শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বাৰে বাৰে মুখত শালমইনা ওলাই নেকি? তেন্তে খাওক এইসমূহ খাদ্য, দূৰ হ’ব সকলো সমস্যা…

আজিকালি বহুতৰে ছালৰ লগত জড়িত বিভিন্ন সমস্যাই দেখা দিয়ে। কিছুমানৰ বাৰে বাৰে মুখত শালমইনা ওলায়। আপুনি কিছুমান সহজ উপায়ৰ দ্বাৰা ইাৰ পৰা পৰিত্ৰাণ পাব পাৰে।

বাৰে বাৰে মুখত শালমইনা ওলাই নেকি? তেন্তে খাওক এইসমূহ খাদ্য, দূৰ হ’ব সকলো সমস্যা…
শালমইনাImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 13 Aug 2025 20:41 PM

কোনে নিবিচাৰে ধুনীয়া ছাল! কিন্তু আজিকালি মানুহৰ ছালৰ লগত জড়িত বিভিন্ন সমস্যাই দেখা দিয়ে। তাৰ ভিতৰত শালমইনা অন্যতম। এই শালমইনা বিভিন্ন প্ৰকাৰৰ থাকে। কিছুমান ৰঙা আৰু কিছুমান সৰু সৰু বগা বগা গুটিৰ দৰে। কেতিয়াবা ই ডাঙৰ আৰু বগা হৈ উঠে। শালমইনা কেতিয়াবা নিজে নিজে ঠিক হৈ যায়। কিন্তু বাৰে বাৰে হৈ থাকিলে ই ছালত বিভিন্ন সমস্যাৰ সৃষ্টি কৰে।

শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱৰ ফলতো শালমইনা হ’ব পাৰে। গতিকে খাদ্যত এনে কিছুমান বস্তু অন্তৰ্ভুক্ত কৰিব লাগে যাৰ ফলত ছাল সুন্দৰ আৰু ধুনীয়া হৈ উঠে। এই সন্দৰ্ভত সবিশেষ জনাইছে ডাৰ্মটলজিষ্ট ডাঃ জুশিয়া ছৰীনে।

কি কি খাব লাগে

  • ছাল বিশেষজ্ঞগৰাকীৰ মতে ডায়েটত জিংক অন্তৰ্ভুক্ত কৰক। যাৰ ফলত শালমইনাৰ সমস্যা নোহোৱা হ’ব পাৰে। কাজু, ৰঙালাউৰ গুটি আদিত জিংক থাকে। জিংক ভৰপুৰ খাদ্যই ছালৰ তেল নিয়ন্ত্ৰণত ৰাখে।
  • অমেগা ৩ ফিচ অইল খাব পাৰে। ইয়াৰ ফলত ছালৰ ইমফ্লেমেশ্যন কম হয়। চিয়া চিডছ, অখৰোট আদিত অমেগা ৩ থাকে।
  • পেটৰ স্বাস্থ্য ভালে নাথাকিলেও শালমইনা ওলায়। ইয়াৰ বাবে পেটৰ স্বাস্থ্যৰ বাবে উপকাৰী খাদ্য খাব লাগে। দৈ, ভিনেগাৰ নোহোৱা আচাৰ, কাজি নেমু আদি পেটৰ স্বাস্থ্যৰ বাবে ভাল।

ফেচ মাস্ক

শালমইনাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে ফেচ মাস্ক ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ফলত শালমইনা নোহোৱা হয়। আপুনি ঘৰতে এই মাস্ক তৈয়াৰ কৰিব পাৰে। ৰায়াসনিক দ্ৰব্য মিহলি হৈ থকা সামগ্ৰীয়ে আপোনাৰ ছালৰ ক্ষতি কৰিব পাৰে। এনে পৰিপ্ৰেক্ষিতত ঘৰতে ফেচ মাস্ক তৈয়াৰ কৰিব পাৰে। তলত দুটা উপায় দিয়া হ’ল-

  • ইয়াৰ বাবে আপুনি এক চামুচ ডালচেনি পাউদাৰত ২ চামুচ মৌ মিহলি কৰক। পাছত ইয়াক মুখত ১০-১৫ মিনিট ৰাখি ধুই দিয়ক। সপ্তাহত দুবাৰ এই মাস্ক লগালে আপোনাৰ ছাল উজ্বল হৈ পৰিব।
  • এলোভেৰাও ছালৰ স্বাস্থ্যৰ বাবে ভাল। এলোভেৰাত হালধি মিহলি কৰি ছালত লগাব পাৰে। ই ছাল ধুনীয়া কৰাৰ লগতে বিভিন্ন সমস্যাৰ পৰা সকায় দিয়ে।

যদি আপোনাৰ দীৰ্ঘদিন ধৰি ছালৰ সমস্যা হৈ থাকে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ। ইয়াৰোপৰি ছালৰ সমস্যা থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ অবিহনে বস্তু ব্যৱহাৰ কৰিব নালাগে।

 

 

অন্য খবৰ পঢ়কঃ ডেংগুৰ ৩টা সাধাৰণ লক্ষণ কি কি জানেনে? জানক বিশেষজ্ঞৰ পৰা…