উচ্চ ৰক্তচাপ ৰোগীৰ বাবে ‘সঞ্জীৱনী’ আনিছে পতঞ্জলিয়ে, এই ঔষধে দিব পৰিত্ৰাণ…
হৰিদ্বাৰৰ পতঞ্জলি গৱেষণা প্ৰতিষ্ঠানে গৱেষণাৰ অন্তত দাবী কৰিছে যে আয়ুৰ্বেদিক ঔষধ দিব্য বি পি গ্ৰিট বটিয়ে উচ্চ ৰক্তচাপৰ সমস্যা সহজে নিয়ন্ত্ৰণ কৰিব পাৰে। এই ঔষধৰ সহায়ত ৰক্তচাপ নিয়ন্ত্ৰণত থকাৰ লগতে ৰক্তচাপৰ সমস্যাৰ পৰা মুক্তিও পাব পাৰে।

সাম্প্ৰতিক সময়ত মানুহৰ মাজত ৰক্তচাপৰ সমস্যা যথেষ্ট বৃদ্ধি পোৱা দেখা গৈছে। এই সমস্যাৰ চিকাৰ হৈ অকালতে প্ৰাণ হেৰুৱাইছে বহুসংখ্যক লোকে। ৰক্তচাপ যদি কম বা বেছি হয়, তেতিয়া ই শৰীৰৰ ক্ষতি কৰে। ৰক্তচাপৰ পৰিৱৰ্তন তৎক্ষণাত ধৰা নপৰে। কেতিয়াবা মূৰৰ বিষ বা উশাহ লোৱাত কষ্ট হ’লেহে গম পোৱা যায়। উচ্চ ৰক্তচাপ বৰ্তমান সময়ত এক গুৰুতৰ সমস্যা হৈ পৰিছে। ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ মানুহে অবিৰতভাৱে ঔষধ সেৱন কৰিবলৈ বাধ্য হয়। এলোপেথিক ব্যৱস্থাত উচ্চ ৰক্তচাপৰ বাবে কিছুমান ঔষধ থাকে, যিবোৰ নিয়মিতভাৱে খাব লাগে। অৱশ্যে এই ৰোগৰ সহজ চিকিৎসা আয়ুৰ্বেদত আছে।
হৰিদ্বাৰৰ পতঞ্জলি গৱেষণা প্ৰতিষ্ঠানে গৱেষণাৰ অন্তত দাবী কৰিছে যে আয়ুৰ্বেদিক ঔষধ দিব্য বি পি গ্ৰিট বটিয়ে উচ্চ ৰক্তচাপৰ সমস্যা সহজে নিয়ন্ত্ৰণ কৰিব পাৰে। এই ঔষধৰ সহায়ত ৰক্তচাপ নিয়ন্ত্ৰণত থকাৰ লগতে ৰক্তচাপৰ সমস্যাৰ পৰা মুক্তিও পাব পাৰে। এই গৱেষণাই দাবী কৰা মতে এই ঔষধে উচ্চ আৰু নিম্ন ৰক্তচাপ দুয়োটাৰে বাবে কাম কৰে। আয়ুৰ্বেদিক চিকিৎসকৰ তত্বাৱধানত নিৰ্দিষ্ট সময়ৰ বাবে নিয়মিতভাৱে এই ঔষধ সেৱন কৰিলে ৰক্তচাপৰ সমস্যা নিয়ন্ত্ৰণ কৰাৰ লগতে নিৰাময়ো কৰিব পাৰি।
গৱেষণাৰ অন্তত পতঞ্জলিৰ দিব্য ফাৰ্মাচীয়ে দিব্য বি পি গ্ৰিট বটি নামেৰে এই ঔষধ বজাৰত মুকলি কৰে। দাবী কৰা হৈছে যে এই ঔষধ কেৱল উচ্চ ৰক্তচাপৰ বাবেই নহয়, ভাগৰ আৰু মূৰ ঘূৰোৱাৰ সমস্যাও দূৰ কৰে। ইয়াৰ লগতে এই ঔষধে হৃদস্পন্দন উন্নত কৰাৰ লগতে স্নায়ু ৰোগ, ভয় আৰু অস্থিৰতাৰ বাবেও ফলপ্ৰসূ। বিশেষ কথাটো হ’ল এই ঔষধৰ কোনো পাৰ্শ্বক্ৰিয়া নাই। এনে পৰিস্থিতিত উচ্চ ৰক্তচাপৰ ৰোগীয়ে এই ঔষধ সহজে সেৱন কৰিব পাৰে।
অৰ্জুন, গোখৰু, ডালিম, নহৰু, ডালচেনি আদি দিব্য বি পি গ্ৰীট বটিত অন্তৰ্ভুক্ত কৰা হৈছে। এই আয়ুৰ্বেদিক বনৌষধিৰ নিৰ্ধাৰিত পৰিমাণ ঔষধত মিহলি কৰা হৈছে। উচ্চৰক্তচাপৰ সমস্যাত এই বনৌষধিসমূহ অত্যন্ত ফলপ্ৰসূ। এই বনৌষধিসমূহ সেৱন কৰিলে ৰক্তচাপৰ সমস্যা বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যায়। এই সকলোবোৰ ঔষধ এটা পদ্ধতি অনুসৰি নিৰ্ধাৰিত পৰিমাণত দিব্য বিপি গ্ৰীট বটিত মিশ্ৰণ কৰা হৈছে।
এজন বিশেষ ৰোগীয়ে কিমান পৰিমাণত এই ঔষধ খাব লাগে আৰু কিমান দিনলৈ খাব লাগে, সেয়া ৰোগীজনৰ স্বাস্থ্যৰ অৱস্থাই নিৰ্ণয় কৰে। অৱশ্যে ৰোগীৰ স্বাস্থ্যৰ অৱস্থা আয়ুৰ্বেদিক চিকিৎসকে ৰোগীক পৰীক্ষা কৰিহে নিৰ্ণয় কৰিব পাৰে। কিন্তু ৰক্তচাপৰ ৰোগীয়ে নিয়মিতভাৱে এই ঔষধৰ দুটা টেবলেট পুৱা খাব পাৰে বুলি দাবী কৰা হৈছে।