শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

প্ৰতিদিনে গজালি ওলোৱা মগু খোৱা ভাল নে বেয়া? জানক বিশেষজ্ঞৰ পৰা…

Moong Daal Benefits: বহুতে মগু খায়। কিছুমানে পুৱা গজালি ওলোৱা মগু খায়। ইয়াত বিভিন্ন প্ৰকাৰৰ পুষ্টিকৰ উপাদান থাকে। পিছে প্ৰশ্ন হয়, প্ৰতিদিনে গজালি ওলোৱা মগু খোৱা ভাল নে বেয়া?

প্ৰতিদিনে গজালি ওলোৱা মগু খোৱা ভাল নে বেয়া? জানক বিশেষজ্ঞৰ পৰা…
মগুImage Credit source: GettyImages
Barasha Sarma
Barasha Sarma | Published: 28 Jan 2026 23:00 PM

গজালি ওলোৱা মগুক চুপাৰফুড বুলি কোৱা হয়, কাৰণ ইয়াত বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদান থাকে। ইয়াক বিভিন্ন প্ৰকাৰে খোৱা হয়। আজিৰ সময়ত বেছিভাগ মানুহে গজালি ওলোৱা মগু খায়। ইয়াৰ কাৰণ সামাজিক মাধ্যমত। বিভিন্ন ৰীল, ভিডিঅ’ত দাবী কৰা হয় যে গজালি ওলোৱা মগু ওজন হ্ৰাস, ডায়েবেটিছ নিয়ন্ত্ৰণ আদিৰ বাবে ভাল। পিছে প্ৰশ্ন হয়, দৈনিক গজালি ওলোৱা মগু খোৱা শৰীৰৰ বাবে ভাল নে বেয়া?

কি কি থাকে

মগু প্ৰ’টিন সমৃদ্ধ উৎস। ই পেশী, কোষ আৰু শৰীৰৰ বৃদ্ধিৰ বাবে আৱশ্যক। মগুত কাৰ্বহাইড্ৰেট, ফাইবাৰ, স্বাস্থ্যকৰ চৰ্বি, ভিটামিন বি ১, বি ২, বি ৩, আৰু বি ৯ (ফলেট) থাকে। খনিজ পদাৰ্থৰ ভিতৰত আইৰণ, কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম আদি থাকে। ইয়াৰোপৰি পৰ্যাপ্ত পৰিমাণে এন্টিঅক্সিডেন্ট থাকে।

গজালি ওলোৱা মগু

এই সন্দৰ্ভত সবিশেষ জনাই জ্যেষ্ঠ খাদ্য বিশেষজ্ঞ গীতিকা চোপ্ৰাই।  তেওঁৰ মতে, গজালি ওলোৱা মগু শৰীৰৰ বাবে ভাল। কিন্তু যিসকলৰ ইউৰিক এচিডৰ সমস্যা আছে সেইসকলে বেছি প্ৰ’টিনযুক্ত খাদ্য খাব নালাগে। এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ। ইয়াৰোপৰি প্ৰ’টিনৰ বাবে পানীৰ, টোফু,কণী, মাংস, মাছ আদিও খাব পাৰে।

তেওঁ কয় যে, চিকিৎসাজনিত সমস্যা নথকাসকলে প্ৰতিদিনে গজালি ওলোৱা মগু পৰ্যাপ্ত পৰিমাণে খাব পাৰে। কিন্তু কাৰোবাৰ যদি এচিডিটি বা গেছৰ সমস্যা আছে তেনে লোকে মগুখিনি উতলাই ল’ব লাগে। বিশেষজ্ঞৰ মতে দৈনিক ১০০ গ্ৰাম গজালি  ওলোৱা মগু খোৱা ভাল, কিন্তু ইয়াক অন্যান্য উপাদানৰ সৈতে মিহলাই লোৱা উচিত। ভিটামিন চিয়ে প্ৰটিন শোষণ উন্নত কৰে, গতিকে নেমু,তিয়হ আদি মিহলাই খাব লাগে।

কেতিয়া খাব লাগে

ধৰ্মশিলা নাৰায়ণ চিকিৎসালয়ৰ জ্যেষ্ঠ খাদ্য বিশেষজ্ঞ পয়াল শৰ্মাই কয় যে, খাদ্যৰ তালিকাত গজালি ওলোৱা মগু অন্তৰ্ভুক্ত কৰিলে কিছুমান দিশৰ ওপৰত গুৰুত্ব দিব লাগে। পুৱা গজালি ওলোৱা মগু খোৱা ভাল। এই সময়ত শৰীৰৰ বিপাকীয় ক্ৰিয়া ক্ষীপ্ৰ হয়। ইউৰিক এচিডৰ সমস্যা থাকিলে খাব নালাগে। প্ৰটিনৰ পৰিমাণ বৃদ্ধি হলে হাড় আৰু গাঁঠিৰ বিষ আৰু বেছি বেয়া হ’ব পাৰে।

 

অন্য খবৰ পঢ়কঃ নিশা চুলি মেলি নে বান্ধি শোৱে? এই ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰাৰ সমস্যা…