি থিয় কৰাইছে। অঞ্চলটোৰ এনে উত্তেজনাপূৰ্ণ ৰাজনৈতিক পৰিস্থিতিৰ সময়তে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে পাক অধিকৃত কাশ্মীৰ দখল কৰাৰ হুংকাৰ দিছে।
আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে মধ্য প্ৰদেশৰ এক কাৰ্যসূচীত অংশ লৈ এনে হুংকাৰ দিয়ে। পাকিস্তান অধিকৃত কাশ্মীৰক দখলীকৃত ঘৰৰ সৈতে তুলনা কৰি মোহন ভাগৱতে এই ঘৰ কোনোৱে দখল কৰিছে যদিও ভৱিষ্যতে আমি সেই ঘৰ পুনৰ দখল কৰিব লাগিব বুলি মন্তব্য কৰে।