শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

হাড় আৰু গাঁঠিৰ বিষ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ লক্ষণ, জানক চিকিৎসকে কি কয়…

আপোনাৰ গাঁঠি আৰু হাড়ত প্ৰায়ে বিষ অনুভৱ কৰে নেকি? সকলো সময়তে ই সাধাৰণ নহ'ব পাৰে। ইয়াৰ আঁৰত থাকিব পাৰে কাৰণ, ই কোনো বেমাৰৰ লক্ষণো হ'ব পাৰে।

হাড় আৰু গাঁঠিৰ বিষ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ লক্ষণ, জানক চিকিৎসকে কি কয়…
হাড় আৰু গাঁঠিৰ বিষImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 04 Jun 2025 15:24 PM

বিভিন্ন সময়ত মানুহৰ শৰীৰত বিভিন্ন ৰোগে দেখা দিয়ে। কেতিয়াবা কোনোৱে শৰীৰৰ কোনো কোনো অংশত মৃদু বিষ অনুভৱ কৰে। এনে কিছুমান হাড় আৰু গাঁঠিৰ বিষ স্থায়ী হৈ ৰোৱা দেখা যায়। গতিকে এই বিষসমূহ আওকান কৰাতো বিপদজনক হ’ব পাৰে। সকলো সময়তে এই বিষ বয়স বা ভাগৰৰ বাবে নহয়, কেতিয়াবা ই কোনো ৰোগৰ লক্ষণো হ’ব পাৰে। এই ধৰণৰ বিষৰ আঁৰৰ কাৰণ কি হ’ব পাৰে, ই কোনবোৰ ৰোগৰ ইংগিত হ’ব পাৰে এই সকলোবোৰ এই লেখাটোত উল্লেখ কৰা হ’ল।

যদি আপুনি আঁঠু, কঁকাল, পিঠি, কান্ধ বা হাত-ভৰিৰ গাঁঠিত সঘনাই বিষ অনুভৱ কৰে বা খোজ কঢ়া বা চিৰি বগাবলৈ অসুবিধা হয়, তেন্তে এইটো স্বাভাৱিক বিষ নহয়। এই সন্দৰ্ভত সৰ্বোদয় চিকিৎসালয়ৰ অৰ্থপেডিক বিভাগৰ ডাঃ আঞ্চল উপ্পলে কিছুমান প্ৰয়োজনীয় তথ্য প্ৰকাশ কৰিছে। তেওঁ কয় যে, অনবৰতে হাড় আৰু গাঁঠিত বিষ হয়, তেন্তে ই বহু সমস্যাৰ লক্ষণ হ’ব পাৰে। ইয়াৰ বাবে প্ৰথমে শৰীৰৰ ভিটামিন বি ১২ আৰু ডিৰ মাত্ৰা পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ।

চিকিৎসকগৰাকীয়ে কয় যে, এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লৈ স্বাস্থ্য পৰীক্ষা কৰোৱা দৰকাৰ। যদি পৰীক্ষাৰ ৰিপোৰ্ট স্বাভাৱিক হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ মতে আন কেইবাটাও তেজৰ পৰীক্ষা যেনে আৰ এ ফেক্টৰ আৰু অন্যান্য তেজৰ পৰীক্ষা কৰিব লাগিব। প্ৰয়োজন হ’লে চিটি স্কেন বা এম আৰ আইও কৰিব লাগে। আপোনাৰ লক্ষণ আৰু ৰোগৰ ওপৰত ভিত্তি কৰি চিকিৎসকে এই সকলোবোৰ সিদ্ধান্ত ল’ব।

এই বিষ কি ৰোগৰ লক্ষণ হ’ব পাৰে সেই সন্দৰ্ভত চিকিৎসকগৰাকীয়ে উল্লেখ কৰা প্ৰয়োজনীয় তথ্য তলত উল্লেখ কৰা হ’ল।

আৰথ্ৰাইটিছ

আৰথ্ৰাইটিছ গাঁঠিৰ আৰু হাড়ৰ লগত জড়িত এক সাধাৰণ ৰোগ। ইয়াৰ ভিতৰত অষ্টিঅ’আৰ্থাইটিছ (বৃদ্ধসকলৰ ক্ষেত্ৰত সাধাৰণ), ৰুমেটাইড আৰ্থইটিছ (ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সৈতে জড়িত ৰোগ) আদি। ইয়াৰ ফলত পুৱা সাৰ পোৱাৰ পাছতে গাঁঠিৰ বিষ হ’ব পাৰে।

ষ্টিঅ’পৰ’ছিছ

এই ৰোগত হাড়বোৰ দুৰ্বল হৈ সহজে ভাঙিবলৈ আৰম্ভ কৰে। বিশেষকৈ ৪০ বছৰ বয়সৰ পিছত মহিলাৰ ক্ষেত্ৰত এই ৰোগ বেছিকৈ দেখা যায়।কঁকাল বা পিঠিত অহৰহ বিষ হোৱাটো ইয়াৰ লক্ষণ হ’ব পাৰে।

লুপাছ

এইটো এটা অটোইম্যুন ৰোগ, য’ত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই নিজৰ সুস্থ কোষবোৰক আক্ৰমণ কৰে। গাঁঠিৰ উপৰিও ছাল, বৃক্ক আৰু হৃদযন্ত্ৰৰো প্ৰভাৱ পৰিব পাৰে।

ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি

যদি হঠাতে ভৰিৰ আঙুলি, ভৰিৰ গোৰোহা বা আঁঠুত তীব্ৰ বিষ বা ফুলা হয়, তেন্তে ই ইউৰিক এচিড বৃদ্ধিৰ লক্ষণ হ’ব পাৰে। এয়াও গাঁঠিৰ ভয়াৱহ ৰোগ।

কি কৰিব

চিকিৎসকগৰাকীয়ে কয় যে, যদি এই বিষসমূহ তিনি সপ্তাহৰ অধিক দিন থাকে তেন্তে চিকিৎসকৰ ওচৰলৈ যোৱা দৰকাৰ। ইয়াৰোপৰি মানুহে খাদ্যৰ লগতে জীৱনশৈলী পৰিবৰ্তন কৰা দৰকাৰ। খাদ্যত ভিটামিন ডি, কেলছিয়াম, অমেহা ৩ ফেটি এচিড আদি অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াৰোপৰি সদায় যোগাসন কৰা ভাল।

 

অন্য খবৰ পঢ়কঃ পেটৰ ভিতৰত ঘাঁ হ’লে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা…