ডেংগুৰ ৩টা সাধাৰণ লক্ষণ কি কি জানেনে? জানক বিশেষজ্ঞৰ পৰা…
ডেংগু হ'লে মানুহৰ শৰীৰত বিভিন্ন লক্ষণে দেখা দিয়ে। কিন্তু বহু সময়ত ৰোগীয়ে ইয়াক সাধাৰণ লক্ষণ বুলি আওকান কৰি চলে। যাৰ ফলত সমস্যা হ'ব পাৰে।

বাৰিষা মহৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে ডেংগুৰ সংক্ৰমণৰ আশংকাও বৃদ্ধি পায়। বহুতে ভাবে ডেংগু হ’লে জ্বৰ, বিষ আৰু প্লেটলেটৰ সংখ্যা কমি যায়। কিন্তু ডেংগুৰ লক্ষণ ইয়াতেই কেৱল সীমাবদ্ধ নহয়। ই শৰীৰৰ আন বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে। মহে কামোৰাৰ ফলত শৰীৰত এই ভাইৰাছ প্ৰৱেশ কৰে।
ডেংগুৰ ভাইৰাছে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি তোলে। প্ৰাৰম্ভিক পৰ্যায়ত ইয়াৰ লক্ষণ ভালদৰে দেখা পোৱা নাযায়। বহু সময়ত ৰোগীয়ে কেৱল জ্বৰ আৰু ভাগৰুৱা অনুভৱ কৰে। তেতিয়া মানুহে ভাবে যে জিৰণি ললে সকলো ঠিক হৈ যাব। যাৰ বাবে ডেংগুৰ গুৰুতৰ লক্ষণসমূহ চিনাক্ত কৰাত অসুবিধা হয়।
ডেংগু
সঠিক লক্ষণসমূহ সময়মতে চিনাক্ত নোহোৱাৰ বাবে তেজৰ ভিতৰত বিয়পি পৰে। ইয়াৰ ফলত প্লেটলেটৰ সংখ্যাত প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে। এই সময়ত চিকিৎসকৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন হয় যদিও বহু ৰোগীয়ে ইয়াক আওকান কৰি চলে। আৰম্ভণিতে লক্ষণোবোৰ অতি সাধাৰণ হয়। কিন্তু ৰোগীয়ে আওকান কৰাৰ ফলত ডাঙৰ ক্ষতি হ’ব পাৰে।
ডেংগুৱে শৰীৰৰ তাপমাত্ৰ বৃদ্ধি কৰিবলৈ আৰম্ভ কৰে। লগতে অন্য পৰিবৰ্তনেও দেখা দিয়ে। কিন্তু মনত ৰাখিব যে প্ৰতিজন ডেংগু ৰোগীৰ লক্ষণ বেলেগ বেলেগ থাকে। বিশেষজ্ঞসকলৰ মতে, প্ৰায় প্ৰতিজন ডেংগু ৰোগীৰ ক্ষেত্ৰত কিছুমান লক্ষণ দেখা যায়।
৩টা লক্ষণ
ডেংগুৰ ৩ টা লক্ষণ আছে, যি প্ৰায়ভাগ ৰোগীৰ শৰীৰত দেখা দিয়ে। দিল্লীৰ ছফদাৰজং হাস্পতালৰ প্ৰাক্তন ৰেজিডেন্ট ডাঃ দীপক কুমাৰ সুমনে সবিশেষ জনাইছে।
- প্ৰথম লক্ষণ হ’ল তীব্ৰ জ্বৰ। এই জ্বৰ প্ৰায়ে ১০২ৰ পৰা ১০৪ ডিগ্ৰী পৰ্যন্ত হ’ব পাৰে আৰু সাধাৰণ ঔষধৰ দ্বাৰা সহজে আৰোগ্য নহয়।
- দ্বিতীয় লক্ষণ হ’ল শৰীৰ আৰু গাঁঠিৰ তীব্ৰ বিষ, যাক বহুতে “ব্ৰেকব’ন জ্বৰ” বুলিও কয়, কাৰণ হাড়তো বিষ অনুভৱ হয়।
- তৃতীয় আৰু অতি গুৰুত্বপূৰ্ণ লক্ষণ হ’ল প্লেটলেট কমি যোৱা, যাৰ ফলত শৰীৰত সৰু সৰু ৰঙা বা বেঙুনীয়া ৰঙৰ ফোহা বা দাগ দেখা দিব পাৰে আৰু কেতিয়াবা আঁঠু বা নাকৰ পৰা সামান্য ৰক্তক্ষৰণ হ’ব পাৰে।
পৰিত্ৰাণৰ উপায়
চিকিৎসকে কয় যে যদি আপুনি একে সময়তে তীব্ৰ জ্বৰ,অসহ্যকৰ শৰীৰৰ বিষ আৰু তেজৰ লগত জড়িত যিকোনো সমস্যাৰ সন্মুখীন হৈছে, তেন্তে তৎক্ষণাত নিজৰ ডেংগুৰ পৰীক্ষা কৰাব লাগে। ইয়াৰোপৰি মহৰ পৰা আঁতৰি থাকিব লাগে। পানী জমা হোৱা স্থানত যাব নালাগে। আঁঠুৱা ব্যৱহাৰ কৰিব লাগে।
অন্য খবৰ পঢ়কঃ প্ৰতিদিনে গা ধোৱা প্ৰয়োজনীয় নহয়! সপ্তাহত কিমান দিন নোধোৱাকৈ থাকিব পাৰি, ক’লে বিশেষজ্ঞই…