শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

শীতকালত প্ৰতিদিনে পালেং শাক খালে কি কি ৰোগ ভাল হয়? জানক…

Palak Benefits: পালেং শাকৰ বহু উপকাৰী গুণ আছে। শীতকালত অতি সহজে এই পালেং শাক পোৱা যায়। প্ৰতিদিনে এক সীমিত পৰিমাণত পালেং শাক খাব পাৰে। ই বহু ৰোগৰ বাবে ভাল।

শীতকালত প্ৰতিদিনে পালেং শাক খালে কি কি ৰোগ ভাল হয়? জানক…
পালেং শাকৰ উপকাৰImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 01 Jan 2026 15:57 PM

পালেং শাক শীতকালত চুপাৰফুড বুলি গণ্য কৰা হয়। কিয়নো পালেং শাক খালে বিভিন্ন ধৰণৰ ৰোগ ঠিক হয়। পালেং শাকত স্বাস্থ্যৰ বাবে উপকাৰী বিভিন্ন পুষ্টিকৰ উপাদান থাকে। স্বাস্থ্য বিশেষজ্ঞৰ মতে, পালেং শাকত ভিটামিন, মিনাৰেল, ফাইবাৰ, এন্টিঅক্সিডেন্ট থাকে। যদি পালেং সঠিক পৰিমাণত প্ৰতিদিনে খোৱা যায় তেন্তে স্বাস্থ্যই বিভিন্ন উপকাৰ লাভ কৰে। প্ৰতিদিনে এক সীমিত পৰিমাণত পালেং শাক খাব পাৰে। ই বহু ৰোগৰ বাবে ভাল।

কি কি ৰোগ ঠিক হয়?

ৰক্তহীনতাঃ পালেং শাকত আইৰন যথেষ্ঠ পৰিমাণে থাকে। গতিকে পালেং শাক খালে তেজৰ অভাৱ দূৰ হোৱাত সহায় হয়। পালেঙত থকা আইৰনে হিম’গ্লবিন গঠন কৰি শৰীৰৰ অক্সিজেন পৰিবহন বৃদ্ধি কৰে। অৱশ্যে ভালদৰে আইৰন পাবলৈ পালেং নেমু, বিলাহীৰ দৰে ভিটামিন চি থকা বস্তুৰ সৈতে খাব লাগে।

উচ্চ ৰক্তচাপঃ পালেং শাকত পটেছিয়াম আৰু নাইট্ৰেট প্ৰচুৰ পৰিমাণে থাকে। পালেং খালে ৰক্তচাপ নিয়ন্ত্ৰণত সহায়ক হয়। পটেছিয়ামে শৰীৰত ছডিয়ামৰ প্ৰভাৱ কম কৰি উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।

হৃদযন্ত্ৰঃ পালেং শাকত থকা নাইট্ৰেটে ৰক্তবাহী নলীবোৰ শিথিল কৰি হৃদযন্ত্ৰৰ চাপ কম কৰে। এনে অৱস্থাত পালেং শাক খালে হৃদযন্ত্ৰৰ সম্ভাৱনা কম হয়। যদি আপোনাৰ হৃদযন্ত্ৰৰ সমস্যা আছে তেন্তে পালেং শাক খাব পাৰে।

পাচনচন্ত্ৰঃ পালেং শাকত ফাইবাৰ প্ৰচুৰ পৰিমাণে থাকে। পালেং শাক খালে হজম প্ৰক্ৰিয়া ভাল হয়। ইয়াৰোপৰি ই কৌষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাত সহায় কৰে। দৈনিক পালেং খালে অন্ত্ৰৰ স্বাস্থ্য ভাল হয় আৰু পেট ভালে থাকে।

ব্লাড চুগাৰঃপালেঙত থকা মেগনেছিয়াম আৰু এন্টিঅক্সিডেন্টে ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰে। যাৰ ফলত ডায়েবেটিছ ৰোগীৰ বাবে পালেং শাক ভাল।  ই চুগাৰ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে।

আৰু কি কি

পালেং শাকত আৰু বহু পুষ্টিকৰ উপাদান থাকে। যাৰ ফলত পালেং শাক খালে চুলিৰ পৰা ছাললৈ, হাড়, চৰ্দি, সংক্ৰমণ, আৰু ঋতুভিত্তিক ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা বৃদ্ধি কৰে।

 

(স্পষ্টীকৰণঃ ওপৰোক্ত লেখাটোত কিছুমান সাধাৰণ দিশ উল্লেখ কৰা হৈছে। যদি আপোনাৰ কোনো শাৰীৰিক সমস্যা আছে তেন্তে যিকোনো বস্তু সেৱন কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।)

 

অন্য খবৰ পঢ়কঃ আৰ্থিক সংকট দূৰ আৰু সফলতা লাভৰ বাবে ঘৰলৈ আনক এইসমূহ সামগ্ৰী…