গাঁঠিৰ বিষে আৰু সমস্যাত নেপেলায় আপোনাকঃ পতঞ্জলিয়ে আনিছে ‘যাদুকৰী’ সমাধান
উন্নত ফলাফলৰ বাবে এই তেল অলপ গৰম কৰি দিনটোত এবাৰ বা দুবাৰ আক্ৰান্ত অংশত মালিচ কৰিব লাগে, যাতে ইয়াৰ প্ৰভাৱ সোনকালে অনুভৱ হয় আৰু দীৰ্ঘসময়লৈ থাকে। অৱশ্যে চিকিৎসকৰ পৰামৰ্শ মতেহে এই তেল ব্যৱহাৰ কৰা উচিত।

গাঁঠিৰ বিষৰ সমস্যা বহুলোকৰ ক্ষেত্ৰত দেখা যায়। এক কথাত এয়া এক সাধাৰণ সমস্যা। এই বিষ দেহৰ যিকোনো এটা গাঁঠিত হ’ব পাৰে। অৱশ্যে কেতিয়াবা সমগ্ৰ শৰীৰৰ গাঁঠিবোৰতো এই বিষৰ প্ৰভাৱ দেখা যায়। সাধাৰণতে গাঁঠিৰ বিষৰ মূল কাৰণ হ’ব পাৰে বয়স বৃদ্ধি, হাড়ত কেলচিয়ামৰ অভাৱ, আঘাত, বাতবিষ, ইউৰিক এচিড বৃদ্ধি বা বহু সময় বহি থিয় হৈ থকা। আঁঠু, গোৰোহা, কান্ধ, কঁকাল, ডিঙি আৰু আঙুলিৰ গাঁঠিত বেছিকৈ বিষ অনুভৱ কৰা হয়। যদি সময়মতে ইয়াৰ যত্ন লোৱা নহয়, তেতিয়া এই সমস্যা বাঢ়িব পাৰে আৰু খোজ কঢ়াৰ ক্ষমতা হ্ৰাস পাব পাৰে।
গতিকে প্ৰাৰম্ভিক অৱস্থাতে এই সমস্যাৰ যত্ন লোৱা উচিত। এই ক্ষেত্ৰত পতঞ্জলিৰ দিব্য পীদান্তক তেল যথেষ্ট উপকাৰী হিচাপে প্ৰমাণিত হ’ব পাৰে। গাঁঠিৰ বিষৰ ফলত আক্ৰান্ত ব্যক্তিজনৰ শৰীৰৰ কাম-কাজত যথেষ্ট প্ৰভাৱ পেলায়। অহৰহ বিষৰ ফলত খোজ কঢ়াত অসুবিধা হ’ব পাৰে, যাৰ ফলত দৈনন্দিন কাম-কাজত সমস্যাৰ সৃষ্টি হয়।
এই সমস্যাই পেশী দুৰ্বল কৰি তুলিব পাৰে আৰু ভালদৰে যত্ন নল’লে ওজন বৃদ্ধিৰ আশংকাও বৃদ্ধি পায়। তদুপৰি বিষৰ বাবে টোপনি ভালদৰে নাহিব পাৰে, ইয়াৰ ফলত ভাগৰ বৃদ্ধি পায় আৰু আক্ৰান্ত লোকজনৰ আচৰণো খিংখিঙিয়া হৈ পৰিব পাৰে। বহু ক্ষেত্ৰত গাঁঠিৰ বিষৰ ফলত মানসিক চাপ আৰু হতাশাও হ’ব পাৰে।
যদি এই সমস্যা পুৰণি হৈ পৰে, তেতিয়া অষ্টিঅ’আৰ্থাইটিছ হ’ব পাৰে। গতিকে এই গাঁঠিৰ বিষ আওকাণ কৰাৰ পৰিৱৰ্তে সময়মতে চিকিৎসা কৰাটো অত্যন্ত প্ৰয়োজনীয়। পতঞ্জলিৰ দিব্য পীদন্তক তেলে ৰোগীক এই সমস্যা নিৰাময়ত সহায় কৰে। ই হৈছে এক পৰম্পৰাগত আয়ুৰ্বেদিক তেল। এই তেল গাঁঠি, পেশী আৰু হাড়ৰ বিষৰ পৰা উপশমৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে।
এই দিব্য পীদন্তক তেলত বহুতো ফলপ্ৰসূ বনৌষধি আৰু প্ৰাকৃতিক তেল আছে। এই উপাদানসমূহে শৰীৰৰ প্ৰদাহ আৰু জঠৰতা হ্ৰাস কৰাৰ লগতে হাড় শক্তিশালী কৰে। ইয়াত থকা অশ্বগন্ধাই পেশী শক্তিশালী কৰি প্ৰদাহ কমায়। মেজাঠিয়ে তেজ বিশুদ্ধ কৰাত সহায় কৰে আৰু গাঁঠিত জমা হোৱা বিষাক্ত পদাৰ্থ হ্ৰাস কৰে।
ইফালে হালধিত থকা কাৰকুমিনত প্ৰদাহ নিবাৰণকাৰী আৰু বিষ হ্ৰাস কৰা গুণ আছে। ইয়াৰ ফলত গাঁঠিৰ জঠৰতা দূৰ হয়। আনহাতে তিল তেলে গাঁঠিবোৰক পুষ্টি প্ৰদান কৰে আৰু নমনীয়তা বৃদ্ধি কৰে। একেদৰে ওমেগা-৩ ফেটি এচিডযুক্ত ফ্লেক্সচিড তেলে হাড়ৰ স্বাস্থ্য উন্নত কৰে। এই সকলোবোৰ উপাদানৰ মিশ্ৰণে তেজৰ সোঁত বৃদ্ধি কৰে আৰু আক্ৰান্ত অংশক আৰাম প্ৰদান কৰি বিষ আৰু জঠৰতা হ্ৰাস কৰে।
উন্নত ফলাফলৰ বাবে এই তেল অলপ গৰম কৰি দিনটোত এবাৰ বা দুবাৰ আক্ৰান্ত অংশত মালিচ কৰিব লাগে, যাতে ইয়াৰ প্ৰভাৱ সোনকালে অনুভৱ হয় আৰু দীৰ্ঘসময়লৈ থাকে। অৱশ্যে চিকিৎসকৰ পৰামৰ্শ মতেহে এই তেল ব্যৱহাৰ কৰা উচিত।
পতঞ্জলিৰ দিব্য পীদান্তক তেল ব্যৱহাৰৰ সময়ত মনত ৰাখক এইসমূহ কথা–
তেল ব্যৱহাৰ কৰাৰ আগতে অলপ গৰম কৰি লওক, যাতে ছালত ভালদৰে শোষিত হয়।
আক্ৰান্ত অংশত হাতেৰে ১০-১৫ মিনিট মালিচ কৰিব লাগে।
মালিচ কৰাৰ পিছত সেই অংশটোত যাতেঊষ্ণতা থাকে, তাৰ বাবে কাপোৰ বা বেণ্ডেজেৰে ঢাকি দিব।
ছালত মুকলি ঘাঁ থাকিলে বা কাটিলে তেল ব্যৱহাৰ নকৰিব।
গৰ্ভৱতী মহিলা আৰু এলাৰ্জীৰ সমস্যা থকা লোকে ব্যৱহাৰৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।