শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ওজন হ্ৰাসত মহৌষধিৰ দৰে কাম কৰে এই তিনি যোগাসনে, বাবা ৰামদেৱে দিছে বিধান

বাবা ৰামদেৱেও "যোগ: ইয়াৰ দৰ্শন আৰু অনুশীলন" শীৰ্ষক গ্ৰন্থখনত যোগাসন কৰাৰ পদ্ধতি, ইয়াৰ উপকাৰিতা আৰু শৰীৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে এই গ্ৰন্থখনত বিস্তৃতভাৱে বাখ্যা আগবঢ়োৱা হৈছে। ওজন কমোৱাৰ ক্ষেত্ৰত কোনবোৰ যোগাসন ফলপ্ৰসূ আৰু এই আসনসমূহ কিদৰে কৰিব লাগে সেই সম্পৰ্কে বাবা ৰামদেৱৰ পৰা জানো আহক।

ওজন হ্ৰাসত মহৌষধিৰ দৰে কাম কৰে এই তিনি যোগাসনে, বাবা ৰামদেৱে দিছে বিধান
ওজন হ্ৰাসৰ বাবে বাবা ৰামদেৱে দিছে বিধান
monjit-dutta
Monjit Dutta | Updated On: 01 Oct 2025 13:16 PM

সাম্প্ৰতিক সময়ত ওজন বৃদ্ধিৰ সমস্যা অতি সাধাৰণ সমস্যা হৈ পৰিছে অস্বাস্থ্যকৰ খাদ্যাভ্যাস তথা জীৱনশৈলীৰ ফলত বহু লোকেই এতিয়া ওজন বৃদ্ধিৰ সমস্যাৰ চিকাৰ হৈছে এবাৰ ওজন বৃদ্ধি পোৱাৰ পিছত ওজন হ্ৰাসৰ বাবে যথেষ্ট চেষ্টা কৰিবলগা হয় ইয়াৰ বাবে বহু পদ্ধতিৰ আশ্ৰয় লয় যদিও প্ৰায়ে এই প্ৰচেষ্টাত আকাংক্ষিত ফল লাভত বিফল বলগা হয় ওজন বৃদ্ধিয়ে ক্ৰমশঃ মেদবহুলতাৰ ৰূপ পাৰে ইয়াৰ ফলত শৰীৰৰ আকৃতিগত সমস্যাহে যে এনে নহয়, বহু ৰোগেও দেহত থিতাপি লয়।

ওজন হ্ৰাসৰ ক্ষেত্ৰত যোগাসন এক ফলপ্ৰসূ উপায়। পতঞ্জলিৰ প্ৰতিষ্ঠাপক যোগগুৰু বাবা ৰামদেৱে যোগ সন্দৰ্ভত বিশ্বজুৰি সজাগতাৰ সৃষ্টি কৰি আহিছে। তেওঁৰ মতে যোগ আৰু আয়ুৰ্বেদৰ সহায়ত মেদবহুলতাৰ লগতে শৰীৰৰ আন বহুতো ৰোগৰ পৰা সকাহ পাব পাৰি। এই বিষয়ত বাবা ৰামদেৱেও “যোগ: ইয়াৰ দৰ্শন আৰু অনুশীলন” শীৰ্ষক এখন গ্ৰন্থ লিখিছে।

এই গ্ৰন্থখনত বাবা ৰামদেৱে কেইবাটাও যোগাসনৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰিছে। যোগাসন কৰাৰ পদ্ধতি, ইয়াৰ উপকাৰিতা আৰু শৰীৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে এই গ্ৰন্থখনত বিস্তৃতভাৱে বাখ্যা আগবঢ়োৱা হৈছে ওজন কমোৱাৰ ক্ষেত্ৰত কোনবোৰ যোগাসন ফলপ্ৰসূ আৰু এই আসনসমূহ কিদৰে কৰিব লাগে সেই সম্পৰ্কে বাবা ৰামদেৱৰ পৰা জানো আহক

দ্বিচক্ৰিকাৰণ আসন

ওজন হ্ৰাসৰ বাবে দ্বিচক্ৰিকাৰণ আসনক অত্যন্ত ফলপ্ৰসূ হিচাপে গণ্য কৰা হয়। দৈনিক ৫ৰ পৰা ১০ মিনিট এই আসন অনুশীলন কৰিলে অতিৰিক্ত ওজন কমোৱাত সহায়ক হ’ব পাৰে। ই পেটৰ চৰ্বি হ্ৰাস কৰে, অন্ত্ৰ সক্ৰিয় কৰে, আৰু এচিডিটি হ্ৰাস কৰে।

Dwichakrika

দ্বিচক্ৰিকাৰণ আসন

কেনেকৈ কৰিবঃ প্ৰথমে হাত দুখন নিতম্বৰ ওচৰত ৰাখি মজিয়াত শুই লব লাগে। এতিয়া, এখন ভৰি তুলি চাইকেল চলোৱাৰ দৰে ঘূৰাওক। ২০-২৫ মিনিট এনেদৰে কৰক। আনখন ভৰিৰে এইদৰেই পুনৰাবৃত্তি কৰক। মাটি স্পৰ্শ নকৰাকৈ ভৰি দুখন ঘূৰাই থাকিব। ভাগৰুৱা হ’লে শৱাসন অভ্যাস কৰি জিৰণি লওক।

পদবৃতাসন

ওজন কমোৱাত এই আসনো অত্যন্ত উপকাৰী হিচাপে গণ্য কৰা হয়। এই আসনে নিতম্ব, উৰু, কঁকালৰ চাৰিওফালে থকা চৰ্বি কমোৱাত সহায় কৰে, লগতে পেটৰ অতিৰিক্ত চৰ্বি হ্ৰাস কৰে। দৈনিক পদবৃত্তাসন কৰিলে দ্ৰুত ফলাফল পোৱা যাব।

Padavrittasana

পদবৃতাসন

কেনেকৈ কৰিবঃ মজিয়াত শুই সোঁ ভৰিখন ওপৰলৈ তুলি ঘড়ীৰ কাঁটাৰ দিশত ঘূৰাই দিব। ভৰিখন মজিয়া স্পৰ্শ নকৰাকৈ ৫ৰ পৰা ১০ বাৰ ঘূৰাই দিব। এতিয়া ভৰিখন বিপৰীত দিশত ঘূৰাই দিয়ক। আনখন ভৰিৰ ক্ষেত্ৰতো একেদৰেই কৰক। কিছু সময় জিৰণি লোৱাৰ পিছত দুয়োখন ভৰি একেলগে ঘূৰাই দিব।

অৰ্ধ হলাসন

বাবা ৰামদেৱৰ মতে, অৰ্ধ হলাসনেও ওজন কমোৱাত সহায় কৰে। চৰ্বি কমোৱাৰ বাবে এই আসন বিশেষভাৱে উপকাৰী। দিনটোত ৫ৰ পৰা ১০ মিনিট সময় এই আসন কৰিলেও অতি সোনকালে ওজন কমোৱাত সহায়ক হ’ব।

Ardha Halasana

অৰ্ধ হলাসন

কেনেকৈ কৰিবঃ এই আসন কৰিবলৈ প্ৰথমে মজিয়াত শুই লব। দুয়োখন হাতৰ তলুৱা মজিয়াত ৰাখক। এতিয়া লাহে লাহে দুয়োখন ভৰি ৯০ ডিগ্ৰীলৈ ওপৰলৈ তুলিব। এই ভংগীমাটো ১০ৰ পৰা ১৫ ছেকেণ্ড ধৰি ৰাখিব।

এই যোগাসনসমূহক আপোনাৰ দৈনন্দিন জীৱনৰ অংশ কৰি লোৱা উচিত ইয়াৰ দ্বাৰা আপুনি দেহৰ ওজন নিয়ন্ত্ৰণ কৰিব পাৰে আৰু অতিৰিক্ত চৰ্বি হ্ৰাস কৰিব পাৰে। লগতে ইয়াৰ জৰিয়তে আপোনাৰ সামগ্ৰিক স্বাস্থ্যও ভালে থাকিব