শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চুলি সৰাৰ সমস্যাই হতাশাগ্ৰস্ত কৰিছে নেকি আপোনাক? পতঞ্জলিয়ে আনিছে আশাৰ বতৰা

সাম্প্ৰতিক সময়ত চুলি সৰাটো এক সাধাৰণ সমস্যা হৈ পৰিছে। এই সমস্যাৰ বাবে বহু লোকে মানসিকভাৱে হতাশাগ্ৰস্ত হৈ পৰা দেখিবলৈ পোৱা যায়। এতিয়া এই সমস্যাত ভূগি থকা লোকসকললৈ এক আশাৰ খবৰ আনিছে পতঞ্জলিয়ে। প্ৰতিষ্ঠানটোৱে কৰিছে এই সমস্যাৰ সমাধান আৱিষ্কাৰৰ দাবী।

চুলি সৰাৰ সমস্যাই হতাশাগ্ৰস্ত কৰিছে নেকি আপোনাক? পতঞ্জলিয়ে আনিছে আশাৰ বতৰা
পতঞ্জলিয়ে আনিছে আশাৰ বতৰা
monjit-dutta
Monjit Dutta | Published: 05 May 2025 22:44 PM

মূৰৰ চুলিকোচাক মানুহৰ বাহ্যিক সৌন্দৰ্যৰ এক আধাৰ হিচাপে গণ্য কৰা হয়। কিন্তু সাম্প্ৰতিক সময়ত জীৱনশৈলী, খাদ্যাভ্যাস, প্ৰদূষণ ইত্যাদি বিভিন্ন কাৰণত চুলি সৰাটো এক সাধাৰণ সমস্যা হৈ পৰিছে। এই সমস্যাৰ বাবে বহু লোকে মানসিকভাৱে হতাশাগ্ৰস্ত হৈ পৰা দেখিবলৈ পোৱা যায়। ভিন্ন সামগ্ৰী ব্যৱহাৰ কৰি এনে সমস্যাৰ পৰা পৰিত্ৰাণৰ চেষ্টা কৰিলেও প্ৰায় সময়তে বিফল হোৱাই দেখা যায়। এতিয়া এই সমস্যাত ভূগি থকা লোকসকললৈ এক আশাৰ খবৰ আনিছে পতঞ্জলিয়ে। প্ৰতিষ্ঠানটোৱে কৰিছে এই সমস্যাৰ সমাধান আৱিষ্কাৰৰ দাবী।

পতঞ্জলিৰ দাবী, গৱেষণাৰ অন্তত তেওঁলোকে এনে এক সমাধান বিচাৰি উলিয়াইছে, যি চুলি সৰা বন্ধ কৰাৰ লগতে নতুন চুলি গঢ়াতো সহায় কৰিব। তথ্য অনুসৰি, পতঞ্জলিৰ আয়ুৰ্বেদিক চিকিৎসকৰ দলে ৬ সপ্তাহ ধৰি এই সমস্যাত ভোগা বহু লোকৰ ওপৰত এক গৱেষণা কৰিছিল। গৱেষণাৰ সময়ত তেওঁলোকক বিভিন্ন পদ্ধতিৰে চিকিৎসা কৰা হৈছিল। এনে চিকিৎসাত কেৱল চুলি সৰা বন্ধ হোৱাই নহয়, নতুন চুলিও গজিবলৈ আৰম্ভ কৰিছিল। এই গৱেষণা পতঞ্জলিয়েও প্ৰকাশ কৰিছে।

চুলি সৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ যুৱক-যুৱতীসকলে বহু টকা খৰচ কৰা দেখা যায়। উইগ আৰু চুলি সংৰোপণৰ দৰে কৌশলো গ্ৰহণ কৰে বহু লোকে। কিন্তু এই কৌশল সম্পূৰ্ণ ফলপ্ৰসূ বুলি প্ৰমাণিত হোৱা নাই। এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি পতঞ্জলিয়ে এই বিষয়ে বিস্তৃত গৱেষণা কৰিছিল। গৱেষণাৰ অন্তত এই সমস্যাৰ স্থায়ী সমাধানো পোৱা গৈছে বুলি প্ৰতিষ্ঠানটোৱে দাবী কৰিছে। পতঞ্জলিয়ে এই গৱেষণা নেচনেল লাইব্ৰেৰী অৱ মেডিচিনতো প্ৰকাশ কৰিছে।

পতঞ্জলিয়ে এই গৱেষণাৰ বাবে চুলি সৰি যোৱা একাংশ লোকক নিৰ্বাচিত কৰিছিল। বিভিন্ন পদ্ধতিৰে এই লোকসকলে চিকিৎসা কৰিছিল যদিও কোনো ফল পোৱা নাছিল। এই লোকসকলক পতঞ্জলিত ভৰ্তি কৰি চিকিৎসা কৰা হয়। আয়ুৰ্বেদৰ নীতিৰ ভিত্তিত দেখা গৈছে যে বাত আৰু পিত্তৰ অৱক্ষয়ৰ ফলত চুলি সৰা সমস্যাই দেখা দিয়ে। সেয়ে গৱেষণা সময়ত এই দিশত চিকিৎসা কৰা হৈছিল। এই পদ্ধতিত বিশুদ্ধকৰণ, প্ৰশমন আৰু চিকিৎসা আদি অন্তৰ্ভুক্ত আছিল।

অৱশেষত ৬ সপ্তাহৰ ভিতৰতে গৱেষণাত চুলি সৰা বন্ধ হোৱাৰ সমান্তৰালকৈ নতুন চুলিও গজিবলৈ ধৰে বুলি উল্লেখ কৰা হৈছে। তথ্য অনুসৰি পঞ্চকৰ্ম পদ্ধতিৰে তেওঁলোকক নিয়মিতভাৱে শুদ্ধিকৰণ চিকিৎসা প্ৰদান কৰা হৈছিল। ইয়াৰ উপৰিও মুখ আৰু নাকেৰেও ঔষধ দিয়া হৈছিল। মূৰত তেলেৰে মালিচো কৰা হৈছিল। ইয়াৰ পিছত ৰোগীসকলৰ মূৰ আৰু শৰীৰৰ অন্যান্য অংশত নতুন চুলি গজিবলৈ ধৰিলে বুলি উল্লেখ কৰিছে পতঞ্জলিয়ে।

গৱেষণাৰ পৰা দেখা গৈছে যে যদি বাত আৰু পিত্ত নিয়ন্ত্ৰণ কৰি চিকিৎসা কৰা হয় তেন্তে চুলি সৰা সমস্যা ভাল হয় আৰু নতুন চুলি গজিবলৈ আৰম্ভ কৰে। এই চিকিৎসাৰ দ্বাৰা আৰু অধিক গৱেষণা কৰিব পৰা যাব বুলিও দাবী কৰিছে পতঞ্জলিয়ে।